--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত তুমুল জোকৰণিৰ সৃষ্টি কৰা শ্ৰদ্ধা হত্যাকাণ্ডকলৈ এতিয়া বহুতে বিভিন্ন ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমতে বহুতে এইবুলি প্ৰশন কৰিছে যে শ্ৰদ্ধা হিন্দু যুৱতী হোৱৰ পিছতো আফতাবৰ সৈতে লিভ ইন কৰিছিল কিয়? এনে ক্ৰিয়া-প্ৰতিক্ৰিয়ৰ মাজতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই প্ৰসংগতে কৰা মন্তব্যই এতিয়া প্ৰতিক্ৰিয়ৰ সৃষ্টি কৰা দেখা গৈছে। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, ছোৱালীবোৰে আফতাব-শ্ৰদ্ধাৰ  ঘটনাৰ পৰা শিকিব লাগে। তেওঁৰ মতে ছোৱালীবোৰে  কিয় লিভ-ইন সম্পৰ্কত লিপ্ত হ’ব লাগে? ইয়াৰ পৰিৱৰ্তে পিতৃ-মাতৃৰ ইচ্ছাক সন্মান জনাই ছোৱালীবোৰে সংসাৰ পাতিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।যি সময়ত শ্ৰদ্ধা ৱালকাৰৰ হত্যাক লৈ সমগ্ৰ দেশতে হুলস্থূলৰ সৃষ্টি হৈছে তেনে  সময়তে কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে লিভ-ইন সম্পৰ্কৰ বিষয়ত কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ শ্ৰদ্ধা আৰু আফতাবৰ লিভ-ইন সম্পৰ্কক এক উদাহৰণ হিচাপে দাঙি ধৰি এনে সম্পৰ্কৰ পৰা শিক্ষা ল’বলৈও ছোৱালীবোৰক আহ্বান জনায়। সেই সন্দৰ্ভত তেওঁ কয় "শিক্ষিত ছোৱালীবোৰে লিভ-ইন সম্পৰ্কলৈ যাব নালাগে। "

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে, "শিক্ষিত ছোৱালীবোৰে কিয় লিভ-ইন সম্পৰ্কৰ বাবে যায়? যদি  সম্পৰ্ক স্থাপন কৰিব লাগে, তেনেহ'লে চাইচিতি দিয়া জনৰ সৈতে যোৱা ভাল। যদি পিতৃ-মাতৃয়ে ছোৱালী এজনীৰ সম্পৰ্কক ৰাজহুৱাভাৱে সমৰ্থন কৰিব নিবিচাৰে, তেন্তে আইনীভাৱে বিবাহ কৰক আৰু একেলগে থাকক!"

উল্লেখ্য আফতাব আৰু  শ্ৰদ্ধাৰ লিভ-ইন সম্পৰ্ক  আছিল।প্ৰায় আঢ়ৈ বছৰ ধৰি শ্ৰদ্ধাই আফতাবৰ সৈতে বাস কৰিছিল। তেওঁলোকৰ মাজত বিয়া হোৱা নাছিল।পৰিয়ালৰ বাধা স্বত্বেও শ্ৰদ্ধাই আফতবৰ সৈতে থাকিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। 
কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰ। ফটো: সংগ্ৰহ কৰা হৈছে।

ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে । প্ৰিয়ংকাই  প্ৰশ্ন কৰিছে যে কেনেকৈ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে মহিলাৰ বিষয়ে এনে মন্তব্য কৰিব পাৰে। টুইটাৰৰ জৰিয়তে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে  কয়, "ভাগ্য ভাল তেওঁ যে কোৱা এই দেশত এগৰাকী মহিলাৰ জন্ম হোৱাটো অন্যায়! মহিলাসকলেই সকলো বোৰৰ বাবে দায়ী, এনে ধৰণৰ মানসিকতা দিনক দিনে বাঢ়ি আহিছে। "
যদিও প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিৰ কথা কয়, তেওঁৰ নিজৰ মন্ত্ৰীৰ মুখত মহিলাৰ বিষয়ে এনে মন্তব্য নিন্দনীয় বুলিও নেত্ৰীগৰাকীয়ে কয়।  তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎক্ষণাৎ বৰ্খাস্ত কৰাৰো দাবী জনায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক