--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি ইজৰাইলত এতিয়া ক’ত কেতিয়া বোমা ফুটে তাৰ কোনো নিশ্চিতি  নোহোৱা হৈ পৰিছে। কালিৰে পৰা আৰম্ভ হোৱা ইজৰাইল-পেলেষ্টাইনৰ হামাছৰ মাজৰ যুঁজত এতিয়ালৈকে ছয় শতাধিক লোক নিহত হৈছে। ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভত যুদ্ধৰ মাজতে আবদ্ধ হৈ পৰিছিল এয়াৰ ইণ্ডিয়াৰ বহু বৈমানিকৰ লগতে বিমান কৰ্মচাৰী ।

ইজৰাইলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এয়াৰ ইণ্ডিয়াই  ৭ অক্টোবৰৰ দিল্লী-তেল আভিভ বিমান খন বাতিল কৰিছিল ।  ফলস্বৰূপে তেল আভিভত আব্ধ হৈ পৰিছিল বহু ভাৰতীয় বিমান কৰ্মী। দেওবাৰে, এয়াৰ ইণ্ডিয়াই তেল আভিভ বিমান বন্দৰৰ পৰা বিমান পৰিবহন  সংস্থাটোৰ ১০ গৰাকী কৰ্মচাৰীক ভাৰতলৈ ওভতাই অনাৰ ব্যৱস্থা কৰে। 

তেওঁলোকক ইথিওপিয়াৰ আদিছ আবাবালৈ এখন বিমানেৰে অনা হয় আৰু তাৰ পৰা ভাৰতলৈ সংযোগী বিমানত তেওঁলোকক যাত্ৰা কৰাৰ সুবিধা কৰি দিয়া হয়। এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয় " এয়াৰ ইণ্ডিয়াৰ বাবে ইয়াৰ যাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুৰক্ষা হৈছে সৰ্বোচ্চ। ইজৰাইলৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৭ অক্টোবৰৰ বিমান বাতিল কৰা হৈছিল আৰু ইজৰাইলত  থকা আমাৰ লোকসকলক ওভতাই অনা হৈছে," । 

ইফালে এয়াৰ ইণ্ডিয়াই  ১৪ অক্টোবৰলৈকে সংস্থাটোৰ  ইজৰাইললৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ সূত্ৰটোৱে কয় "আমাৰ যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে তেল আভিভলৈ অহা-যোৱা কৰা আমাৰ বিমানসমূহ ১৪ অক্টোবৰ, ২০২৩ লৈকে স্থগিত ৰখা হ'ব। এয়াৰ ইণ্ডিয়াই এই সময়ছোৱাত যিকোনো বিমানত বুকিং নিশ্চিত কৰা যাত্ৰীসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়াব," । 

এয়াৰ ইণ্ডিয়াই  তেল আভিভলৈ সপ্তাহত  পাঁচখন বিমান চলাচল কৰে । ইজৰাইলী এয়াৰলাইন ইএল এএল-এ কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে কোভিডৰ বাবে তিনি বছৰলৈ বন্ধ হৈ থকা  ইয়াৰ বিমানৰ চলাচল  অক্টোবৰ মাহত পুনৰ আৰম্ভ কৰা হ’ব। কিন্তু ইজৰাইলী এয়াৰলাইনৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বেই যুদ্ধ আৰম্ভ হৈ গ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ