--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন অহাৰ লগে লগেই দেশত আৰম্ভ হ’ল প্ৰচাৰৰ ৰাজনীতি। বেনাৰ–পোষ্টাৰ কাট–আউটেৰে ভোটাৰৰ কাষ চাপিবলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল। ৰাজনৈতিক দলৰ লগতে সাজু হৈছে বেনাৰ–পোষ্টাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান। দিন–ৰাতি একাকাৰ কৰি বেনাৰ–পোষ্টাৰ নিৰ্মাণত জড়িত হৈ পৰিছে কৰ্মচাৰী। 

নিৰ্বাচন অহাৰ লগে লগে এতিয়া চাহিদা বাঢ়িছে প্ৰতিষ্ঠানসমূহৰ। নিৰ্বাচনৰ সময়তেই এনে ব্যৱসায়ৰ উত্থান দেখিবলৈ পোৱা যায় ভাৰতত। বেনাৰ, পোষ্টাৰ, চাইনবোৰ্ড আদিৰ বাবে প্ৰয়োজনীয় কাগজ, বাঁহ, ৰং আদি সামগ্ৰী সামৰি এখন বৃহৎ বজাৰ সৃষ্টি হয় নিৰ্বাচনৰ বতৰত। এইবাৰো হোৱা নাই ব্যতিক্ৰম। এই সময়ছোৱাতেই একাংশৰ বাবে মুকলি হয় সংস্থাপনৰো বাট। বিশেষকৈ বেনাৰ, কাট-আউট আদিত ব্যৱহৃত যাৱতীয় কেঁচা সামগ্ৰীৰো এখন বজাৰ গঢ় লৈ উঠে এই সময়তেই। 

বেনাৰ, পোষ্টাৰ আদি নিৰ্মাণৰ মূল ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত হৈ আহিছে গুজৰাট। গুজৰাটৰ পৰাই দেশৰ ভিন্ন প্ৰান্তলৈ বিভিন্ন ৰাজনৈতিক দলসমূহে যোগান ধৰে বেনাৰ, ছাইনবোৰ্ড, পোষ্টাৰ আদি। বেনাৰ পোষ্টাৰ নিৰ্মাণৰ প্ৰায় ৮৫০ কোটি টকাৰ ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে গুজৰাটত। 

ইপিনে ক্ষুদ্ৰ পৰিসৰত বিভিন্ন ৰাজ্যতো এই সময়তেই ৰমৰমীয়া ব্যৱসায় চলে বেনাৰ-পোষ্টাৰ নিৰ্মাণৰ। বেনাৰ-পোষ্টাৰ আদি ৰাজনৈতিক দলসমূহৰ বাবে প্ৰচাৰৰ এক উৎকৃষ্ট মাধ্যম হিচাবে চিহ্নিত হৈ আহিছে। দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ দিনতেই আৰম্ভ হৈছিল বেনাৰ-পোষ্টাৰৰ প্ৰচাৰ অভিযান। তেতিয়াৰ পৰাই আজিও প্ৰচাৰৰ জনপ্ৰিয় মাধ্যম হিচাবে বিবেচিত হৈ আহিছে বেনাৰ-পোষ্টাৰ। 

অৱশ্যে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ ফলত পূৰ্বতকৈ হ্ৰাস পাইছে বেনাৰ-পোষ্টাৰৰ ব্যৱহাৰ। এনে প্ৰচাৰৰ স্থান দখল কৰিছে ডিজিটেল প্ৰচাৰে। ইয়াৰ পাছতো কিন্তু প্ৰচাৰৰ মূল মাধ্যম হিচাপে আজিও ৰাজনৈতিক দলৰ মুখ্য সম্বল হৈ আছে বেনাৰ-পোষ্টাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু