--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন  ইডেন গাৰ্ডেনত এটা সময়ত সংঘটিত শোকাৱহ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল। ষ্টেডিয়ামৰ ভিতৰতে দুই দলৰ সমৰ্থকৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষত নিহত হ'ল ১২৭ জনকৈ লোকৰ। আহত হৈছে শতাধিক লোক। নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। শোকাৱহ ঘটনাটো ঘটিছে  ইণ্ডোনেছিয়াত। ইণ্ডোনেছিয়াৰ ফুটবল লীগত দুটা ক্লাব  ক্ৰমে আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াৰ মাজত খেল হৈছিল। আৰেমা ২-৩ গলৰ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পিছতে দুয়োটা দলৰ সমৰ্থকসকল লিপ্ত হয় সংঘৰ্ষত । খেলখনৰ পিছত দুয়োটা দলৰ সমৰ্থকৰ মাজত সংঘটিত সংঘৰ্ষত এতিয়ালৈকে ১২৭ জন লোক নিহত হৈছে।

শনিবাৰে ইণ্ডোনেছিয়াৰ ফুটবল লীগত দুটা ক্লাব আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াৰ মাজত  খেল অনুষ্ঠিত হৈছিল। পূব জাভাৰ মালাং ৰিজেন্সিত অনুষ্ঠিত এই খেলখনত আৰেমা ২-৩ ব্যৱধানত পৰাজিত হয়।  একাংশ সমৰ্থকে আৰক্ষীৰ  গাড়ীতো অগ্নি সংযোগ কৰে।

এই ঘটনাটোৱে  বহুতকে  ১৯৮০ চনৰ ১৬ আগষ্টত কলকাতাৰ ইডেন গাৰ্ডেনত সংঘটিত  ঘটনাৰ কথা মনত পেলাই দিছে।বিয়াল্লিশ বছৰ পূৰ্বে দুটা দলৰ মাজত হোৱা ফুটবল খেলত পূব বংগ আৰু মোহন বাগানৰ সমৰ্থকৰ মাজত সংঘৰ্ষত ১৬ জন লোক নিহত হৈছিল।

মালাং ৰিজেন্সি স্বাস্থ্য কাৰ্যালয়ৰ মুৰব্বী ৱিয়াণ্টো ৱিজোৱে কয় যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বহুলোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিহতসকলৰ ভিতৰত দুজন আৰক্ষী বিষয়াও আছে বুলি জানিব পৰা গৈছে।

এগৰাকী আৰক্ষী বিষয়াই ঘটনাটো সন্দৰ্ভত কয় "মৃত্যু হোৱা সকলৰ বেছিভাগেই পদপিষ্ট আৰু শ্বাসৰুদ্ধ হৈ মৃত্যুক সাৱটি লৈছে," ।  খেলত আৰেমা পৰাজিত হোৱাৰ লগে লগে তেওঁলোকৰ সমৰ্থকসকলে খেলপথাৰলৈ দৌৰি সোমাই যায়। তেতিয়াই সমস্যা আৰম্ভ হয়। পাৰ্চিবায়াৰ ফুটবল খেলুৱৈসকলে লগে লগে কোনো সময় নষ্ট নকৰাকৈ খেলপথাৰ এৰি ড্ৰেছিং ৰুমলৈ যায়। কিন্তু আৰেমাৰ কেইবাজনো ফুটবলাৰে খেলপথাৰ এৰিব নোৱাৰিলে। 

তেওঁলোকক একাংশ লোকে আক্ৰমণ কৰে।  আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। কাঞ্জুৰুহান ষ্টেডিয়ামৰ জনবহুল গেলেৰীত আতংক বিয়পি পৰিছিল। ষ্টেডিয়ামৰ পৰা ওলাই যাবলৈ বহুতে দৌৰা  দৌৰি কৰাত পদপিষ্ট হৈ বহু লোকৰ মৃত্যু ঘটে।  

এই ঘটনাৰ পিছতে এসপ্তাহৰ বাবে ইণ্ডোনেচিয়ান ফুটবল লীগ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পিটি লিগা ইণ্ডোনেছিয়া বাৰৰ সভাপতি আৰু সঞ্চালক আখমাদ হাদিয়ান লুকিতাই কয়: "এই ঘটনাত আমি হতবাক আৰু চিন্তিত। মৃতকৰ পৰিয়াললৈ আমাৰ সমবেদনা জনাইছো। মই আশা কৰোঁ আমি সকলোৱে এই ঘটনাটোৰ পৰা ভৱিষ্যতে শিক্ষা গ্ৰহণ কৰিব পাৰিম।''
ইণ্ডোনেছিয়াৰ ফুটবল নিয়ন্ত্ৰক সংস্থা পিএছএছআইয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু