--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ সকলো মুদ্ৰানীতিৰ সিদ্ধান্তৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) দায়বদ্ধ। অৱশ্যে আৰবিআইয়ে চৰকাৰৰ নিৰ্দেশনাত কাম কৰে। চৰকাৰে আৰবিআইক নিৰ্দেশনা দিয়ে, তাৰ পিছতহে মুদ্ৰা জাৰি কৰাৰ পদক্ষেপ গ্ৰহণ কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ।


যদি কোনো মুদ্ৰা বা নোট বন্ধ কৰি দিয়া হৈছে বা জাৰি কৰাৰ প্ৰক্ৰিয়াত থাকিলেও আৰ বি আইয়ে ইয়াক নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ বিচাৰে। বৰ্তমান ভাৰতত ১ টকাৰ পৰা ২০ টকালৈকে মুদ্ৰা প্ৰচলিত হৈ আছে। শেহতীয়াকৈ ৩০ আৰু ৫০ টকীয়া মুদ্ৰাও জাৰি কৰা হৈছে বুলি খবৰ পোৱা গৈছে।


সামাজিক মাধ্যমৰ খবৰ অনুসৰি আগন্তুক দিনত ৫ টকীয়া মুদ্ৰাৰ প্ৰচলন বন্ধ হৈ যাব। দেশত বৰ্তমানলৈ কেইবাবাৰো মুদ্ৰা আৰু নোট বন্ধ কৰা দেখা গৈছে ৷ ২০১৬ চনত বন্ধ কৰি দিয়া হৈছিল ৫০০ আৰু ১০০০ টকীয়া নোট । যোৱা বছৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেও ২০০০ টকীয়া নোট নিষিদ্ধ কৰিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৫ টকীয়া মুদ্ৰা সন্দৰ্ভতো আৰবিআইয়ে ডাঙৰ সিদ্ধান্ত লৈছে ।

বৰ্তমান দেশত দুবিধ পাঁচ টকীয়া মুদ্ৰা প্ৰচলিত। এটা পিতলৰ, আনটো ডাঠ ধাতুৰ। কিন্তু শেহতীয়াকৈ বৃহৎ মুদ্ৰাৰ প্ৰচলন হ্ৰাস পাইছে।বৰ্তমান কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰিজাৰ্ভ বেংকেও ৫ টকাৰ ডাঠ ধাতুৰ মুদ্ৰা জাৰি নকৰে। সাধাৰণতে বজাৰত কেৱল পিতলৰ মুদ্ৰাহে পোৱা যায়।

৫ টকীয়া ডাঠ মুদ্ৰা বন্ধ কৰাৰ আঁৰৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল ইয়াৰ নিৰ্মাণত ব্যৱহৃত ধাতু গলি চাৰিৰ পৰা পাঁচটা ব্লেড তৈয়াৰ কৰিব পৰা যায়, যাৰ মূল্য ৫ টকাতকৈ অধিক। এই অৰ্থনৈতিক কাৰকৰ বাবে চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে এই পাঁচ টকীয়া মুদ্ৰা বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিয়ম অনুসৰি যদি মুদ্ৰা উৎপাদনৰ খৰচ ইয়াৰ মুদ্ৰা মূল্যতকৈ বেছি হয়, তেন্তে সেই মুদ্ৰা বা নোটবোৰ প্ৰচলনৰ পৰা বিৰত থাকে আৰবিআই ৷উদাহৰণস্বৰূপে, যদি কোনো ব্যক্তিয়ে ৫ টকীয়া মুদ্ৰা এটা গলাই ৫ টা ব্লেড তৈয়াৰ কৰে, আৰু পিছত প্ৰতি ব্লেডত ২ টকাত বিক্ৰী কৰে (মুঠ ১০ টকা উপাৰ্জন কৰে), তেন্তে মুদ্ৰাটোত থকা ধাতুৰ আভ্যন্তৰীণ মূল্য ইয়াৰ আৰ্থিক মূল্যতকৈ বেছি হয় ৷এই কাৰণতে আৰবিআইয়ে কিছুমান বিশেষ মুদ্ৰাৰ উৎপাদন বন্ধ কৰাৰ সিদ্ধান্ত লয়, যেনে পাঁচ টকীয়া ডাঠ মুদ্ৰা।

১০০, ২০০ আৰু ৫০০ টকীয়া নোটৰ লগতে ৫, ১০ আৰু ২০ টকীয়া মুদ্ৰা এতিয়াও প্ৰচলিত হৈ আছে । কিন্তু যোৱা কেইবছৰমানৰ পৰা দেখা গৈছে যে ৫ টকীয়া মুদ্ৰা বজাৰৰ পৰা প্ৰায় নোহোৱা হৈ গৈছে । পাঁচটকীয়া মুদ্ৰাটো আমি সকলোৱে ব্যৱহাৰ কৰিছো আৰু দেখিছো যে আগতে আন মুদ্ৰাতকৈ ডাঠ আছিল । কিন্তু এতিয়া এই মুদ্ৰাবোৰ ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে আৰু তাৰ ঠাইত ৫ টকাৰ পাতল সোণালী ৰঙৰ মুদ্ৰা এটা আহি পৰিছে ।

যদি ৫ টকাৰ মুদ্ৰাৰ ওজন ৯ গ্ৰামতকৈ বেছি হয় তেন্তে আৰ বি আয়ে ইয়াৰ ওজন হ্ৰাস কৰে অথবা ছপা কৰা বন্ধ কৰে ।

এতিয়া বজাৰত সেই একেবোৰ পুৰণি মুদ্ৰা দেখা গৈছে যিবোৰ চলি থাকে । ইয়াৰ বাহিৰেও সকলোতে পাতল সোণালী ৰঙৰ মুদ্ৰা দেখা যায় ।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু