--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ  কংগনা ৰাণাৱট তেওঁৰ আহিবলগীয়া নতুন ছবি ‘ইমাৰ্জেন্সী’ ৰ দৃশ্যগ্ৰহণত অতি ব্যস্ত। অভিনেত্ৰীগৰাকীয়ে এই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাকলৈয়েই নিৰ্মাণ কৰা হৈছে ছবি খন৷ ছবি খনত কংগনাই নিজেই  মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷ তেওঁ ছবিখন প্ৰযোজনাও কৰিছে। 

আজি ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈ উঠে। এই তথ্য অভিনেত্ৰীগৰাকীয়ে নিজেই সামাজিক মাধ্যমৰ জৰিয়তে সকলোকে জনাইছে৷ কেৱল সেয়াই নহয়, ছবি খনকলৈ কংগনাই প্ৰকাশ কৰিছে নানান তথ্যও৷ সকলোৱে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ আহিবলগীয়া ছবি 'জৰুৰীকালীন' ক লৈ আগ্ৰহী হৈ আছে।  শ্বুটিং সম্পূৰ্ণ কৰাৰ পিছত কংগনাই ছ'চিয়েল মিডিয়াত এটা  পোষ্ট লিখিছে। পোষ্টটোত, তেওঁ এক আচৰিত কথা  প্ৰকাশ কৰিছে। 


কংগনাই তেওঁৰ পোষ্টত কৈছে যে তেওঁ  আনকি এই ছবিখনৰ বাবে তেওঁৰ সম্পত্তি বন্ধক ৰাখিবলগীয়া হৈছে।  পোষ্টটোত তেওঁ ছবিখনৰ বিষয়ে তেওঁৰ মনৰ কিছু অনুভূতিও প্ৰকাশ কৰিছে। কংগনাই পোষ্টটোৰ সৈতে কিছুমান ফটোও শ্বেয়াৰ কৰিছে।  ছবিখনত কংগনাক প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব।শেহতীয়াকৈ শ্বেয়াৰ কৰা  ছবিবোৰত তেওঁক প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ গেটআপত দেখা গৈছে। ছবিবোৰ শ্বেয়াৰ কৰি তেওঁ লিখিছিল, "আজি এগৰাকী অভিনেত্ৰী হিচাপে মই জৰুৰীকালীন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছো... এইটো মোৰ জীৱনৰ এটা আশ্চৰ্যকৰ পৰ্যায়ৰ সমাপ্তি... ।"

অভিনেত্ৰী ৰাণাৱটে অলপতে  তেওঁৰ পৰৱৰ্তী পৰিচালনাৰ প্ৰথম টিজাৰ ‘ইমাৰ্জেন্সী’ শ্বেয়াৰ কৰিছিল৷ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাক ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ আন্ধাৰ সময় বুলি কোৱা হয় ৷ অৱশ্যে, কংগনাই কৈছে যে ছবিখন ইন্দিৰা গান্ধীৰ জীৱনী নহয়। 
 
 কংগনা ৰাণাৱটে পূৰ্বে এক বিবৃতিত কৈছিল , জৰুৰীকালীন অৱস্থাই ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়বোৰৰ এটা প্ৰতিফলন কৰে, যিবোৰে  আমাৰ ক্ষমতাৰ দৃষ্টিভংগী সলনি কৰিব৷ মই বিষয়টোৰ ওপৰত গৱেষণা কৰি যথেষ্ট সময় অতিবাহিত কৰিছিলোঁ আৰু এবাৰ মই অনুভৱ কৰিছিলোঁ যে মোৰ ওচৰত পৰ্যাপ্ত তথ্য আদি  আছে, মই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিলোঁ।এতিয়া কংগনা ৰানাৱটৰ চিনেমাখনক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা৷ একেদৰে, ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ সময়ছোৱাৰ জৰুৰী অৱস্থাক চেলুলয়ডত চাবলৈ অপেক্ষা কৰিছে বহু  দৰ্শকে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই