--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পুনৰ অতিহাস সৃষ্টি কৰিবলৈ ওলাইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। মহাকাশ গৱেষণা সংস্থাটোৱে  ৩৬ টা ব্ৰডবেণ্ড উপগ্ৰহৰ প্ৰথম বাণিজ্যিক উৎক্ষেপণৰ বাবে সাজু হৈছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই সংস্থাটোৰ  আটাইতকৈ ডাঙৰ ৰকেট এলভিএম৩-এম২ ত ৩৬ টা ব্ৰডবেণ্ড যোগাযোগ উপগ্ৰহ উৎক্ষেপণৰ কাউন্টডাউন ২১ অক্টোবৰৰ পৰা  অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা স্পেচপোৰ্টত আৰম্ভ কৰিছিল। 

এলভিএম৩-এম২ অভিযান টো বিশেষভাৱে নিউস্পেচ ইণ্ডিয়া লিমিটেড (এনএছআইএল)ৰ অধীনত কৰা হৈছে। ই হৈছে প্ৰথম মাল্টি-চেটেলাইট মিছন, যি এলভিএম৩ (৫,৭৯৬ কিগ্ৰা)ৰ জৰিয়তে  ৩৬ টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ দিহা কৰিছে। 

এই উপগ্ৰহ কেইটাই যোগাযোগ নেটৱৰ্ক তথা ইণ্টাৰনেট সেৱা শক্তিশালী কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰা হৈছে।  এই উপগ্ৰহই বাণিজ্যৰ বিস্তাৰতো সহায় কৰিব। ইছৰোৰ মতে ব্ৰিটেইনস্থিত কোম্পানী নেটৱৰ্ক এক্সেছ এছ'চিয়েটছ লিমিটেড আৰু নিউস্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা ব্যৱসায়িক চুক্তিৰ অংশ হিচাপে এই অভিযানটো সম্পন্ন কৰা হ’ব। 

উপগ্ৰহসমূহ পৃথিৱীৰ পৰা ১,২০০ কিমি ওপৰত স্থাপন কৰা হ’ব। উল্লেখ্য ইছৰোৰ  জিএছএলভি-এমকে-৩ৰ  পূৰ্বৰ চাৰিটা অভিযান সফল হৈছিল, যাৰ ভিতৰত আছিল চন্দ্ৰযান-২ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement