--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰা নাই চীন-ভাৰতৰ সীমা বিবাদ৷ দুই চুবুৰীয়া ৰাষ্ট্ৰৰ সীমা বিবাদে সীমান্তৱৰ্তী অঞ্চলত সংঘাত সৃষ্টি কৰি অহা কথাটো কোনো নতুন কথা নহয়৷ পুনৰ শেহতীয়াকৈ ভাৰত-চীন সীমান্তত দেখা গৈছে তীব্ৰ উত্তেজনা৷ পূব লাডাখৰ LACত আকৌ এবাৰ চীনা সৈনিকে ৰচিছে গোপন অভিসন্ধি৷ যাক লৈ পুনৰবাৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে৷ 

গালৱানত ভাৰতীয় বীৰ সৈনিকৰ পৰা এসেকা পোৱা চীনা সেনাই এইবাৰ পোনপটীয়াকৈ ভাৰতীয় সৈনিকৰে সংঘাতত লিপ্ত হোৱাৰ বিপৰীতে লৈছে আওপকীয়া ৰাস্তা৷ যিকোনো প্ৰকাৰে LACত উত্তেজনা অব্যাহত ৰখাৰ বাবে ৰঙাচীনে ৰচিছে নতুন অভিসন্ধি৷ যাৰবাবে চীনা সৈনিকে এইবাৰ টাৰ্গেট কৰি লৈছে লাডাখৰ স্থানীয় বাসিন্দাক৷

শেহতীয়াকৈ ভাৰতীয় এলেকাত লাডাখৰ ভেড়া পালকক বাধা প্ৰদান কৰিছে আগ্ৰাসী চীনা সৈনিকে৷ ভাৰতৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোৰ পৰা বলপূৰ্বকভাৱে ভাৰতীয় ভেড়া পালকক আঁতৰাই পঠিওৱাৰ অপচেষ্টা কৰিছে চীনা সৈনিকে৷ কিন্তু চীনা সৈনিকক উভতি ধৰিলে লাডাখৰ ভেড়া পালকে৷ ভাৰতৰ এলেকাৰ পৰা আঁতৰি নাযাবলৈ চীনা সৈনিকক ফেপেৰি পাতি ধৰিছে লাডাখৰ ভেড়া পালকে৷ পূব লাডাখৰ LACৰ সমীপত সংঘটিত হৈছে এই ঘটনা৷

চীনা সৈনিকৰে ভেড়া পালকৰ সংঘাতৰ কিছুমান দৃশ্য ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ কিন্তু, ভাৰতৰ ভেড়া পালকসকলৰ প্ৰতিৰোধৰ বাবেই ভাৰতীয় এলেকাৰ পৰা আঁতৰি যাবলৈ বাধ্য হ’ল আগ্ৰাসী চীনা সৈনিক৷ গালৱানৰ সংঘৰ্ষৰ পাছত LACত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷ 

২০২০ৰ ১৫ জুনত লাডাখৰ গালৱানত হৈছিল ভাৰত-চীন সৈনিকৰ ভয়ংকৰ সংঘাত৷ য’ত শ্বহীদ হৈছিল ২০জনকৈ ভাৰতীয় জোৱান৷ আনহাতে ৪০ জনৰো অধিক চীনা সৈনিকে প্ৰাণ হেৰুৱাইছিল সেই সংঘৰ্ষত৷ গালৱানৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত ৪ দশক পাছত LACত সংঘটিত হৈছিল গুলীচালনাৰ দৰে ঘটনা৷ তাৰপাছতে প্ৰতিদিনেই চীনে ৰচনা কৰি আহিছে নতুন নতুন গোপন অভিসন্ধি৷ ভাৰতৰ ভূমি আগ্ৰাসনৰ বাবে এনেদৰেই এইবাৰ চীনে টাৰ্গেট কৰি ল’লে লাডাখৰ স্থানীয় বাসিন্দাক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ