--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি বিভিন্ন ধৰণৰ সামাজিক মাধ্যমৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়৷ টেলিগ্ৰামো বহুলভৱে ব্যৱহাৰ হোৱা এটা সামাজিক মাধ্যম৷ সামাজিক মাধ্যম সমূহ ব্যৱহাৰ কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন হ’ব লগীয়া নহয়৷ শেহতীয়া কৈ টেলিগ্ৰাম ব্যৱহাৰ ক্ষেত্ৰত সুৰক্ষাজনিত কিছুমান প্ৰশ্নৰ উত্থাপন হৈছে৷     
   
চাওঁ আহকচোন সুৰক্ষিতভাৱে টেলিগ্ৰাম ব্যৱহাৰ কৰিবলৈ কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপঃ 

টু-ষ্টেপ ভেৰিফিকেচন(Enable two factor authentication)- টেলিগ্ৰামতো টু-ষ্টেপ ভেৰিফিকেচনৰ সুবিধা উপলব্ধ৷ নিজৰ সুৰক্ষাৰ বাবে এই ব্যৱস্থা সক্ৰিয় কৰক৷ নতুন ডিভাইচৰ পৰা লগ-ইন কৰাৰ সময়ত আপোনাৰ ফোনত পঠোৱা কোডৰ প্ৰয়োজন হ’ব যাৰ বাবে আনে আপোনাৰ টেলিগ্ৰাম ব্যৱহাৰ কৰিব নোৱাৰে৷

গোপন চাটৰ ব্যৱহাৰ(Use private chats)-গোপন চাট সমূহ কেৱল বাৰ্তা প্ৰেৰক আৰু পেৰণ কৰা ব্যক্তিজনেহে পঢ়িব পাৰে।

শক্তিশালী পাছৱৰ্ড স্থাপন(Set a strong password)-আপোনাৰ টেলিগ্ৰাম একাউণ্টৰ বাবে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰক।

প্ৰফাইল দৰ্শন সীমিতকৰণ(Limit profile visibility)-আপোনাৰ ফোন নম্বৰ, প্ৰফাইল ফটো, আৰু স্থিতি কোনে দেখিব পাৰিব তাত নিয়ন্ত্ৰণ কৰাৰ সুবিধা প্ৰদান কৰিছে৷ এই গোপনীয়তাৰ ছেটিংসমূহ সক্ৰিয় কৰি টেলিগ্ৰাম ব্যৱহাৰ কৰক।

ওচৰৰ লোকক অক্ষম(Disable People Nearby)- এই বৈশিষ্ট্য বন্ধ ৰাখক যাতে আনসকলে আপোনাৰ অৱস্থান জানিব নোৱাৰে।

লিংকসমূহৰ প্ৰতি সাৱধানতা অৱলম্বন(Be cautious with links)-সন্দেহজনক লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকক, এই লিংকসমূহ ক্লিক কৰিলে ফিছিং লিংক বা মেলৱেৰত প্ৰৱেশ কৰিব পাৰে, যি আপোনাৰ ক্ষতি কৰিব পাৰে৷ 

নিয়মিত কেচ পৰিষ্কাৰ(Regularly clear cache)- এনে কৰিলে আপোনাৰ এপ্লিকেশ্বনটো সক্ৰিয় ভাৱে চলাত সহায় কৰে আৰু অপ্ৰয়োজনীয় তথ্য নিষ্কাশণ কৰে৷

ইয়াৰোপৰি অপৰিচিত ব্যক্তিৰ সৈতে যোগাযোগ কৰাৰ পৰা বিৰত থকা ভাল৷ কোনো ব্যক্তিগত তথ্য প্ৰদানৰ পৰাও বিৰত থাকিলে সাম্ভাব্য বিপদৰ পৰা  হাত হাৰিব পাৰিব৷ গতিকে যি সামাজিক মাধ্যমেই ব্যৱহাৰ নকৰক কিয় প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা জৰুৰী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ