--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সকলো মুদ্ৰানীতিৰ সিদ্ধান্তৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) দায়বদ্ধ। অৱশ্যে আৰবিআইয়ে চৰকাৰৰ নিৰ্দেশনাত কাম কৰে। চৰকাৰে আৰবিআইক নিৰ্দেশনা দিয়ে, তাৰ পিছতহে মুদ্ৰা জাৰি কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ।


যদি কোনো মুদ্ৰা বা নোট বন্ধ কৰি দিয়া হৈছে বা জাৰি কৰাৰ প্ৰক্ৰিয়াত থাকিলেও আৰ বি আইয়ে ইয়াক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ বিচাৰে। বৰ্তমান ভাৰতত ১ টকাৰ পৰা ২০ টকালৈকে মুদ্ৰা প্ৰচলিত হৈ আছে। শেহতীয়াকৈ ৩০ আৰু ৫০ টকীয়া মুদ্ৰাও জাৰি কৰা হৈছে বুলি খবৰ পোৱা গৈছে।


সামাজিক মাধ্যমৰ খবৰ অনুসৰি আগন্তুক দিনত ৫ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ যাব। দেশত বৰ্তমানলৈ কেইবাবাৰো মুদ্ৰা আৰু নোট বন্ধ কৰা দেখা গৈছে ৷ ২০১৬ চনত বন্ধ কৰি দিয়া হৈছিল ৫০০ আৰু ১০০০ টকীয়া নোট । যোৱা বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেও ২০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৫ টকীয়া মুদ্ৰা সন্দৰ্ভতো আৰবিআইয়ে ডাঙৰ সিদ্ধান্ত লৈছে ।

বৰ্তমান দেশত দুবিধ পাঁচ টকীয়া মুদ্ৰা প্ৰচলিত। এটা পিতলৰ, আনটো ডাঠ ধাতুৰ। কিন্তু শেহতীয়াকৈ বৃহৎ মুদ্ৰাৰ প্ৰচলন হ্ৰাস পাইছে।বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰিজাৰ্ভ বেংকেও ৫ টকাৰ ডাঠ ধাতুৰ মুদ্ৰা জাৰি নকৰে। সাধাৰণতে বজাৰত কেৱল পিতলৰ মুদ্ৰাহে পোৱা যায়।

৫ টকীয়া ডাঠ মুদ্ৰা বন্ধ কৰাৰ আঁৰৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল ইয়াৰ নিৰ্মাণত ব্যৱহৃত ধাতু গলি চাৰিৰ পৰা পাঁচটা ব্লেড তৈয়াৰ কৰিব পৰা যায়, যাৰ মূল্য ৫ টকাতকৈ অধিক। এই অৰ্থনৈতিক কাৰকৰ বাবে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে এই পাঁচ টকীয়া মুদ্ৰা বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিয়ম অনুসৰি যদি মুদ্ৰা উৎপাদনৰ খৰচ ইয়াৰ মুদ্ৰা মূল্যতকৈ বেছি হয়, তেন্তে সেই মুদ্ৰা বা নোটবোৰ প্ৰচলনৰ পৰা বিৰত থাকে আৰবিআই ৷উদাহৰণস্বৰূপে, যদি কোনো ব্যক্তিয়ে ৫ টকীয়া মুদ্ৰা এটা গলাই ৫ টা ব্লেড তৈয়াৰ কৰে, আৰু পিছত প্ৰতি ব্লেডত ২ টকাত বিক্ৰী কৰে (মুঠ ১০ টকা উপাৰ্জন কৰে), তেন্তে মুদ্ৰাটোত থকা ধাতুৰ আভ্যন্তৰীণ মূল্য ইয়াৰ আৰ্থিক মূল্যতকৈ বেছি হয় ৷এই কাৰণতে আৰবিআইয়ে কিছুমান বিশেষ মুদ্ৰাৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লয়, যেনে পাঁচ টকীয়া ডাঠ মুদ্ৰা।

১০০, ২০০ আৰু ৫০০ টকীয়া নোটৰ লগতে ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা এতিয়াও প্ৰচলিত হৈ আছে । কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে যে ৫ টকীয়া মুদ্ৰা বজাৰৰ পৰা প্ৰায় নোহোৱা হৈ গৈছে । পাঁচটকীয়া মুদ্ৰাটো আমি সকলোৱে ব্যৱহাৰ কৰিছো আৰু দেখিছো যে আগতে আন মুদ্ৰাতকৈ ডাঠ আছিল । কিন্তু এতিয়া এই মুদ্ৰাবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে আৰু তাৰ ঠাইত ৫ টকাৰ পাতল সোণালী ৰঙৰ মুদ্ৰা এটা আহি পৰিছে ।

যদি ৫ টকাৰ মুদ্ৰাৰ ওজন ৯ গ্ৰামতকৈ বেছি হয় তেন্তে আৰ বি আয়ে ইয়াৰ ওজন হ্ৰাস কৰে অথবা ছপা কৰা বন্ধ কৰে ।

এতিয়া বজাৰত সেই একেবোৰ পুৰণি মুদ্ৰা দেখা গৈছে যিবোৰ চলি থাকে । ইয়াৰ বাহিৰেও সকলোতে পাতল সোণালী ৰঙৰ মুদ্ৰা দেখা যায় ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ