--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালে শুকুৰবাৰে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কেজৰিৱালৰ সমৰ্থনত জনতাৰ সমৰ্থন বিচাৰি  আহ্বান জনাইছে। তেওঁ  এটা ফোন নম্বৰো শ্বেয়াৰ কৰিছে । সুনীতা কেজৰাৱালে কয় "আপুনি আপোনাৰ সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে, আপুনি তেওঁক এই নম্বৰত যিকোনো কথা ক'ব পাৰে"। তেওঁ লগতে কয়, "আপোনাৰ প্ৰতিটো বাৰ্তা তেওঁৰ ওচৰলৈ যাব... মই এইবোৰ তেওঁক কাৰাগাৰত পোৱাৰ ব্যৱস্থা কৰিম।"

সুনীতা কেজৰিৱালে ৰাইজক সম্বোধন কৰি কয়  "কেজৰিৱাল কো আশীৰ্বাদ" অভিযান আৰম্ভ  কৰা হৈছে। জনতাই  হোৱাটছএপ নম্বৰৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ আশীৰ্বাদ আৰু শুভকামনা প্ৰেৰণ কৰিব পাৰিব। 

অৰবিন্দ কেজৰিৱালৰ ইডিৰ জিম্মা  ১ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে।  শেহতীয়া আদালতৰ প্ৰক্ৰিয়াত  সীমিত প্ৰমাণ আৰু বিবৃতিৰ ওপৰত ভিত্তি কৰি কেজৰিৱালক  কৰা গ্ৰেপ্তাৰৰ বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছিল। কেজৰিৱালে  এক নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।  কেজৰিৱালে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি প্ৰত্যাখ্যান কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ