--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী শাসিত ৰাজ্যসমূহত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্তক লৈ ব্যস্ত হৈ পৰিছে ইডি (Enforcement Directorate)। ছত্তীশগড় চৰকাৰৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক সতৰ্ক কৰিছে। দেশৰ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক কয় যে তদন্তৰ স্বাৰ্থত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উচিত নহয়।

ছত্তীশগড় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যৰ আবকাৰী বিভাগৰ কেইবাগৰাকীও বিষয়াক ইডিৰ বিষয়াই এটা গোচৰৰ পিছত ভাবুকি প্ৰদান কৰিছে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলও জড়িত বুলি অভিযোগ কৰি ইডিয়ে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰ বিভাগীয় বিচাৰপীঠে ইডিক কয় যে এইদৰে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্চনীয় নহয়।

আদালতত ছত্তীশগড় চৰকাৰৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা কপিল ছিবালে। তেওঁ কয়, প্ৰৱৰ্তন সঞ্চালকালয়ে অস্থিৰ ভাৱে কাম কৰি আছে। তদন্তৰ সময়ত আবকাৰী বিষয়াক ভাবুকি দিছে।”

আনহাতে, ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। ইডিয়ে কেৱল সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে, ইয়াতকৈ বেছি একো নহয় বুলিও তেওঁ কয়।  উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ মতামত শুনি সেই মন্তব্য কৰে।

উল্লেখ্য যে ছত্তীশগড়ত সুৰা ব্যৱসায়ৰ সকলো দিশ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ৰ প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত। কিন্তু দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হয়।

শেহতীয়াকৈ ইডিয়ে এক বিবৃতিত দাবী কৰিছে যে ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন তোলা হৈছে। আকৌ সেই দুৰ্নীতিৰ পৰিমাণ হেনো প্ৰায় ২ হাজাৰ কোটি টকা!
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা