--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সংবাদ শিৰোনামত পুলৱামা৷ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত দেওবাৰে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ৷ 

লাৰো-পাৰিগাম অঞ্চলত চলিছিল এই সংঘাত৷ কাশ্মীৰ জ’ন পুলিংচে এক্সত সদৰী কৰা তথ্যানুসৰি পুলৱামাৰ লাৰো-পৰিগাম অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে। আৰক্ষী আৰু সুৰক্ষা বাহিনী কৰ্তব্যত নিয়োজিত হৈ আছে৷ 

ৰাজৌৰী জিলাত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ দুসপ্তাহ পাছত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ৷ চোৰাংচোৱাৰ গোপন সূত্ৰৰ আধাৰত ৫ আগষ্টত সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জে এণ্ড কে আৰক্ষীৰ দ্বাৰা এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল।

৫ আগষ্টৰ অভিযান আৰম্ভ হোৱাৰ এদিন পূৰ্বে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত তিনিজন সেনা জোৱান নিহত হয়। 

এজন আৰক্ষী বিষয়াই কৈছিল যে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ ওখ অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল।
আৰক্ষীয়ে লগতে কৈছিল যে উগ্ৰপন্থীসকলে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পাছত তালাচী অভিযান এনকাউণ্টাৰলৈ ৰূপান্তৰিত হৈছিল৷ শেহতীয়া এই এনকাউণ্টাৰত তিনিজন সুৰক্ষা বাহিনীৰ জোৱান আহত হয়। চিকিৎসাৰ সময়ত তিনিওজন সেনা জোৱানে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ