--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন  ইডেন গাৰ্ডেনত এটা সময়ত সংঘটিত শোকাৱহ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল। ষ্টেডিয়ামৰ ভিতৰতে দুই দলৰ সমৰ্থকৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষত নিহত হ'ল ১২৭ জনকৈ লোকৰ। আহত হৈছে শতাধিক লোক। নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। শোকাৱহ ঘটনাটো ঘটিছে  ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ ফুটবল লীগত দুটা ক্লাব  ক্ৰমে আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াৰ মাজত খেল হৈছিল। আৰেমা ২-৩ গলৰ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পিছতে দুয়োটা দলৰ সমৰ্থকসকল লিপ্ত হয় সংঘৰ্ষত । খেলখনৰ পিছত দুয়োটা দলৰ সমৰ্থকৰ মাজত সংঘটিত সংঘৰ্ষত এতিয়ালৈকে ১২৭ জন লোক নিহত হৈছে।

শনিবাৰে ইণ্ডোনেছিয়াৰ ফুটবল লীগত দুটা ক্লাব আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াৰ মাজত  খেল অনুষ্ঠিত হৈছিল। পূব জাভাৰ মালাং ৰিজেন্সিত অনুষ্ঠিত এই খেলখনত আৰেমা ২-৩ ব্যৱধানত পৰাজিত হয়।  একাংশ সমৰ্থকে আৰক্ষীৰ  গাড়ীতো অগ্নি সংযোগ কৰে।

এই ঘটনাটোৱে  বহুতকে  ১৯৮০ চনৰ ১৬ আগষ্টত কলকাতাৰ ইডেন গাৰ্ডেনত সংঘটিত  ঘটনাৰ কথা মনত পেলাই দিছে।বিয়াল্লিশ বছৰ পূৰ্বে দুটা দলৰ মাজত হোৱা ফুটবল খেলত পূব বংগ আৰু মোহন বাগানৰ সমৰ্থকৰ মাজত সংঘৰ্ষত ১৬ জন লোক নিহত হৈছিল।

মালাং ৰিজেন্সি স্বাস্থ্য কাৰ্যালয়ৰ মুৰব্বী ৱিয়াণ্টো ৱিজোৱে কয় যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বহুলোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহতসকলৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছে বুলি জানিব পৰা গৈছে।

এগৰাকী আৰক্ষী বিষয়াই ঘটনাটো সন্দৰ্ভত কয় "মৃত্যু হোৱা সকলৰ বেছিভাগেই পদপিষ্ট আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লৈছে," ।  খেলত আৰেমা পৰাজিত হোৱাৰ লগে লগে তেওঁলোকৰ সমৰ্থকসকলে খেলপথাৰলৈ দৌৰি সোমাই যায়। তেতিয়াই সমস্যা আৰম্ভ হয়। পাৰ্চিবায়াৰ ফুটবল খেলুৱৈসকলে লগে লগে কোনো সময় নষ্ট নকৰাকৈ খেলপথাৰ এৰি ড্ৰেছিং ৰুমলৈ যায়। কিন্তু আৰেমাৰ কেইবাজনো ফুটবলাৰে খেলপথাৰ এৰিব নোৱাৰিলে। 

তেওঁলোকক একাংশ লোকে আক্ৰমণ কৰে।  আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। কাঞ্জুৰুহান ষ্টেডিয়ামৰ জনবহুল গেলেৰীত আতংক বিয়পি পৰিছিল। ষ্টেডিয়ামৰ পৰা ওলাই যাবলৈ বহুতে দৌৰা  দৌৰি কৰাত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু ঘটে।  

এই ঘটনাৰ পিছতে এসপ্তাহৰ বাবে ইণ্ডোনেচিয়ান ফুটবল লীগ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পিটি লিগা ইণ্ডোনেছিয়া বাৰৰ সভাপতি আৰু সঞ্চালক আখমাদ হাদিয়ান লুকিতাই কয়: "এই ঘটনাত আমি হতবাক আৰু চিন্তিত। মৃতকৰ পৰিয়াললৈ আমাৰ সমবেদনা জনাইছো। মই আশা কৰোঁ আমি সকলোৱে এই ঘটনাটোৰ পৰা ভৱিষ্যতে শিক্ষা গ্ৰহণ কৰিব পাৰিম।''
ইণ্ডোনেছিয়াৰ ফুটবল নিয়ন্ত্ৰক সংস্থা পিএছএছআইয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement