--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিত সৃষ্টি হৈছে সংকট৷ দল এৰিছে বিয়াগোম নেতাই৷ শাৰদ পাৱাৰক সংগ এৰিছে এনচিপিৰ জ্যেষ্ঠ নেতাই৷ একাংশ নেতাই এনচিপি ত্যাগ কৰা সন্দৰ্ভকত এতিয়া মুখ খুলিছে দলটোৰ মুৰব্বী শাৰদ পাৱাৰে৷ 

পাৱাৰে কয় যে তেওঁৰ দলৰ কিছু সদস্যই কেন্দ্ৰীয় সংস্থাসমূহৰ পৰা নিজকে বচাবলৈ দলত্যাগ কৰিছে৷  বিদ্ৰোহী বিধায়কৰ দলটোৰ নেতৃত্ব দিয়া অজিত পাৱাৰে বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰি এনচিপিক বিভক্ত কৰে আৰু যোৱামাহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লয়। ভতিজাৰ নাম নোলোৱাকৈ শাৰদ পাৱাৰে কয়, উন্নয়নৰ কাৰণে চৰকাৰৰ অংশ হ'ব বিচৰা বুলি তেওঁ কৰা দাবী সঁচা নহয়। তেওঁলোকে নিজকে বচাবলৈ চাপত পৰিহে যোগদান কৰিছে।  

শাৰদ পাৱাৰে ৰাজ্য চৰকাৰক মহাৰাষ্ট্ৰত সাধাৰণ মানুহে সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি মনোযোগ দিবলৈ পৰামৰ্শ দিছিল। ২ জুলাইত অজিত পাৱাৰে ৰাজ্যখনৰ একনাথ চিন্দে-দেৱেন্দ্ৰ ফাডনাভিছ চৰকাৰত যোগদান কৰি আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি বিভাজন কৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰ বিধানসভাৰ বিৰোধী দলৰ নেতা শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে তেওঁৰ পদৰ পৰা পদত্যাগ কৰি এনচিপিৰ আন আঠজন বিধায়কৰ সৈতে বিজেপি-শিৱসেনা মিত্ৰতাত যোগদান কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ