--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলৰ যুদ্ধ এতিয়াও বন্ধ হোৱাৰ কোনো ইংগিত পোৱা হোৱা নাই। এনে সময়তে আৰৱ দেশসমূহে যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন পশ্চিম এছিয়াত আছে। জৰ্ডান আৰু ইজিপ্তৰ প্ৰতিনিধিসকলে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে। তেওঁলোকে গাজাত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ কথা উল্লেখ কৰি কৈছে যে  শেহতীয়া আক্ৰমণত গাজাত  ৬৮ জন লোকে  প্ৰাণ হেৰুৱাইছে। 


বিশ্বক যেন এপিনৰ পৰা চেপি আনিছে যুদ্ধৰ বিভীষিকাই। ৰাছিয়া আৰু ইউক্ৰেইনৰ এবছৰতকৈও অধিককালৰ যুদ্ধ আজিও চলি আছে। প্ৰতিদিনেই ইউক্ৰেইনত বহু লোকৰ প্ৰাণ হানি ঘটি আহিছে। ধ্বংস হৈছে হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰখন। কোনোবা শিশুৱে পিতৃ অথবা মাতৃক হেৰুৱাইছে, কোনোবা পিতৃ-মাতৃয়ে আকৌ নিৰ মৰমৰ সন্তানক হেৰুৱাইছে। 

এনে এখন ৰক্তক্ষয়ী  যুদ্ধৰ মাজতে যুদ্ধৰ ডাৱৰ  এতিয়া   ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশত কেন্দ্ৰীভূত হৈছে। অলপতে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ  বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই। 

ইজৰাইলে  আজিলৈকে পেলেষ্টাইন সংকটৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। আৰম্ভ হোৱা আক্ৰমণৰ পিছতে  গাজা ষ্ট্ৰিপৰ পৰা বহু লোকে  আতংকিত হৈ ঘৰ এৰি পলায়ন কৰা দেখা গৈছে। শ শ পুৰুষ, মহিলা আৰু শিশুৱে খাদ্য আৰু কম্বল লৈ ঘৰ এৰি সুৰক্ষিত স্থানৰ সন্ধানত ইজৰাইলৰ সীমান্ত  অতিক্ৰম কৰিছে।ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে এক্স হেণ্ডেলত লিখিছিল, "ইজৰাইলে ইহুদীসকলৰ  বন্ধৰ সময়ত গাজাত ভয়ংকৰ  আক্ৰমণৰ সন্মুখীন হৈছে। হামাছ উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰি আছে। । পৰিস্থিতি সহজ হৈ থকা নাই। কিন্তু ইজৰাইল জিকিব। '

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই আৰৱৰ মাজভাগত থকা ইহুদী দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে দুয়োপক্ষৰ মাজত কেইবাখনো যুদ্ধ হৈছে।পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ নতুন আক্ৰমণৰ পিছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে। 
 উল্লেখ্য কেইবা দশক পুৰণি ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মূল বিষয় আছিল জেৰুজালেম ।  জেৰুজালেম নামৰ ঠাইখনক   ইহুদীসকলে তেওঁলোকৰ ধৰ্মগ্ৰন্থত উল্লেখিত পবিত্ৰ ঠাই হিচাবে গণ্য কৰে। সেয়ে  ঠাইডোখৰইজৰাইলে নিজৰ বুলি  দাবী কৰি আহিছে।আনহাতে পেলেষ্টাইনীসকলেও জেৰুজালেম নিজৰ দখললৈ যোৱাটো বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ