--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ অৰ্থনীতি কিছুবছৰৰ পিছতে আমেৰিকা আৰু চীনৰ পিছতে তৃতীয় স্থানত থকা অৰ্থনীতি হ’ব বুলি বিশেষ মহলে প্ৰচাৰ চলাই থকাৰ সময়তে দেশত বন্ধ হ’ল আন এটা বেংক। ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ বন্ধ কৰি দিছে মহাৰাষ্ট্ৰৰ লক্ষ্মী সমবায় বেংক।ইতিমধ্যে বেংকটো বন্ধ কৰি ইয়াৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে   বিভিন্ন বেংকৰ বাবে নিৰ্দেশনা জাৰি কৰি আহিছে । কিন্তু এইবাৰ নতুন নিৰ্দেশনাৱলীত  এটা বেংক বন্ধ কৰাৰেই  নিৰ্দেশ দিয়া হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে সমগ্ৰ দেশৰ সকলো বেংকিং আইন পৰিদৰ্শন কৰে। যদি দেশৰ সকলো বেংকে বেংকিং নিয়ম সঠিকভাৱে অনুসৰণ নকৰে তেন্তে আৰবিআইয়ে প্ৰায়ে বেংকসমূহৰ বিৰুদ্ধে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লয়।কেইদিনমান আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বিভিন্ন সমবায় বেংক সন্দৰ্ভত অধিক কঠোৰ মনোভাব গ্ৰহণ কৰিছে। এনে স্থিতিৰ পৰিপ্ৰেক্ষিততে  এইবাৰ সমবায় বেংকসমূহৰ ওপৰত  নতুন নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আৰ.বি.আই.-য়ে মহাৰাষ্ট্ৰত লক্ষ্মী সমবায় বেঙ্কৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পিছতে বেংকটোৰ গ্ৰাহকসকলৰ মাজত হাহাকাৰ লাগিছে। বেংকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ বাবে গ্ৰাহকসকলে আৰু বেংকটোৰ জৰিয়তে  লেনদেন কৰিব নোৱাৰিব। ৰিজাৰ্ভ বেংকৰ পৰা ৫ লাখ টকালৈকে গ্ৰাহকৰ  জমা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।

ডি.আই.চি.জি.চি.-ৰ তত্বাৱধানত গ্ৰাহকসকলক  ৫ লাখ টকালৈকে সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব। কিন্তু সমস্যাটো হ'ল যদি কোনোৱাই ইয়াতকৈ অধিক ধন বেংকটোত জমা কৰিছিল তেন্তে তেনে গ্ৰাহকৰ বাকী ধনৰাশি আৰু ঘূৰাই নাপাব। ফলত ৫ লাখতকৈ বেছি ধন জমা কৰা সকলৰ মূৰত সৰগ ভাগি পৰিছে। কেৱল লক্ষ্মী কো-অপাৰেটিভ বেংকেই  নহয়, পুনেস্থিত ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডো বন্ধ কৰি দিয়া হৈছে।  

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ সূত্ৰ অনুসৰি ৰূপী কো-অপাৰেটিভ বেংক লিমিটেডৰ পৰ্যাপ্ত মূলধন নাই আৰু উপাৰ্জনৰ বিশেষ  কোনো সম্ভাৱনাও নাই। সেইকাৰণে আৰবিআইয়ে সংশ্লিষ্ট বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ২২ ছেপ্টেম্বৰত বেংকটোৱে  সকলো লেনদেন বন্ধ কৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ