--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চন্দ্ৰকলৈ মানুহৰ কৌতূহলৰ অন্ত নাই৷ ইতিমধ্যে চন্দ্ৰৰ ৰহস্য উদ্ঘাটন কৰিবলৈ পৃথিৱীৰ পৰা গৈ মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠত ভৰি দিছে৷ কিন্তু ইমানৰ পিছতো চন্দ্ৰকলৈ বহু তথ্য আজিও অজানা হৈয়েই আছে৷ চন্দ্ৰৰ এটা ফালহে  পৃথিৱীৰ পৰা দেখা যায়৷ বাকী নেদেখা ফালটো ঢাকি আছে এন্ধাৰে৷ সেই নেদেখা ফালটোৰ ৰহস্য উদ্ঘাটন কৰিবৰ বাবে এতিয়া সক্ৰিয়  হৈ পৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷ 

 আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগ (ডি.ও.ই.) আৰু নাছাৰ বিজ্ঞানীৰ এটা দলে এটা নতুন ৰেডিঅ' টেলিস্কোপ বিকশিত কৰি আছে ৷ এই টেলিস্কোপটো  চন্দ্ৰৰনেদেখা ফালটোত  স্থাপন কৰা হ'ব ৷ টেলিস্কোপটোৱে  বিশ্বব্ৰহ্মাণ্ডৰ বহু নজনা কথাৰ  অন্বেষণত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে৷ লুনাৰ চাৰ্ফেচ ইলেক্ট্ৰমেগনেটিকচ এক্সপেৰিমেণ্ট-নাইট (লুএছইই-নাইট) নামৰ টেলিস্কোপটোৰ উদ্দেশ্য হৈছে বিশ্বতত্ত্ববিদসকলক বিশ্বব্ৰহ্মাণ্ডৰ কিছুমান ৰহস্যৰ উত্তৰ উন্মোচন কৰাত সহায় কৰা৷ তাৰ ভিতৰত  বিশ্বব্ৰহ্মাণ্ডৰ ,ৃষ্টি ৰহস্যৰ কথাবোৰো জড়িত হৈ থাকিব।

 অন্ধকাৰ যুগ হৈছে বিগ বেঙৰ প্ৰায় ৩৮০,০০০ বছৰ পিছত আৰম্ভ হোৱা বিশ্বতাত্ত্বিক ইতিহাসৰ এক প্ৰাৰম্ভিক যুগ৷ সেই যুগত  কোনো তৰা বা গ্ৰহ নাছিল। চন্দ্ৰদূৰৰ নেদেখা ফালটোত পৃথিৱীৰ জোখেৰে  ১৪ দিনৰ বাবে সম্পূৰ্ণ আন্ধাৰত থাকে  আছে আৰু তাৰ পিছত ১৪ দিনৰ সূৰ্যৰ পোহৰেৰে আলোকিত হৈ থাকে। ফলত সেই ফালটোত  তাপমাত্ৰা ২৫০ ৰ পৰা ২৮০  ডিগ্ৰী ফাৰেনহাইটৰ মাজত উঠা-নমা হয় । 

ডিঅ'ইৰ ব্ৰুকহেভেন নেচনেল লেবৰেটৰী আৰু লুএছইই-নাইট প্ৰজেক্ট ইনষ্ট্ৰুমেণ্ট চাইণ্টিষ্টৰ জ্যেষ্ঠ বিজ্ঞানী পল অ'কনৰে কয় " মঙ্গলগ্ৰহৰ তুলনাত চন্দ্ৰত উপস্থিত হোৱাটো সহজ, কিন্তু বাকী সকলোবোৰ কথা অধিক প্ৰত্যাহ্বানজনক,"। চন্দ্ৰত  এক ভেকুৱাম পৰিৱেশে বিৰাজ কৰি আছে ,  ফলত তাপ আঁতৰ কৰা কঠিন হৈ পৰে, ," তেওঁ লগতে কয়। নাছাৰ টেলিস্কোপটোৱে ৰেডিঅ' টিউনাৰৰ দৰে ৰেডিঅ' ফ্ৰিকুৱেন্সি পৃথক কৰিব পাৰিব আৰু ই সংকেতবোৰ স্পেক্ট্ৰালৈ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ’ব৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক