--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ১৯৮৪ বেটচৰ আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ চাকৰি কাল  ১৮ নৱেম্বৰ, ২০২৩ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। 

২০১৮ চনৰ  ১৯ নৱেম্বৰত মিশ্ৰক দুবছৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) সঞ্চালক হিচাপে নিযুক্তি দিয়া  হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত মিশ্ৰৰ দুবছৰীয়া কাৰ্যকাল তিনি বছৰলৈ বৃদ্ধি কৰিছিল। 

যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধ্যাদেশত ইডি আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ সঞ্চালকসকলৰ কাৰ্যকাল দুবছৰৰ বাধ্যতামূলক ম্যাদৰ পিছত তিনি বছৰলৈ বৃদ্ধি কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। ইয়াকেলৈ সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে।

 বৃহস্পতিবাৰে চৰকাৰে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে, "কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰিছে।" উল্লেখ্য ইডিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত কাম কৰি আহিছে। দেশৰ বিত্তীয় অনিয়ম সমপকীয় গোচৰ সমূহৰ তদন্ত ইডিয়ে কৰি আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস