--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষত দক্ষিণ ভাৰতৰ ছৱিসমূহে বক্স অফিচত তোলপাৰ লগাই আছে। কিন্তু তাৰ বিপৰীতে এখনৰ পাছত এখনকৈ বলিউডৰ ছৱিয়ে মাধমাৰ খাইছে। কিয়? এই বিষয়ে মুখ খুলিছে দক্ষিণ ভাৰতৰ চিনেমা পৰিচালক এছএছ ৰাজমৌলীয়ে।

বাহুবলী, ‘আৰআৰআৰ’ৰ যোগেৰে তুমূল জনপ্ৰিয়তা আৰু প্ৰশংসিত হোৱা ৰাজামৌলীয়ে কয় যে দৰ্শকৰ পচন্দ অনুযায়ী ছৱি নিৰ্মাণ কৰিলে চিনেমা সফল হ’বই। বলিউডৰ ছৱিসমূহ ব্যৰ্থ হোৱাৰ কাৰণ হিচাপে তেওঁ অনুভৱ কৰে যে অভিনেতা আৰু পৰিচালকসকলৰ আকাশচুম্বী পৰিশ্ৰমিকৰ ফলত এইসমূহ ঘটিছে।

“হিন্দী ছৱিত কৰ্প’ৰেট সংস্থাৰ আগমণৰ ফলত অভিনেতা, পৰিচালকৰ পৰা আৰম্ভ কৰি প্ৰত্যেককে বেছি পৰিশ্ৰমিক দিবলৈ আৰম্ভ কৰিছে। ফলত সফলতা কমি গৈছে। মনত ৰখা ভাল যে বেছি সময় সাঁতুৰিব নাজানিলে পানীত ডুবি যোৱাৰ সম্ভাৱনা থাকে।”- ৰাজামৌলীয়ে কয়।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজামৌলী পৰিচালিত ‘আৰআৰআৰ’-এ গোল্ডেন গ্ল’ব বঁটাৰ দুটি বিভাগৰ বাবে মনোনিত হৈছে। ছৱিখনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত উচ্চ প্ৰশংসিত হৈছে ৰাজামৌলী। কিন্তু নিজৰ ছৱিয়ে সফলতা লাভ কৰিলেও আত্মতুষ্টিত ভোগাৰ কাৰণ নাই বুলি অনুভৱ ব্যক্ত কৰে তেওঁ। 

“মোৰ ছৱিয়ে ভাল ব্যৱসায় কৰিছে বুলিয়ে আত্মতুষ্টিত ভোগাৰ কোনো কাৰণ নাই। সেয়া হ’লে সফলতাৰ প্ৰতি থকা ক্ষুধা কমি যায়। পৰিস্থিতিয়ে অন্যদিশে বাট লয়।”- ৰাজামৌলীয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক