--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলত সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণৰ পাছত আৰম্ভ হোৱা যুদ্ধই বহু ক্ষতিসাধন কৰিছে। ইফালে আমেৰিকাৰ সংগীতজ্ঞ ব্ৰুনো মাৰ্ছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কনচাৰ্ট বাতিল কৰিছে। অৱশ্যে ইয়াৰ পাছতো তেওঁ বহুদিন তাত আবদ্ধ হৈ আছিল যদিও এতিয়া তেওঁ ইজৰাইলৰ পৰা যাবলৈ সক্ষম হৈছে আৰু নিৰাপদে নিজৰ দেশলৈ উভতি আহিছে।

এটা স্থানীয় ইজৰাইলী সংবাদমাধ্যমৰ ডিজিটেল পোষ্টটোৰ কেপচনত লিখিছে, "যুদ্ধৰ বাবে শ্ব'টো বাতিল হোৱাৰ পাছত ব্ৰুনো মাৰ্ছে আজি বিয়লি ২ বজাত ৬০ জন ক্ৰু মেম্বাৰৰ সৈতে ইজৰাইল এৰিছে। তেওঁ এথেন্সলৈ আৰু তাৰ পৰা কাটাৰলৈ উৰা মাৰিছে।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্টেল ডেডলাইনৰ তথ্য অনুসৰি বুধবাৰে ইজৰাইলত প্ৰথমবাৰৰ বাবে ব্ৰুনো-এ নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰে। খবৰ অনুসৰি দেওবাৰে নিশা কাটাৰত ব্ৰুনো মাৰ্ছে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল।

শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত (স্থানীয় সময় অনুসৰি) গাজাৰ পৰা ইজৰাইল অভিমুখে ৰকেট আক্ৰমণ আৰম্ভ হয় আৰু টেল আভিভ, ৰেহভট, গেডেৰা আৰু আচকেলনকে ধৰি কেইবাখনো চহৰত ৰকেট আক্ৰমণ আৰম্ভ হয়।ইয়াৰ পাছত গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰি হামাছৰ বহু সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ চহৰসমূহ দখল কৰে। হামাছৰ সামৰিক অধিনায়ক মহম্মদ আল ডেইফে এই অভিযানক “আল-আকছা ফ্লাড” বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ এই আক্ৰমণ মহিলাৰ ওপৰত আক্ৰমণ, জেৰুজালেমৰ আল-আকছা মছজিদ অপবিত্ৰ কৰা আৰু গাজাক চলি থকা ঘেৰাওৰ প্ৰতি সঁহাৰি জনাইছে।

ইফালে, বাতৰি অনুসৰি হামাছ সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলৰ ওপৰত বহুমুখী আক্ৰমণত মৃত্যুৰ সংখ্যা এতিয়া ৩০০ অতিক্ৰম কৰিছে আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই আক্ৰমণত ১৫০০ৰো অধিক লোক আহত হৈছে। খবৰ অনুসৰি শনিবাৰে পুৱা গাজাৰ পৰা পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰি সাধাৰণ নাগৰিকক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু