--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট জিলাৰ দিচৈ সংৰক্ষিত বনাঞ্চলত এজন স্থানীয় যুৱকে মাতৃহাৰা অৱস্থাত দুটা ভালুকৰ পোৱালি উদ্ধাৰ কৰি যোৰহাট বন সংমণ্ডলৰ নকছাৰি খণ্ড বন কার্যালয়ত চমজাই দিছিল।

ডিজিটেল ডেস্ক: অসমৰ বন্য প্রাণী সংৰক্ষণৰ ইতিহাসত এক উল্লেখযোগ্য অধ্যায় সংযোজন কৰি কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্য প্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত দীর্ঘদিন ধৰি প্ৰতিপালন আৰু পুনর্বাসন কৰা দুটা অনাথ এছিয়াটিক ক'লা ভালুকৰ পোৱালিক সফলতাৰে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুক্ত কৰা হৈছে। এই সফল পদক্ষেপে অসমৰ বন্য প্রাণী সংৰক্ষণ আৰু বৈজ্ঞানিক পুনর্বাসন ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকে মত প্রকাশ কৰে। ক্ষেত্ৰ সঞ্চালকে দিয়া এক সংবাদ বাৰ্তা মতে, বিগত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট জিলাৰ দিচৈ সংৰক্ষিত বনাঞ্চলত এজন স্থানীয় যুৱকে মাতৃহাৰা অৱস্থাত দুটা ভালুকৰ পোৱালি উদ্ধাৰ কৰি যোৰহাট বন সংমণ্ডলৰ নকছাৰি খণ্ড বন কার্যালয়ত চমজাই দিছিল। 


পাছত বন বিভাগে চলোৱা অনুসন্ধানতো পোৱালিদ্বয়ৰ মাতৃৰ কোনো সন্ধান নোপোৱাত পোৱালি দুটাক বিশেষ যত্ন আৰু পুনর্বাসনৰ বাবে কাজিৰঙাৰ বন্য প্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রলৈ স্থানান্তৰ কৰা হৈছিল। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰীৰ কার্যালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাৰ এক অনুপ্ৰেৰণাদায়ক সফলতা হিচাপে কাজিৰঙাত দীর্ঘদিনৰ যত্ন আৰু পুনর্বাসনৰ অন্তত দুটা অনাথ এছিয়াটিক ক'লা ভালুকৰ পোৱালিক সফলতাৰে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মুক্ত কৰা হৈছে, য'ত সিহঁতে পুনৰ এবাৰ মুক্ত প্ৰকৃতিত জীৱন আৰম্ভ কৰাৰ সুযোগ লাভ কৰিছে। বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত পোৱালিদ্বয়ক প্ৰাৰম্ভিকভাৱে চিকিৎসা প্রদান কৰা হয়। জ্যেষ্ঠ পশু চিকিৎসক ভাস্কৰ চৌধুৰী আৰু তেওঁৰ দলৰ তত্ত্বাৱধানত প্ৰতিপালন কৰা হৈছিল উক্ত মাতৃহাৰা ভালুক পোৱালি দুটাক। পুনর্বাসন প্রক্রিয়াটো অৰুণাচল প্ৰদেশৰ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলস্থিত Centre for Bear Rehabilitation and Conservation (CBRC)-ৰ বৈজ্ঞানিক নীতি-নির্দেশনা অনুসৰি সম্পন্ন কৰা হৈছিল। ইয়াত সঠিক পুষ্টি, স্বাভাৱিক আচৰণ অক্ষুণ্ণ ৰখা আৰু মানুহৰ ওপৰত নিৰ্ভৰশীলতা কমোৱাত বিশেষ গুৰুত্ব দিয়া হৈছিল, যাতে সিহঁতৰ পুনৰ বন্য পৰিৱেশত সফলভাৱে খাপ খোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। 


মুক্তিৰ বাবে উপযুক্ত স্থান নির্বাচনৰ উদ্দেশ্যে এক বৈজ্ঞানিক সমীক্ষাও চলোৱা হৈছিল বুলি সঞ্চালকে জানিবলৈ দিয়ে। প্রথমে দিচৈ সংৰক্ষিত বনাঞ্চল বিবেচনা কৰা হৈছিল যদিও মানৱ বসতিৰ নিকটতা আৰু অধিক বিঘ্নতাৰ বাবে সেই স্থান অনুপযুক্ত বুলি বিবেচিত হয়। পৰৱৰ্তী মূল্যায়নত প্রাকৃতিক আৱৰণ, মানৱ বসতিৰ পৰা দূৰত্ব, খাদ্য সম্পদৰ উপলব্ধতা আৰু স্থানীয় লোকসকলৰ সজাগতা আদি দিশ পৰ্যালোচনা কৰি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানক সর্বাধিক উপযুক্ত স্থান হিচাপে নির্বাচন কৰা হয়। ঘন বনাঞ্চল, প্ৰচুৰ প্ৰাকৃতিক সম্পদ, কম মানৱীয় হস্তক্ষেপ আৰু বনকর্মী তথা স্থানীয় লোকসকলৰ সক্ৰিয় সহযোগিতাৰ বাবে দিহিং-পাটকাই এই পোৱালিদ্বয়ৰ নতুন বাসস্থান হিচাপে নির্বাচিত হয়। এই স্থানত মুক্তিৰ বাবে বিগত বৰ্ষৰ ৪ জুনত অসমৰ মুখ্য বন সংৰক্ষক (বন্য প্রাণী) তথা মুখ্য বন্য প্রাণী কার্যালয়ে আনুষ্ঠানিক অনুমতি প্ৰদান কৰে। অনুমতি লাভৰ পাছত CWRCৰ জ্যেষ্ঠ পশু চিকিৎসক ভাস্কৰ চৌধুৰী, মেহেন্দী হুছেইন আৰু অভিজ্ঞ প্রাণী পৰিচৰ্যাকাৰীসকলৰ লগতে দিহিং-পাটকাইৰ চৰাইপুং ৰেঞ্জৰ বনকৰ্মী হৰেশ্বৰ দাস, ৰাজীৱ গগৈ, চুনু ভূমিজ আৰু বিশ্বজিৎ তাঁতীৰ সহযোগিতাত পোৱালিদ্বয়ক সফলতাৰে স্থানান্তৰ আৰু মুক্ত কৰা হয়। 


যোৰহাটত উদ্ধাৰৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ CWRCত যত্ন, পুনর্বাসন আৰু অৱশেষত দিহিং-পাটকাইত মুক্তি লাভ কৰা এই যাত্রা বিজ্ঞানভিত্তিক পুনর্বাসন, নৈতিক বন্য প্রাণী ব্যৱস্থাপনা আৰু জনসম্প্ৰদায়ৰ অংশগ্রহণে কেনেদৰে সফল ফলাফল আনিব পাৰে, তাৰ এক উজ্জ্বল উদাহৰণ বুলি সঞ্চালকে মত প্রকাশ কৰিছে। অনাথ বন্য প্রাণীকো পুনৰ স্বাধীন জীৱন দিয়াৰ ক্ষেত্ৰত অসমৰ প্ৰতিশ্রুতি আৰু দায়বদ্ধতাৰ এই সফলতা নিঃসন্দেহে ৰাজ্যখনৰ সংৰক্ষণ ইতিহাসত প্রথম আৰু এক স্মৰণীয় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ'ব বুলি প্রাণী বিশেষজ্ঞসকলে জানিবলৈ দিয়ে।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক