--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰোধী শাসিত ৰাজ্যসমূহত বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰিৰ অভিযোগৰ তদন্তক লৈ ব্যস্ত হৈ পৰিছে ইডি (Enforcement Directorate)। ছত্তীশগড় চৰকাৰৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক সতৰ্ক কৰিছে। দেশৰ শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় সংস্থাটোক কয় যে তদন্তৰ স্বাৰ্থত ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো উচিত নহয়।

ছত্তীশগড় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে ৰাজ্যৰ আবকাৰী বিভাগৰ কেইবাগৰাকীও বিষয়াক ইডিৰ বিষয়াই এটা গোচৰৰ পিছত ভাবুকি প্ৰদান কৰিছে। সুৰা কেলেংকাৰীত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলও জড়িত বুলি অভিযোগ কৰি ইডিয়ে শংকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ আমানুল্লাহৰ বিভাগীয় বিচাৰপীঠে ইডিক কয় যে এইদৰে ভয়ৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্চনীয় নহয়।

আদালতত ছত্তীশগড় চৰকাৰৰ হৈ যুক্তি আগবঢ়ায় অধিবক্তা কপিল ছিবালে। তেওঁ কয়, প্ৰৱৰ্তন সঞ্চালকালয়ে অস্থিৰ ভাৱে কাম কৰি আছে। তদন্তৰ সময়ত আবকাৰী বিষয়াক ভাবুকি দিছে।”

আনহাতে, ইডিৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে এই অভিযোগ মানি ল’ব বিচৰা নাছিল। ইডিয়ে কেৱল সুৰা কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে, ইয়াতকৈ বেছি একো নহয় বুলিও তেওঁ কয়।  উচচতম ন্যায়ালয়ে দুয়োপক্ষৰ মতামত শুনি সেই মন্তব্য কৰে।

উল্লেখ্য যে ছত্তীশগড়ত সুৰা ব্যৱসায়ৰ সকলো দিশ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ৰ প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত। কিন্তু দুৰ্নীতিৰ বহু অভিযোগ উত্থাপন হয়।

শেহতীয়াকৈ ইডিয়ে এক বিবৃতিত দাবী কৰিছে যে ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে ধন তোলা হৈছে। আকৌ সেই দুৰ্নীতিৰ পৰিমাণ হেনো প্ৰায় ২ হাজাৰ কোটি টকা!
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস