--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে কেৱল মানুহৰ স্বাস্থ্যৰ ওপৰতে প্ৰভাৱ পেলোৱা নাই। দেশৰ গৰিষ্ঠসংখ্যক কোম্পানীৰ আৰ্থিক স্বাস্থ্যৰ ওপৰতো কোভিডৰ প্ৰভাৱ পৰিছে। শেহতীয়াকৈ পিডব্লিউচিৰ 'গ্লোবেল ইকনমিক ক্ৰাইম এণ্ড ফ্ৰড চাৰ্ভে ২০২২' ৰ প্ৰতিবেদনত এই তথ্য  প্ৰকাশ পাইছে।  প্ৰতিবেদনত কোৱা   হৈছে যে কোভিডৰ সংক্ৰমণৰ সময়তে ডিজিটেল প্ৰক্ৰিয়াই গতি লাভ কৰিছে যদিও এই  আকস্মিক পৰিৱৰ্তনৰ ফলত কোম্পানীবোৰে ডিজিটেল সুৰক্ষা, কৰ্মচাৰীৰ সুৰক্ষা আদি বিষয়সমূহত নতুন বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। 

ডিজিটেল প্ৰক্ৰিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰাৰ বাবে বিত্তীয় প্ৰৱঞ্চনা আৰু অৰ্থনৈতিক অপৰাধ আদিৰ ঘটনা দ্ৰুত গতিত বৃদ্ধি পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে ডাঙৰ প্ৰতিষ্ঠানবোৰত এনে প্ৰৱঞ্চনাৰ ঘটনা অধিক হোৱা পৰিলক্ষিত হৈছে।  মঙলবাৰে মুকলি কৰা এক নতুন জৰীপ অনুসৰি যোৱা দুবছৰত ৯৫ শতাংশতকৈও   অধিক ভাৰতীয় কোম্পানীত  নতুন ধৰণৰ প্ৰৱঞ্চনা সংঘটিত হোৱা দেখিছে।

এনে তথ্য সমগ্ৰ বিশ্বৰ ১,২৯৬  টা কোম্পানীৰ সংস্থা পিডব্লিউচিৰ জৰীপৰ পৰা লাভ কৰা হৈছে । প্ৰতিবেদন প্ৰস্তুত কৰোতে ১১২ টা ভাৰতীয় কোম্পানী  আৰু ৩২  টা বিবিধ উদ্যোগক সামৰি লোৱা হৈছিল। 

প্ৰতিবেদনত কোৱা হৈছে "ডিজিটেল প্ৰক্ৰিয়াৰ ফলত  প্ৰৱঞ্চনাৰ নতুন ঘটনা বৃদ্ধি পাইছে: যোৱা ২৪  মাহত ৫২  শতাংশ ভাৰতীয় কোম্পানীয়ে প্ৰৱঞ্চনা বা অৰ্থনৈতিক অপৰাধৰ সন্মুখীন হৈছে আৰু ইয়াৰে ৯৫ শতাংশই কোভিডে সৃষ্টি কৰা  ব্যাঘাতৰ ফলত হৈছে। প্ৰকাৰৰ ''।উল্লেখ্য একেধৰণৰ পূৰ্বৱৰ্তী জৰীপত ২০২০ চনত কৰা হৈছিল আৰু তেতিয়া  এনে ঘটনা  ৫৬  শতাংশ আছিল।

পিডব্লিউচি ইণ্ডিয়াৰ ফৰেনচিক সেৱাৰ মুৰব্বী পুনীত গাৰ্খেলে কয় যে কোম্পানীবোৰে "প্ৰৱঞ্চনাৰ নতুন ধাৰা হ্ৰাস কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিত বিনিয়োগ"ত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে।তেওঁ উল্লেখ কৰে যে যোৱা দুবছৰত কোম্পানীবোৰৰ সাংগঠনিক পৰিধি অধিক অসুৰক্ষিত হৈ পৰিছে।

ভাৰতীয় কোম্পানীবোৰে প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত সফল হ'ব পৰা নাই। 

প্ৰতিবেদন অনুসৰি কোম্পানীবোৰে সন্মুখীন হোৱা নতুন প্ৰকাৰৰ প্ৰৱঞ্চনাৰ ভিতৰত আছে "অসৎ ব্যৱসায়িক বিপদাশংকা (৬৭  শতাংশ), আইনী বিপদাশংকা (১৬ শতাংশ), চাইবাৰ ক্ৰাইম (৩১ শতাংশ), ইনচাইডাৰ ট্ৰেডিং (১৯ শতাংশ), আৰু আন বিপদাশংকা (৩৮ শতাংশ)।ডিজিটেল ব্যৱস্থা যিমান সহজ আৰু দ্ৰুত, সিমান ক্ষতিকাৰকো। সেই কথাই প্ৰমাণ হৈছে প্ৰতিবেদন খনৰ পৰা ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক