--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ সংবাদ শিৰোনামত পুলৱামা৷ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত দেওবাৰে নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ৷ 

লাৰো-পাৰিগাম অঞ্চলত চলিছিল এই সংঘাত৷ কাশ্মীৰ জ’ন পুলিংচে এক্সত সদৰী কৰা তথ্যানুসৰি পুলৱামাৰ লাৰো-পৰিগাম অঞ্চলত এনকাউণ্টাৰ আৰম্ভ হৈছে। আৰক্ষী আৰু সুৰক্ষা বাহিনী কৰ্তব্যত নিয়োজিত হৈ আছে৷ 

ৰাজৌৰী জিলাত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ দুসপ্তাহ পাছত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ৷ চোৰাংচোৱাৰ গোপন সূত্ৰৰ আধাৰত ৫ আগষ্টত সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জে এণ্ড কে আৰক্ষীৰ দ্বাৰা এক যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল।

৫ আগষ্টৰ অভিযান আৰম্ভ হোৱাৰ এদিন পূৰ্বে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত তিনিজন সেনা জোৱান নিহত হয়। 

এজন আৰক্ষী বিষয়াই কৈছিল যে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ ওখ অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত নিৰাপত্তাৰক্ষীয়ে এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল।
আৰক্ষীয়ে লগতে কৈছিল যে উগ্ৰপন্থীসকলে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাৰ পাছত তালাচী অভিযান এনকাউণ্টাৰলৈ ৰূপান্তৰিত হৈছিল৷ শেহতীয়া এই এনকাউণ্টাৰত তিনিজন সুৰক্ষা বাহিনীৰ জোৱান আহত হয়। চিকিৎসাৰ সময়ত তিনিওজন সেনা জোৱানে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস