--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'জিৰো' ২১ ডিচেম্বৰ, ২০১৮ ত মুক্তি দিয়া হৈছিল। চাৰি বছৰৰ পিছত, 'পাঠান'  মুক্তি দিয়া হ’ব৷ ৰূপালী পৰ্দাত বলীউডৰ ৰজাৰ প্ৰত্যাৱৰ্তন! ছবি খনৰ টিকট ইতিমধ্যে ভালে খিনি বিক্ৰী হৈ গৈছে৷  সৃষ্টি কৰিছে আগতীয়া টিকট বুকিঙৰ অভিলেখ৷ ২৫ জানুৱাৰীত  ছবিখনৰ 'পাঠান'  ছবি খনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।  কিন্তু ছবি খনৰ মুক্তিৰ বাবে ২৫ জানুৱাৰীৰ দিনটোকেই শ্বাহৰুখ খানে কিয় বাছি ল’লে?  জ্যোতিষ শাস্ত্ৰ অনুসৰি ইয়াৰ আন এটা কাৰণ আছে।

সৰ্বভাৰতীয়  সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত বিশিষ্ট জ্যোতিষী ৰামশংকৰ উপাধ্যায়ে কয় "জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহটো সংস্কৃতি আৰু সংগীতৰ বাবে ভাল বুলি গণ্য কৰা হয়। আৰু সেইকাৰণে শ্বাহৰুখ খানে ২৫ জানুৱাৰী, বুধবাৰে তেওঁৰ ছবি খনৰ  মুক্তিৰ দিন হয়তো ঠিক কৰিছে৷  তেওঁ গণৰাজ্য  দিৱসৰ বন্ধৰ দিনটোৰ  সুবিধাও আৰম্ভনিতে  লাভ কৰিব বিচাৰিছে "৷

শেহতীয়া খবৰ অনুসৰি পাঠানে আগতীয়া বুকিঙৰ ক্ষেত্ৰত   'ব্ৰহ্মাস্ত্ৰ', 'কেজিএফ ২'ৰ ৰেকৰ্ডো ভংগ কৰিছে। ছবিখনৰ দুই লাখ টিকট ইতিমধ্যে বিক্ৰী হৈছে। চলচ্চিত্ৰ বিশেষজ্ঞ তৰণ আদৰ্শই এই কথা  টুইটত প্ৰকাশ  কৰিছে৷ 

'পাঠান' ছবিখনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। ছবিখনত 'বেচৰম ৰং' গানটো আৰু নায়িকা দীপিকা পাডুকনৰ পোছাকক লৈ বহুতে তীব্ৰ আপত্তি দৰ্শাইছে৷  ফলস্বৰূপে  সিদ্ধাৰ্থ আনন্দৰ ছবিখনে  চেঞ্চৰ বোৰ্ডৰ কঠোৰ নিৰীক্ষণত  আছে। ইফালে, দিল্লী উচ্চ ন্যায়ালয়ে 'পাঠান'ৰ প্ৰযোজনা গোষ্ঠী  যশ ৰাজক জনাইছে যে ছবিখনৰ অ'টিটি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। অৱশ্যে, শ্বাহৰুখৰ অনুৰাগীসকলে সকলো বাধা আঁতৰাই  তেওঁলোকৰ প্ৰিয় তাৰকাগৰাকীক  ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক