--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ই গ্ৰাহকক প্ৰদান কৰিছে দীপাৱলী উপহাৰ। ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৪ত ৰিলায়েন্স জিঅ’ই মুকলি কৰিছে ২টা নতুন 4G ফিচাৰ ফোন। মুকলি কৰা দুয়োটা 4G ফিচাৰ ফোন জিঅ’ভাৰত ছিৰিজৰ অধীনত মুকলি কৰা হৈছে। এই দুটা ফিচাৰ ফোনৰ নাম হৈছে JioBharat V3 আৰু V4। যোৱা বছৰ ৰিলায়েন্স জিঅ’ই জিঅ’ভাৰত ছিৰিজৰ V2 ফোন মুকলি কৰিছিল, যিটো ৰাইজে বহুত ভাল পাইছিল। এনে পৰিস্থিতিত এতিয়া চাব লাগিব জিঅ’ভাৰত ছিৰিজৰ V3 আৰু V4 মানুহে কিমান ভাল পায়।


জিঅ’ভাৰত ছিৰিজৰ V3, V4 4G ফিচাৰ ফোনৰ দামৰ কথা ক’বলৈ গ’লে এই ফোনসমূহৰ মূল্য ১০৯৯ টকাৰ পৰা আৰম্ভ হৈছে। এনে পৰিস্থিতিত মানুহে এই ফোনটো সুলভ মূল্যত লাভ কৰিব । শীঘ্ৰে জিঅ’ৰ জিঅ’ ভাৰত V3 আৰু V4 ফোন মোবাইল ষ্ট’ৰৰ লগতে জিঅ’মাৰ্ট আৰু আমাজনতো গ্ৰাহকৰ বাবে উপলব্ধ কৰা হ’ব।


জিঅ’ভাৰত V3 আৰু V4 ফোনত শেহতীয়া ডিজাইন অন্তৰ্ভুক্ত আছে। এই ফোনসমূহত আপুনি ১০০০ mAh বেটাৰী, ১২৮ GB লৈকে এক্সপাণ্ডেবল ষ্ট’ৰেজ পাব। এই ফোনত ২৩ টা ভাৰতীয় ভাষা ব্যৱহাৰ কৰিব পাৰিব। লগতে জিঅ’ ভাৰত ফোনত মাহিলী মাত্ৰ ১২৩ টকাৰ ৰিচাৰ্জ কৰিব পাৰিব, য’ত আপুনি আনলিমিটেড ভইচ কল আৰু ১৪ জিবি ডাটাৰ সুবিধা লাভ কৰিব।


জিঅ’ৰ এই ফোনটোত ইতিমধ্যে জিঅ’-টিভি, জিঅ’-চিনেমা, জিঅ’-পে আৰু জিঅ’-চাটৰ দৰে এপ প্ৰিলোড কৰা হৈছে। ইয়াৰ উপৰিও এই ফোনত ৪৫৫ টাতকৈও অধিক লাইভ টিভি চেনেল চাব পাৰিব। ইয়াৰ উপৰিও আপুনি ফোনত Jio-Pay সহজ পেমেণ্ট আৰু Jio-Chat আনলিমিটেড ভইচ মেছেজিং, ফটো শ্বেয়াৰ আৰু গ্ৰুপ চেটৰ বহু বিকল্প দেখিবলৈ পাব। জিঅ’ই এই ফোনত ইন-বিল্ট চাউণ্ড-বক্সৰ লগতে ইউপিআই ইন্টিগ্ৰেচনৰ সৈতে জিঅ’-পে সেৱাও প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ