--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধবিধ্বস্ত ইজৰাইলৰ পৰা আঁতৰা নাই যুদ্ধৰ ধোঁৱা আৰু ছাই৷ ইজৰাইলৰ শিশু-মহিলাৰ মৰণকাতৰ আৰ্তনাদ আৰু মৃত্যুৰ কিৰীলিয়ে এতিয়াও সন্ত্ৰস্ত কৰি তোলে ইজৰাইলৰ নাগৰিকক৷ কিন্তু, যুদ্ধই জোকাৰি যোৱা ইজৰাইলৰ পৰা ভাৰতীয় শ্ৰমিকসকলৰ বাবে আহিছে ভাল খবৰ৷ 

ইজৰাইলত ভাৰতীয় শ্ৰমিকসকলৰ বাবে নিয়োগৰ বৃহৎ সুবিধা আগবঢ়োৱা হৈছে৷ এতিয়ালৈকে ভাৰতৰ বহুতো লোকক ইয়াৰ বাবে বাছনি কৰা হৈছে৷ ভাৰতৰ উত্তৰ প্ৰদেশকে ধৰি বহুতো ৰাজ্যৰ শ্ৰমিকে ইজৰাইললৈ যাবলৈ আবেদন কৰিছে আৰু সংশ্লিষ্ট ৰাজ্যসমূহত নিৰ্মিত কেন্দ্ৰবোৰৰ বাহিৰত দীঘলীয়া শাৰী দেখা গৈছে৷

ইজৰাইল এনে এখন দেশ, য’ত দেশখনৰ নাগৰিকে প্ৰাণৰ মমতাত তেওঁলোকৰ ঘৰৰ পৰা পলায়ন কৰিছে। তাৰ বিপৰীতে একাংশ ভাৰতীয় নাগৰিকে এতিয়া ইজৰাইললৈ যোৱাৰ বাবে হেতা-ওপৰা লগাইছে।

পিছে, ভাৰতীয় নাগৰিকে ইজৰাইললৈ যাব বিচাৰে কিয়?
ইজৰাইল-হামাছ যুদ্ধৰ মাজতে দেশখনৰ বহুতো ৰাজ্যত চাকৰিৰ বাবে পদ খালী হৈছে৷ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাকে ধৰি বহুতো ৰাজ্যৰ শ্ৰমিকৰ দ্বাৰা আবেদন কৰা হৈছে সেই পদসমূহ পূৰণৰ বাবে। এই চাকৰিবোৰ ভাৰতত নহয় কিন্তু যুদ্ধক্ষেত্ৰ ইজৰাইলত মুকলি হৈছে। এনে পৰিস্থিতিত, প্ৰশ্ন উত্থাপিত হয় যে ইজৰাইলে কিয় ভাৰতীয়সকলক চাকৰি দিব বিচাৰে আৰু ভাৰতীয়সকলে কিয় যুদ্ধক্ষেত্ৰত কাম কৰিবলৈ প্ৰতিযোগিতা কৰিছে?

জানিব পৰা মতে, ইজৰাইল-হামাছ যুদ্ধৰ মাজতে ইজৰাইল চৰকাৰে ভাৰতৰ পৰা এক লাখ শ্ৰমিক প্ৰেৰণ কৰিবলৈ দাবী জনাইছে। যোৱা ৭ অক্টোবৰত হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰাৰ পাছৰে পৰা তেওঁলোকে শ্ৰমিকৰ অভাৱৰ সন্মুখীন হৈছে। এটা ১৫ জনীয়া ইজৰাইলী দলে ভাৰতৰ পৰা শ্ৰমিক বাছনিৰ প্ৰক্ৰিয়াটো তদাৰক কৰি আছে। কাঠমিস্ত্ৰী আৰু ভাৰতৰ অন্যান্য নিৰ্মাণদক্ষ শ্ৰমিকসকলক ইজৰাইললৈ প্ৰেৰণ কৰা হ’ব। পূৰ্বে কেৱল পেলেষ্টাইনী শ্ৰমিকসকলেই ইজৰাইলত কাম কৰিছিল, কিন্তু যুদ্ধৰ বাবে তেওঁলোকৰ অনুমতি প্ৰত্যাহাৰ কৰা হৈছে। লগতে, গাজাৰ সৈতে সীমা পেলেষ্টাইনীসকলৰ বাবে বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ইজৰাইলত শ্ৰমৰ এক বৃহৎ সমস্যা সৃষ্টি হৈছে।

ভাৰতৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ শ্ৰমিকসকলক ইজৰাইললৈ পঠিয়াবলৈ বাছনি কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা চৰকাৰেও শ্ৰমিকসকলৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। এই শ্ৰমিকসকল ইজৰাইলত নিৰ্মাণকাৰ্যত নিয়োজিত থাকিব।

দৰমহা কিমান?
ভাৰতৰ পৰা ইজৰাইললৈ যোৱা শ্ৰমিকসকলক চুক্তিত প্ৰেৰণ কৰা হ’ব। এই চুক্তিবোৰ এবছৰতকৈও অধিক সময়ৰ বাবে হ’ব পাৰে। সংবাদ সংস্থা এপিৰ মতে, ইজৰাইললৈ যোৱা শ্ৰমিকসকলে মাহে প্ৰায় ১৬০০ ডলাৰ লাভ কৰিব। যিটো ভাৰতীয় টকাত প্ৰায় ১ লাখ ৩২ হাজাৰ। সংবাদ মাধ্যমৰ প্ৰতিবেদনত এইটোও কোৱা হৈছে যে ইজৰাইলৰ এই শ্ৰমিকসকলৰ বাবে বাসস্থান আৰু খাদ্যৰ বিনামূলীয়া ব্যৱস্থা থাকিব। 

ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ মতে, যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে যোৱাবছৰ ইজৰাইল আৰু ভাৰতৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ অধীনত ইজৰাইলত নিৰ্মাণ আৰু নাৰ্চিং ক্ষেত্ৰত ৪০,০০০ ভাৰতীয়ক কাম কৰিবলৈ অনুমতি দিয়া হ’ব। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ২০২২ৰ তথ্য অনুসৰি, ইজৰাইলত প্ৰায় ১৩,০০০ ভাৰতীয় শ্ৰমিক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement