--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱেশ প্ৰদূষণমুক্ত কৰাৰ স্বাৰ্থত পেট্ৰ’ল-ডিজেল গাড়ীৰ সলনি ইলেক্ট্ৰিক গাড়ী বা ‘ইলেক্ট্ৰিক বাহন’ বজাৰত প্ৰচলন হ’বলৈ ধৰিলে। বৈদ্যুতিক বাহনৰ খৰচ কম আৰু জীৱাশ্ম ইন্ধনৰ প্ৰয়োজন নহয়। বহু গাড়ী বিশেষজ্ঞই ভৱিষ্যদ্বাণী কৰিছে যে ভৱিষ্যতে বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি পাব। কিন্তু আন এটা ধাৰাত দাবী কৰা হৈছে যে অনাগত দিনত ইলেক্ট্ৰিক বাহনৰ বজাৰখন এমোনিয়া ইঞ্জিন চলোৱা বাহনে উটুৱাই নিব পাৰে।

শেহতীয়াকৈ চীনৰ এটা গাড়ী নিৰ্মাতাই বিশ্বৰ প্ৰথমখন যাত্ৰীবাহী গাড়ী নিৰ্মাণ কৰিছে এমোনিয়া ইঞ্জিনেৰে চালিত। চীনৰ কোম্পানীটোৰ মতে, এমোনিয়া ইঞ্জিনৰ বাহনে বিশ্বৰ বজাৰৰ পৰা বৈদ্যুতিক বাহনৰ প্ৰভাৱ সহজেই নাইকিয়া কৰিব পাৰে।

‘ইমোজি’ নামৰ চীনৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছে এমোনিয়া ইঞ্জিন চালিত ট্ৰেক্টৰ। তেওঁলোকে এই এমোনিয়া ইঞ্জিন ব্যৱহাৰ কৰাৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰে। এমোনিয়া ইঞ্জিনত অটোম’বাইলত বৃহৎ পৰিমাণৰ এমোনিয়া ব্যৱহাৰ কৰা হয়। সংস্থাটোৱে দাবী কৰে যে যদিহে এনে বাহনৰ ব্যৱহাৰ পূৰ্ণগতিত আৰম্ভ হয় তেন্তে ইয়াৰ দ্বাৰা বায়ু প্ৰদূষিত হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ প্ৰায় ৯০ শতাংশ হ্ৰাস পাব পাৰে।

টয়োটাৰ চিইঅ’ কোজি সাটোৱে কয় যে ইঞ্জিনত এমোনিয়াৰ ব্যৱহাৰ বাণিজ্যিকভাৱে অতি সফল হ’ব পাৰে। ইঞ্জিনত ব্যৱহাৰ কৰা এই এমোনিয়া কি?

কোম্পানীটোৱে দাবী কৰিছে যে এমোনিয়া দহনৰ ফলত কাৰ্বন নিৰ্গমন নহয়। হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি যোৱাৰ পিছত হাইড্ৰজেন পৰমাণুবোৰ ইন্ধন কোষলৈ প্ৰেৰণ কৰা হয়। গাড়ীত ব্যৱহাৰ কৰা এমোনিয়া ইঞ্জিনে শক্তি ৰাহি কৰাত সহায় কৰে আৰু লগতে পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰে।

সংস্থাটোৱে দাবী কৰিছে যে যদিহে ইলেক্ট্ৰিক বাহনৰ সলনি এমোনিয়া ইঞ্জিনৰ বাহনৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পায় তেন্তে ইলেক্ট্ৰিক বাহন বজাৰৰ পৰা নোহোৱা হৈ যাব পাৰে। কিন্তু এমোনিয়া ইঞ্জিনৰ ব্যৱহাৰ বৃদ্ধি পালে বিপদৰ সৃষ্টি হয়। বতাহত অত্যধিক এমোনিয়া গেছৰ উপস্থিতি ক্ষতিকাৰক।

এমোনিয়া ইঞ্জিন চালিত বাহন ব্যৱহাৰ আৰম্ভ হ’লেও এমোনিয়া পাম্প ষ্টেচনৰ প্ৰয়োজন হ’ব। টেংকত বৃহৎ পৰিমাণৰ এমোনিয়া কঢ়িয়াই নিয়াটোও বিপদজনক। কোনো কাৰণত দুৰ্ঘটনা হ’লে এমোনিয়া বতাহৰ লগত মিহলি হৈ চৌপাশৰ পৰিৱেশৰ ক্ষতিসাধন হয়। মানুহৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। আনকি এচিড বৰষুণৰ ভাবুকিও আহিব পাৰে। গতিকে এমোনিয়া গেছ অতি সাৱধানে বিনিময় কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন