--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আবকাৰী বিভাগটো মন্ত্ৰী অতুল বৰাৰ অধীনত নাই, তথাপিও দুদিন পূৰ্বে বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সকলো বিভাগৰ এক বৈঠকত মন্ত্ৰীগৰাকীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আবকাৰী বিভাগক স্পষ্ট নিৰ্দেশ দিছিল।

ডিজিটেল ডেস্ক: অৱশেষত যেন টোপনি ভাঙিল বোকাখাতৰ আবকাৰী বিভাগৰ। দীৰ্ঘদিন ধৰি টোপনি গৈ থকা বিভাগটোৱে মন্ত্ৰীৰ কাঢ়া নিৰ্দেশ পোৱাৰ পিছতেই এতিয়া গা জোকাৰি উঠিছে। শেহতীয়াকৈ বোকাখাতত আবকাৰী বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ লালী গুৰ জব্দ কৰাৰ লগতে এজন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে।


যদিও বৰ্তমান আবকাৰী বিভাগটো মন্ত্ৰী অতুল বৰাৰ অধীনত নাই, তথাপিও দুদিন পূৰ্বে বোকাখাত সমজিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সকলো বিভাগৰ এক বৈঠকত মন্ত্ৰীগৰাকীয়ে অবৈধ চুলাই মদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আবকাৰী বিভাগক স্পষ্ট নিৰ্দেশ দিছিল। আশ্চৰ্যজনক কথাটো হ’ল, মন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতহে যেন সাৰ পালে স্থানীয় আবকাৰী বিভাগে।


উল্লেখ্য যে, বোকাখাত আবকাৰী বিভাগৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা অবৈধ চুলাই মদৰ ব্যৱসায়ীৰ সৈতে গোপন বুজাবুজি থকাৰ এক গুৰুতৰ বদনাম আছিল। আনকি, এই সন্দৰ্ভত বিভাগটোৰ এগৰাকী বিষয়াইও আওপকীয়াকৈ এনে ভিতৰুৱা বুজাবুজি থকাৰ কথা স্বীকাৰ কৰিছে।


মন্ত্ৰীৰ নিৰ্দেশ লাভ কৰাৰ পিছত শনিবাৰে আৰক্ষী, দণ্ডাধীশ, খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা আবকাৰী বিভাগে যৌথভাৱে এক অভিযান চলায়। বোকাখাতৰ আনন্দপুৰ চাহ বাগিচাৰ সমীপত থকা সন্তোষ সিং যাদৱ নামৰ এজন ব্যক্তিৰ গুৰৰ গুদামত এই অভিযান চলোৱা হয়। অভিযানকাৰী দলে গুদামটোৰ পৰা প্ৰায় ৪৫ টিন অবৈধ লালী গুৰ জব্দ কৰে।


ব্যৱসায়ী সন্তোষ সিং যাদৱৰ ওচৰত খোৱা গুৰ আৰু পশুধনৰ বাবে গুৰ মজুত ৰখাৰ চৰকাৰী অনুজ্ঞা পত্ৰ (লাইচেন্স) আছিল যদিও, অবৈধভাৱে লালী গুৰ ৰখাৰ কোনো অনুমতি নাছিল। আৰক্ষী আৰু আবকাৰী বিভাগে গুদামটোৰ সকলো নথিপত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিছত, অবৈধ লালী গুৰ মজুত ৰখাৰ অপৰাধত ব্যৱসায়ী সন্তোষ সিং যাদৱক আটক কৰিছে। বৰ্তমান ধৃত ব্যৱসায়ীজনক অধিক সোধাপোছা অব্যাহত ৰখা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক