--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইলত সন্ত্ৰাসবাদী সংগঠন হামাছৰ আক্ৰমণৰ পাছত আৰম্ভ হোৱা যুদ্ধই বহু ক্ষতিসাধন কৰিছে। ইফালে আমেৰিকাৰ সংগীতজ্ঞ ব্ৰুনো মাৰ্ছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ কনচাৰ্ট বাতিল কৰিছে। অৱশ্যে ইয়াৰ পাছতো তেওঁ বহুদিন তাত আবদ্ধ হৈ আছিল যদিও এতিয়া তেওঁ ইজৰাইলৰ পৰা যাবলৈ সক্ষম হৈছে আৰু নিৰাপদে নিজৰ দেশলৈ উভতি আহিছে।

এটা স্থানীয় ইজৰাইলী সংবাদমাধ্যমৰ ডিজিটেল পোষ্টটোৰ কেপচনত লিখিছে, "যুদ্ধৰ বাবে শ্ব'টো বাতিল হোৱাৰ পাছত ব্ৰুনো মাৰ্ছে আজি বিয়লি ২ বজাত ৬০ জন ক্ৰু মেম্বাৰৰ সৈতে ইজৰাইল এৰিছে। তেওঁ এথেন্সলৈ আৰু তাৰ পৰা কাটাৰলৈ উৰা মাৰিছে।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্টেল ডেডলাইনৰ তথ্য অনুসৰি বুধবাৰে ইজৰাইলত প্ৰথমবাৰৰ বাবে ব্ৰুনো-এ নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰে। খবৰ অনুসৰি দেওবাৰে নিশা কাটাৰত ব্ৰুনো মাৰ্ছে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল।

শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত (স্থানীয় সময় অনুসৰি) গাজাৰ পৰা ইজৰাইল অভিমুখে ৰকেট আক্ৰমণ আৰম্ভ হয় আৰু টেল আভিভ, ৰেহভট, গেডেৰা আৰু আচকেলনকে ধৰি কেইবাখনো চহৰত ৰকেট আক্ৰমণ আৰম্ভ হয়।ইয়াৰ পাছত গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰি হামাছৰ বহু সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ চহৰসমূহ দখল কৰে। হামাছৰ সামৰিক অধিনায়ক মহম্মদ আল ডেইফে এই অভিযানক “আল-আকছা ফ্লাড” বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ এই আক্ৰমণ মহিলাৰ ওপৰত আক্ৰমণ, জেৰুজালেমৰ আল-আকছা মছজিদ অপবিত্ৰ কৰা আৰু গাজাক চলি থকা ঘেৰাওৰ প্ৰতি সঁহাৰি জনাইছে।

ইফালে, বাতৰি অনুসৰি হামাছ সন্ত্ৰাসবাদী সংগঠনে ইজৰাইলৰ ওপৰত বহুমুখী আক্ৰমণত মৃত্যুৰ সংখ্যা এতিয়া ৩০০ অতিক্ৰম কৰিছে আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই আক্ৰমণত ১৫০০ৰো অধিক লোক আহত হৈছে। খবৰ অনুসৰি শনিবাৰে পুৱা গাজাৰ পৰা পেলেষ্টাইনী সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰি সাধাৰণ নাগৰিকক আক্ৰমণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement