--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ অৰ্থনীতি কিছুবছৰৰ পিছতে আমেৰিকা আৰু চীনৰ পিছতে তৃতীয় স্থানত থকা অৰ্থনীতি হ’ব বুলি বিশেষ মহলে প্ৰচাৰ চলাই থকাৰ সময়তে দেশত বন্ধ হ’ল আন এটা বেংক। ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ বন্ধ কৰি দিছে মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক।ইতিমধ্যে বেংকটো বন্ধ কৰি ইয়াৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে   বিভিন্ন বেংকৰ বাবে নিৰ্দেশনা জাৰি কৰি আহিছে । কিন্তু এইবাৰ নতুন নিৰ্দেশনাৱলীত  এটা বেংক বন্ধ কৰাৰেই  নিৰ্দেশ দিয়া হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে সমগ্ৰ দেশৰ সকলো বেংকিং আইন পৰিদৰ্শন কৰে। যদি দেশৰ সকলো বেংকে বেংকিং নিয়ম সঠিকভাৱে অনুসৰণ নকৰে তেন্তে আৰবিআইয়ে প্ৰায়ে বেংকসমূহৰ বিৰুদ্ধে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লয়।কেইদিনমান আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন সমবায় বেংক সন্দৰ্ভত অধিক কঠোৰ মনোভাব গ্ৰহণ কৰিছে। এনে স্থিতিৰ পৰিপ্ৰেক্ষিততে  এইবাৰ সমবায় বেংকসমূহৰ ওপৰত  নতুন নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আৰ.বি.আই.-য়ে মহাৰাষ্ট্ৰত লক্ষ্মী সমবায় বেঙ্কৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পিছতে বেংকটোৰ গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগিছে। বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ বাবে গ্ৰাহকসকলে আৰু বেংকটোৰ জৰিয়তে  লেনদেন কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকৰ পৰা ৫ লাখ টকালৈকে গ্ৰাহকৰ  জমা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

ডি.আই.চি.জি.চি.-ৰ তত্বাৱধানত গ্ৰাহকসকলক  ৫ লাখ টকালৈকে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব। কিন্তু সমস্যাটো হ'ল যদি কোনোৱাই ইয়াতকৈ অধিক ধন বেংকটোত জমা কৰিছিল তেন্তে তেনে গ্ৰাহকৰ বাকী ধনৰাশি আৰু ঘূৰাই নাপাব। ফলত ৫ লাখতকৈ বেছি ধন জমা কৰা সকলৰ মূৰত সৰগ ভাগি পৰিছে। কেৱল লক্ষ্মী কো-অপাৰেটিভ বেংকেই  নহয়, পুনেস্থিত ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডো বন্ধ কৰি দিয়া হৈছে।  

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ সূত্ৰ অনুসৰি ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডৰ পৰ্যাপ্ত মূলধন নাই আৰু উপাৰ্জনৰ বিশেষ  কোনো সম্ভাৱনাও নাই। সেইকাৰণে আৰবিআইয়ে সংশ্লিষ্ট বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ২২ ছেপ্টেম্বৰত বেংকটোৱে  সকলো লেনদেন বন্ধ কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু