--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই৷ ইতিমধ্যে চন্দ্ৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ পৃথিৱীৰ পৰা গৈ মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠত ভৰি দিছে৷ কিন্তু ইমানৰ পিছতো চন্দ্ৰকলৈ বহু তথ্য আজিও অজানা হৈয়েই আছে৷ চন্দ্ৰৰ এটা ফালহে  পৃথিৱীৰ পৰা দেখা যায়৷ বাকী নেদেখা ফালটো ঢাকি আছে এন্ধাৰে৷ সেই নেদেখা ফালটোৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে এতিয়া সক্ৰিয়  হৈ পৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷ 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগ (ডি.ও.ই.) আৰু নাছাৰ বিজ্ঞানীৰ এটা দলে এটা নতুন ৰেডিঅ' টেলিস্কোপ বিকশিত কৰি আছে ৷ এই টেলিস্কোপটো  চন্দ্ৰৰনেদেখা ফালটোত  স্থাপন কৰা হ'ব ৷ টেলিস্কোপটোৱে  বিশ্বব্ৰহ্মাণ্ডৰ বহু নজনা কথাৰ  অন্বেষণত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে৷ লুনাৰ চাৰ্ফেচ ইলেক্ট্ৰমেগনেটিকচ এক্সপেৰিমেণ্ট-নাইট (লুএছইই-নাইট) নামৰ টেলিস্কোপটোৰ উদ্দেশ্য হৈছে বিশ্বতত্ত্ববিদসকলক বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান ৰহস্যৰ উত্তৰ উন্মোচন কৰাত সহায় কৰা৷ তাৰ ভিতৰত  বিশ্বব্ৰহ্মাণ্ডৰ ,ৃষ্টি ৰহস্যৰ কথাবোৰো জড়িত হৈ থাকিব।

 অন্ধকাৰ যুগ হৈছে বিগ বেঙৰ প্ৰায় ৩৮০,০০০ বছৰ পিছত আৰম্ভ হোৱা বিশ্বতাত্ত্বিক ইতিহাসৰ এক প্ৰাৰম্ভিক যুগ৷ সেই যুগত  কোনো তৰা বা গ্ৰহ নাছিল। চন্দ্ৰদূৰৰ নেদেখা ফালটোত পৃথিৱীৰ জোখেৰে  ১৪ দিনৰ বাবে সম্পূৰ্ণ আন্ধাৰত থাকে  আছে আৰু তাৰ পিছত ১৪ দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত হৈ থাকে। ফলত সেই ফালটোত  তাপমাত্ৰা ২৫০ ৰ পৰা ২৮০  ডিগ্ৰী ফাৰেনহাইটৰ মাজত উঠা-নমা হয় । 

ডিঅ'ইৰ ব্ৰুকহেভেন নেচনেল লেবৰেটৰী আৰু লুএছইই-নাইট প্ৰজেক্ট ইনষ্ট্ৰুমেণ্ট চাইণ্টিষ্টৰ জ্যেষ্ঠ বিজ্ঞানী পল অ'কনৰে কয় " মঙ্গলগ্ৰহৰ তুলনাত চন্দ্ৰত উপস্থিত হোৱাটো সহজ, কিন্তু বাকী সকলোবোৰ কথা অধিক প্ৰত্যাহ্বানজনক,"। চন্দ্ৰত  এক ভেকুৱাম পৰিৱেশে বিৰাজ কৰি আছে ,  ফলত তাপ আঁতৰ কৰা কঠিন হৈ পৰে, ," তেওঁ লগতে কয়। নাছাৰ টেলিস্কোপটোৱে ৰেডিঅ' টিউনাৰৰ দৰে ৰেডিঅ' ফ্ৰিকুৱেন্সি পৃথক কৰিব পাৰিব আৰু ই সংকেতবোৰ স্পেক্ট্ৰালৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু