--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে শুকুৰবাৰে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কেজৰিৱালৰ সমৰ্থনত জনতাৰ সমৰ্থন বিচাৰি  আহ্বান জনাইছে। তেওঁ  এটা ফোন নম্বৰো শ্বেয়াৰ কৰিছে । সুনীতা কেজৰাৱালে কয় "আপুনি আপোনাৰ সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে, আপুনি তেওঁক এই নম্বৰত যিকোনো কথা ক'ব পাৰে"। তেওঁ লগতে কয়, "আপোনাৰ প্ৰতিটো বাৰ্তা তেওঁৰ ওচৰলৈ যাব... মই এইবোৰ তেওঁক কাৰাগাৰত পোৱাৰ ব্যৱস্থা কৰিম।"

সুনীতা কেজৰিৱালে ৰাইজক সম্বোধন কৰি কয়  "কেজৰিৱাল কো আশীৰ্বাদ" অভিযান আৰম্ভ  কৰা হৈছে। জনতাই  হোৱাটছএপ নম্বৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনা প্ৰেৰণ কৰিব পাৰিব। 

অৰবিন্দ কেজৰিৱালৰ ইডিৰ জিম্মা  ১ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে।  শেহতীয়া আদালতৰ প্ৰক্ৰিয়াত  সীমিত প্ৰমাণ আৰু বিবৃতিৰ ওপৰত ভিত্তি কৰি কেজৰিৱালক  কৰা গ্ৰেপ্তাৰৰ বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল। কেজৰিৱালে  এক নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।  কেজৰিৱালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি প্ৰত্যাখ্যান কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ