--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হামাছ-ইজৰাইলৰ যুদ্ধ এতিয়াও বন্ধ হোৱাৰ কোনো ইংগিত পোৱা হোৱা নাই। এনে সময়তে আৰৱ দেশসমূহে যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেন পশ্চিম এছিয়াত আছে। জৰ্ডান আৰু ইজিপ্তৰ প্ৰতিনিধিসকলে তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাইছে। তেওঁলোকে গাজাত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ কথা উল্লেখ কৰি কৈছে যে  শেহতীয়া আক্ৰমণত গাজাত  ৬৮ জন লোকে  প্ৰাণ হেৰুৱাইছে। 


বিশ্বক যেন এপিনৰ পৰা চেপি আনিছে যুদ্ধৰ বিভীষিকাই। ৰাছিয়া আৰু ইউক্ৰেইনৰ এবছৰতকৈও অধিককালৰ যুদ্ধ আজিও চলি আছে। প্ৰতিদিনেই ইউক্ৰেইনত বহু লোকৰ প্ৰাণ হানি ঘটি আহিছে। ধ্বংস হৈছে হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰখন। কোনোবা শিশুৱে পিতৃ অথবা মাতৃক হেৰুৱাইছে, কোনোবা পিতৃ-মাতৃয়ে আকৌ নিৰ মৰমৰ সন্তানক হেৰুৱাইছে। 

এনে এখন ৰক্তক্ষয়ী  যুদ্ধৰ মাজতে যুদ্ধৰ ডাৱৰ  এতিয়া   ইজৰাইল আৰু পেলেষ্টাইনৰ আকাশত কেন্দ্ৰীভূত হৈছে। অলপতে পেল্ষ্টাইনী উগ্ৰপন্থী গোট হামাছে ২০ মিনিটত গাজাৰ পৰা ইজৰাইলত ৫,০০০ টা ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ ঠিক পিছতে ইজৰাইল চৰকাৰেও হামাছৰ  বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। ফলত স্বাভাৱিকতে আতংক বিয়পি পৰিছে। দশকৰ পিছত দশক ধৰি চলি অহা ইজৰাইল-পেষ্টাইনৰ সংঘাতৰ আজিলৈকে কোনো সমাধান সূত্ৰ ওলোৱা নাই। ফলত এতিয়ালৈকে ইজৰাইল-পেলেষ্টাইনৰ মাজত সংঘটিত যুদ্ধত কিমান লাখ লোকৰ মৃত্যু ঘটিছে তাৰ কোনো হিচাব নাই। 

ইজৰাইলে  আজিলৈকে পেলেষ্টাইন সংকটৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। আৰম্ভ হোৱা আক্ৰমণৰ পিছতে  গাজা ষ্ট্ৰিপৰ পৰা বহু লোকে  আতংকিত হৈ ঘৰ এৰি পলায়ন কৰা দেখা গৈছে। শ শ পুৰুষ, মহিলা আৰু শিশুৱে খাদ্য আৰু কম্বল লৈ ঘৰ এৰি সুৰক্ষিত স্থানৰ সন্ধানত ইজৰাইলৰ সীমান্ত  অতিক্ৰম কৰিছে।ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত নাওৰ গিলনে এক্স হেণ্ডেলত লিখিছিল, "ইজৰাইলে ইহুদীসকলৰ  বন্ধৰ সময়ত গাজাত ভয়ংকৰ  আক্ৰমণৰ সন্মুখীন হৈছে। হামাছ উগ্ৰপন্থীয়ে ৰকেট নিক্ষেপ কৰি আছে। । পৰিস্থিতি সহজ হৈ থকা নাই। কিন্তু ইজৰাইল জিকিব। '

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘৰ্ষ নতুন কথা নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া মুছলমান দেশসমূহে জন্মৰ পৰাই আৰৱৰ মাজভাগত থকা ইহুদী দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছে। এতিয়ালৈকে দুয়োপক্ষৰ মাজত কেইবাখনো যুদ্ধ হৈছে।পেলেষ্টাইনী উগ্ৰপন্থী গোট হামাছৰ নতুন আক্ৰমণৰ পিছত পুনৰ যুদ্ধৰ দামামা বাজি উঠিছে। 
 উল্লেখ্য কেইবা দশক পুৰণি ইজৰাইল-পেলেষ্টাইন সংঘাতৰ মূল বিষয় আছিল জেৰুজালেম ।  জেৰুজালেম নামৰ ঠাইখনক   ইহুদীসকলে তেওঁলোকৰ ধৰ্মগ্ৰন্থত উল্লেখিত পবিত্ৰ ঠাই হিচাবে গণ্য কৰে। সেয়ে  ঠাইডোখৰইজৰাইলে নিজৰ বুলি  দাবী কৰি আহিছে।আনহাতে পেলেষ্টাইনীসকলেও জেৰুজালেম নিজৰ দখললৈ যোৱাটো বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক