--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে কেৱল মানুহৰ স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলোৱা নাই। দেশৰ গৰিষ্ঠসংখ্যক কোম্পানীৰ আৰ্থিক স্বাস্থ্যৰ ওপৰতো কোভিডৰ প্ৰভাৱ পৰিছে। শেহতীয়াকৈ পিডব্লিউচিৰ 'গ্লোবেল ইকনমিক ক্ৰাইম এণ্ড ফ্ৰড চাৰ্ভে ২০২২' ৰ প্ৰতিবেদনত এই তথ্য  প্ৰকাশ পাইছে।  প্ৰতিবেদনত কোৱা   হৈছে যে কোভিডৰ সংক্ৰমণৰ সময়তে ডিজিটেল প্ৰক্ৰিয়াই গতি লাভ কৰিছে যদিও এই  আকস্মিক পৰিৱৰ্তনৰ ফলত কোম্পানীবোৰে ডিজিটেল সুৰক্ষা, কৰ্মচাৰীৰ সুৰক্ষা আদি বিষয়সমূহত নতুন বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। 

ডিজিটেল প্ৰক্ৰিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰাৰ বাবে বিত্তীয় প্ৰৱঞ্চনা আৰু অৰ্থনৈতিক অপৰাধ আদিৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ডাঙৰ প্ৰতিষ্ঠানবোৰত এনে প্ৰৱঞ্চনাৰ ঘটনা অধিক হোৱা পৰিলক্ষিত হৈছে।  মঙলবাৰে মুকলি কৰা এক নতুন জৰীপ অনুসৰি যোৱা দুবছৰত ৯৫ শতাংশতকৈও   অধিক ভাৰতীয় কোম্পানীত  নতুন ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা দেখিছে।

এনে তথ্য সমগ্ৰ বিশ্বৰ ১,২৯৬  টা কোম্পানীৰ সংস্থা পিডব্লিউচিৰ জৰীপৰ পৰা লাভ কৰা হৈছে । প্ৰতিবেদন প্ৰস্তুত কৰোতে ১১২ টা ভাৰতীয় কোম্পানী  আৰু ৩২  টা বিবিধ উদ্যোগক সামৰি লোৱা হৈছিল। 

প্ৰতিবেদনত কোৱা হৈছে "ডিজিটেল প্ৰক্ৰিয়াৰ ফলত  প্ৰৱঞ্চনাৰ নতুন ঘটনা বৃদ্ধি পাইছে: যোৱা ২৪  মাহত ৫২  শতাংশ ভাৰতীয় কোম্পানীয়ে প্ৰৱঞ্চনা বা অৰ্থনৈতিক অপৰাধৰ সন্মুখীন হৈছে আৰু ইয়াৰে ৯৫ শতাংশই কোভিডে সৃষ্টি কৰা  ব্যাঘাতৰ ফলত হৈছে। প্ৰকাৰৰ ''।উল্লেখ্য একেধৰণৰ পূৰ্বৱৰ্তী জৰীপত ২০২০ চনত কৰা হৈছিল আৰু তেতিয়া  এনে ঘটনা  ৫৬  শতাংশ আছিল।

পিডব্লিউচি ইণ্ডিয়াৰ ফৰেনচিক সেৱাৰ মুৰব্বী পুনীত গাৰ্খেলে কয় যে কোম্পানীবোৰে "প্ৰৱঞ্চনাৰ নতুন ধাৰা হ্ৰাস কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিত বিনিয়োগ"ত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।তেওঁ উল্লেখ কৰে যে যোৱা দুবছৰত কোম্পানীবোৰৰ সাংগঠনিক পৰিধি অধিক অসুৰক্ষিত হৈ পৰিছে।

ভাৰতীয় কোম্পানীবোৰে প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। 

প্ৰতিবেদন অনুসৰি কোম্পানীবোৰে সন্মুখীন হোৱা নতুন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ ভিতৰত আছে "অসৎ ব্যৱসায়িক বিপদাশংকা (৬৭  শতাংশ), আইনী বিপদাশংকা (১৬ শতাংশ), চাইবাৰ ক্ৰাইম (৩১ শতাংশ), ইনচাইডাৰ ট্ৰেডিং (১৯ শতাংশ), আৰু আন বিপদাশংকা (৩৮ শতাংশ)।ডিজিটেল ব্যৱস্থা যিমান সহজ আৰু দ্ৰুত, সিমান ক্ষতিকাৰকো। সেই কথাই প্ৰমাণ হৈছে প্ৰতিবেদন খনৰ পৰা ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ