--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন অহাৰ লগে লগেই দেশত আৰম্ভ হ’ল প্ৰচাৰৰ ৰাজনীতি। বেনাৰ–পোষ্টাৰ কাট–আউটেৰে ভোটাৰৰ কাষ চাপিবলৈ সাজু হৈছে বিভিন্ন ৰাজনৈতিক দল। ৰাজনৈতিক দলৰ লগতে সাজু হৈছে বেনাৰ–পোষ্টাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান। দিন–ৰাতি একাকাৰ কৰি বেনাৰ–পোষ্টাৰ নিৰ্মাণত জড়িত হৈ পৰিছে কৰ্মচাৰী। 

নিৰ্বাচন অহাৰ লগে লগে এতিয়া চাহিদা বাঢ়িছে প্ৰতিষ্ঠানসমূহৰ। নিৰ্বাচনৰ সময়তেই এনে ব্যৱসায়ৰ উত্থান দেখিবলৈ পোৱা যায় ভাৰতত। বেনাৰ, পোষ্টাৰ, চাইনবোৰ্ড আদিৰ বাবে প্ৰয়োজনীয় কাগজ, বাঁহ, ৰং আদি সামগ্ৰী সামৰি এখন বৃহৎ বজাৰ সৃষ্টি হয় নিৰ্বাচনৰ বতৰত। এইবাৰো হোৱা নাই ব্যতিক্ৰম। এই সময়ছোৱাতেই একাংশৰ বাবে মুকলি হয় সংস্থাপনৰো বাট। বিশেষকৈ বেনাৰ, কাট-আউট আদিত ব্যৱহৃত যাৱতীয় কেঁচা সামগ্ৰীৰো এখন বজাৰ গঢ় লৈ উঠে এই সময়তেই। 

বেনাৰ, পোষ্টাৰ আদি নিৰ্মাণৰ মূল ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত হৈ আহিছে গুজৰাট। গুজৰাটৰ পৰাই দেশৰ ভিন্ন প্ৰান্তলৈ বিভিন্ন ৰাজনৈতিক দলসমূহে যোগান ধৰে বেনাৰ, ছাইনবোৰ্ড, পোষ্টাৰ আদি। বেনাৰ পোষ্টাৰ নিৰ্মাণৰ প্ৰায় ৮৫০ কোটি টকাৰ ব্যৱসায়িক কেন্দ্ৰ গঢ় লৈ উঠিছে গুজৰাটত। 

ইপিনে ক্ষুদ্ৰ পৰিসৰত বিভিন্ন ৰাজ্যতো এই সময়তেই ৰমৰমীয়া ব্যৱসায় চলে বেনাৰ-পোষ্টাৰ নিৰ্মাণৰ। বেনাৰ-পোষ্টাৰ আদি ৰাজনৈতিক দলসমূহৰ বাবে প্ৰচাৰৰ এক উৎকৃষ্ট মাধ্যম হিচাবে চিহ্নিত হৈ আহিছে। দেশৰ প্রথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ দিনতেই আৰম্ভ হৈছিল বেনাৰ-পোষ্টাৰৰ প্ৰচাৰ অভিযান। তেতিয়াৰ পৰাই আজিও প্ৰচাৰৰ জনপ্ৰিয় মাধ্যম হিচাবে বিবেচিত হৈ আহিছে বেনাৰ-পোষ্টাৰ। 

অৱশ্যে ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ ফলত পূৰ্বতকৈ হ্ৰাস পাইছে বেনাৰ-পোষ্টাৰৰ ব্যৱহাৰ। এনে প্ৰচাৰৰ স্থান দখল কৰিছে ডিজিটেল প্ৰচাৰে। ইয়াৰ পাছতো কিন্তু প্ৰচাৰৰ মূল মাধ্যম হিচাপে আজিও ৰাজনৈতিক দলৰ মুখ্য সম্বল হৈ আছে বেনাৰ-পোষ্টাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ