--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ১৯৮৪ বেটচৰ আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ চাকৰি কাল  ১৮ নৱেম্বৰ, ২০২৩ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। 

২০১৮ চনৰ  ১৯ নৱেম্বৰত মিশ্ৰক দুবছৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সঞ্চালক হিচাপে নিযুক্তি দিয়া  হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত মিশ্ৰৰ দুবছৰীয়া কাৰ্যকাল তিনি বছৰলৈ বৃদ্ধি কৰিছিল। 

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধ্যাদেশত ইডি আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সঞ্চালকসকলৰ কাৰ্যকাল দুবছৰৰ বাধ্যতামূলক ম্যাদৰ পিছত তিনি বছৰলৈ বৃদ্ধি কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। ইয়াকেলৈ সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে।

 বৃহস্পতিবাৰে চৰকাৰে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে, "কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰিছে।" উল্লেখ্য ইডিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত কাম কৰি আহিছে। দেশৰ বিত্তীয় অনিয়ম সমপকীয় গোচৰ সমূহৰ তদন্ত ইডিয়ে কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক