--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেৱালীৰ পূৰ্বে ভাৰতৰ মহাকাশ অন্বেষণত   নজিৰ সৃষ্টি কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। ইছৰোৰ আটাইতকৈ গধুৰ ৰকেটটোৰে একে সময়তে ৩৬ টা উপগ্ৰহ  মহাকাশলৈ প্ৰেৰণ কৰা হ’ল। এই উপগ্ৰহৰ মুঠ ওজন প্ৰায় ৬,০০০ টন। 

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ইছৰোৰ ৰকেটেৰে উপগ্ৰহ কেইটা মহাকাশলৈ প্ৰেৰণ কৰা হয়।ইছৰোৰ সহযোগী ৱানৱে বৰ অধ্যক্ষ সুনীল ভাৰতী মিট্টালে কয়, "ৱানৱেবেই ছয়টা ৰকেট উৎক্ষেপণ কৰিব বিচাৰিছিল। কিন্তু ৰাছিয়া - ইউক্ৰেইনৰ যুদ্ধৰ  বাবে অভিযানটো  পিছুৱাই দিয়া হৈছিল। 

সেই সময়তে সহায় ভাৰত আগবাঢ়ি আহিছিল। ইয়াৰ ফলস্বৰূপে, ইছৰোৰ) ৰকেটটোৱে মহাকাশলৈ ৩৬ টা  উপগ্ৰহ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।"(ইছৰো)ই সংস্থাটোৰ  আটাইতকৈ ডাঙৰ ৰকেট এলভিএম৩-এম২ ত ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন ২১ অক্টোবৰৰ পৰা  অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচপোৰ্টত আৰম্ভ হৈছিল।

এই  অভিযান  নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে। ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে  ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে।  

ব্ৰিটেইনৰ নেটৱৰ্ক এক্সেছ এছ'চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ ফলতে অভিযান সফল হৈ উঠিছে।  ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা মতে উপগ্ৰহ কেইটাই  পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত অৱস্থান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক