--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট মেচ এখনত এটা দলৰ বেটিঙৰ সময়ত অপেনিং যুটিৰ সুদৃঢ় আৰম্ভণি এক শক্তিশালী স্থিতিৰ বাবে অত্যন্ত জৰুৰী। সাম্প্ৰতিক ক্ৰিকেট বিশ্বত এনে অপেনিং যুটিৰ ক্ষেত্ৰত পাকিস্তানৰ দুই অপেনাৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ নাম স্বাভাৱিকতেই শীৰ্ষত আহিব। সীমিত অভাৰৰ ক্ৰিকেটত এই দুই তাৰকাৰ যুটিয়ে বিগত সময়চোৱাত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি পাকিস্তান ক্ৰিকেট দলৰ এক অনন্য শক্তি হৈ পৰিছে। কোনে পাহৰিব পাৰে যোৱাবাৰৰ টি-২০ বিশ্বকাপত এই দুই তাৰকাৰ ভাৰতৰ বিৰুদ্ধে দুৰন্ত প্ৰদৰ্শনৰ কথা! অৱশ্যে এই দুই তাৰকাৰ অপেনিং যুটিৰ সমানে ভাৰতীয় অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ  অপেনিং যুটিৰ বিষয়েও ক্ৰিকেট বিশেষজ্ঞসকলৰ মাজত চৰ্চিত হয়। ভাৰতৰ এই যুটিটোৱে এইবাৰ টি-২০ ক্ৰিকেটত পাকিস্তানৰ অপেনাৰদ্বয় বাবৰ আৰু ৰিজৱানৰ নামত থকা এক বিশেষ ৰেকৰ্ড অতিক্ৰম কৰি নিজৰ নামত সন্নিৱিষ্ট কৰিছে। 

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ কালি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয়। হাই স্ক’ৰিং মেচখনত ভাৰতে ভ্ৰমণকাৰী দক্ষিণ আফ্ৰিকাক ১৬ ৰানত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাটোত ২-০ ব্যৱধানৰ অগ্ৰগতিৰে ইতিমধ্যে হস্তগত কৰিছে। ভাৰতে মেচখনত প্ৰথমে বেটিং কৰি অপেনাৰ ৰাহুল আৰু মিডল অৰ্ডাৰ বেটাৰ সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক অৰ্ধশতকৰ লগতে অধিনায়ক ৰোহিত শৰ্মা, কোহলী আৰু দীনেশ কাৰ্তিকৰ গুৰুত্বপূৰ্ণ অৱদানৰ সহায়ত ২৩৭ ৰানৰ এক বৃহৎ স্ক’ৰ থিয় কৰায়। 

ভাৰতৰ এই শক্তিশালী স্থিতিৰ মূলতে আছিল অপেনাৰদ্বয় ৰোহিত আৰু ৰাহুলে দিয়া সুদৃঢ় আৰম্ভণি। মেচখনত ৰাহুলে প্ৰথমৰ পৰাই আক্ৰমণাত্মক বেটিং কৰাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মাই কিছু মন্থৰ বেটিং কৰে। অৱেশ্যে ৰোহিতে পিছলৈ নিজৰ ইনিংছটোত গতি দি ৩৭ বলত ৪৩ ৰান সংগ্ৰহ কৰি প্ৰথমটো উইকেটৰ ৰূপত পেভিলিয়নমূখী হয়। দুয়ো অপেনিং যুটিত মাত্ৰ ৯.৫ অভাৰত ৯৬ ৰান যোগ দি ভাৰতক এক সবল আৰম্ভণি প্ৰদান কৰে। এই অৰ্ধশতকীয় যুটীটোৰে ৰাহুল-ৰোহিতে টি-২০ ক্ৰিকেটত এক নুতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

কালিৰ ৯৬ ৰানৰ অপেনিং যুটীটোৰে ৰাহুল আৰু ৰোহিতে টি-২০ত ১৫ সংখ্যক বাৰৰ বাবে অৰ্ধশতকীয় যুটি বান্ধে। এইদৰে দুয়ো পাক তাৰকাদ্বয় বাবৰ আৰু ৰিজৱানৰ নামত থকা ১৪ টা অৰ্ধশতকীয় যুটিৰ অভিলেখ ভংগ কৰে। ৰোহিত-ৰাহুল, বাবৰ-ৰিজৱানৰ পাছতে এই তালিকাৰ তৃতীয় স্থানত আছে আয়াৰলেণ্ডৰ অপেনাৰদ্বয় পল ষ্টাৰ্লিং-কেভিন অ'ব্ৰাইনৰ যুটি। দুয়ো ১৩ বাৰ টি-২০ ক্ৰিকেটত অৰ্ধশতকীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল। অৱশ্যে এই যুটিৰে কেভিন অ’ব্ৰাইনে ইতিমধ্যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে।

এই অভিলেখৰ উপৰিও ৰাহুল-ৰোহিতৰ যুটিয়ে টি-২০ত আন এক ভাৰতীয় অভিলেখো স্থাপন কৰিছে। দুয়ো টি-২০ ক্ৰিকেটত ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা যুটি হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ৰোহিত শৰ্মাই ধাৱানৰ সৈতে যুটী বান্ধি এই অভিলেখ গঢ়িছিল। ৰোহিত আৰু ৰাহুলে বৰ্তমানলৈকে যুটীয়াভাৱে ১,৭৪৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। আনহাতে ধাৱান আৰু ৰোহিতৰ যুটীৰ নামত আছিল ১,৭৪৩ ৰান।

বলাৰৰ বধ্যভূমিত পৰিণত হোৱা বৰ্ষাপাৰাত কালিৰ মেচখনত ৰাহুলৰ ৫৭ ৰান, সূৰ্যকুমাৰ যাদৱৰ ৬১ ৰান, ৰোহিত শৰ্মাৰ ৪৩ আৰু কোহলীৰ ৪৯ ৰানৰ সহায়ত ২৩৭ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়। শেষলৈ দীনেশ কাৰ্তিকেও ১৭ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। আনহাতে ২৩৮ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ইনিংছৰ আৰম্ভণিতেই উজুটি খায় যদিও কুইণ্টণ ডি ক’ক আৰু মিলাৰৰ যুঁজাৰু বেটিঙৰ সহায়ত ভাৰতক কিছু প্ৰত্যাহ্বান জনায়। বিশেষকৈ বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৪৭ বলত ১০৬ ৰান সংগ্ৰহ কৰা মিলাৰৰ সমুখত অসহায় হৈ পৰে ভাৰতৰ বলিং লাইন আপ। 

অৱশ্যে মূৰকত মিলাৰৰ এই চমকপ্ৰদ শতকীয় ইনিংছ অথলে যায় আৰু ভাৰতে ১৬ ৰানত খেলখনত জয়লাভ কৰি শৃংখলা দখল কৰে। অৰ্ধশতকীয় ইনিংছটোৰ বাবে ৰাহুলে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। শৃংখলাৰ অন্তিমখন মেচ মঙলবাৰে ইন্দোৰৰ হ’লকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক