--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধভূমি ইজৰাইলত এতিয়া ক’ত কেতিয়া বোমা ফুটে তাৰ কোনো নিশ্চিতি  নোহোৱা হৈ পৰিছে। কালিৰে পৰা আৰম্ভ হোৱা ইজৰাইল-পেলেষ্টাইনৰ হামাছৰ মাজৰ যুঁজত এতিয়ালৈকে ছয় শতাধিক লোক নিহত হৈছে। ইজৰাইলৰ ৰাজধানী চহৰ তেল আভিভত যুদ্ধৰ মাজতে আবদ্ধ হৈ পৰিছিল এয়াৰ ইণ্ডিয়াৰ বহু বৈমানিকৰ লগতে বিমান কৰ্মচাৰী ।

ইজৰাইলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এয়াৰ ইণ্ডিয়াই  ৭ অক্টোবৰৰ দিল্লী-তেল আভিভ বিমান খন বাতিল কৰিছিল ।  ফলস্বৰূপে তেল আভিভত আব্ধ হৈ পৰিছিল বহু ভাৰতীয় বিমান কৰ্মী। দেওবাৰে, এয়াৰ ইণ্ডিয়াই তেল আভিভ বিমান বন্দৰৰ পৰা বিমান পৰিবহন  সংস্থাটোৰ ১০ গৰাকী কৰ্মচাৰীক ভাৰতলৈ ওভতাই অনাৰ ব্যৱস্থা কৰে। 

তেওঁলোকক ইথিওপিয়াৰ আদিছ আবাবালৈ এখন বিমানেৰে অনা হয় আৰু তাৰ পৰা ভাৰতলৈ সংযোগী বিমানত তেওঁলোকক যাত্ৰা কৰাৰ সুবিধা কৰি দিয়া হয়। এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয় " এয়াৰ ইণ্ডিয়াৰ বাবে ইয়াৰ যাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুৰক্ষা হৈছে সৰ্বোচ্চ। ইজৰাইলৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৭ অক্টোবৰৰ বিমান বাতিল কৰা হৈছিল আৰু ইজৰাইলত  থকা আমাৰ লোকসকলক ওভতাই অনা হৈছে," । 

ইফালে এয়াৰ ইণ্ডিয়াই  ১৪ অক্টোবৰলৈকে সংস্থাটোৰ  ইজৰাইললৈ অহা-যোৱা কৰা সকলো বিমান বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ সূত্ৰটোৱে কয় "আমাৰ যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে তেল আভিভলৈ অহা-যোৱা কৰা আমাৰ বিমানসমূহ ১৪ অক্টোবৰ, ২০২৩ লৈকে স্থগিত ৰখা হ'ব। এয়াৰ ইণ্ডিয়াই এই সময়ছোৱাত যিকোনো বিমানত বুকিং নিশ্চিত কৰা যাত্ৰীসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়াব," । 

এয়াৰ ইণ্ডিয়াই  তেল আভিভলৈ সপ্তাহত  পাঁচখন বিমান চলাচল কৰে । ইজৰাইলী এয়াৰলাইন ইএল এএল-এ কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে কোভিডৰ বাবে তিনি বছৰলৈ বন্ধ হৈ থকা  ইয়াৰ বিমানৰ চলাচল  অক্টোবৰ মাহত পুনৰ আৰম্ভ কৰা হ’ব। কিন্তু ইজৰাইলী এয়াৰলাইনৰ সেৱা আৰম্ভ হোৱাৰ পূৰ্বেই যুদ্ধ আৰম্ভ হৈ গ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু