--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ 'জিৰো' ২১ ডিচেম্বৰ, ২০১৮ ত মুক্তি দিয়া হৈছিল। চাৰি বছৰৰ পিছত, 'পাঠান'  মুক্তি দিয়া হ’ব৷ ৰূপালী পৰ্দাত বলীউডৰ ৰজাৰ প্ৰত্যাৱৰ্তন! ছবি খনৰ টিকট ইতিমধ্যে ভালে খিনি বিক্ৰী হৈ গৈছে৷  সৃষ্টি কৰিছে আগতীয়া টিকট বুকিঙৰ অভিলেখ৷ ২৫ জানুৱাৰীত  ছবিখনৰ 'পাঠান'  ছবি খনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।  কিন্তু ছবি খনৰ মুক্তিৰ বাবে ২৫ জানুৱাৰীৰ দিনটোকেই শ্বাহৰুখ খানে কিয় বাছি ল’লে?  জ্যোতিষ শাস্ত্ৰ অনুসৰি ইয়াৰ আন এটা কাৰণ আছে।

সৰ্বভাৰতীয়  সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত বিশিষ্ট জ্যোতিষী ৰামশংকৰ উপাধ্যায়ে কয় "জ্যোতিষ শাস্ত্ৰত বুধ গ্ৰহটো সংস্কৃতি আৰু সংগীতৰ বাবে ভাল বুলি গণ্য কৰা হয়। আৰু সেইকাৰণে শ্বাহৰুখ খানে ২৫ জানুৱাৰী, বুধবাৰে তেওঁৰ ছবি খনৰ  মুক্তিৰ দিন হয়তো ঠিক কৰিছে৷  তেওঁ গণৰাজ্য  দিৱসৰ বন্ধৰ দিনটোৰ  সুবিধাও আৰম্ভনিতে  লাভ কৰিব বিচাৰিছে "৷

শেহতীয়া খবৰ অনুসৰি পাঠানে আগতীয়া বুকিঙৰ ক্ষেত্ৰত   'ব্ৰহ্মাস্ত্ৰ', 'কেজিএফ ২'ৰ ৰেকৰ্ডো ভংগ কৰিছে। ছবিখনৰ দুই লাখ টিকট ইতিমধ্যে বিক্ৰী হৈছে। চলচ্চিত্ৰ বিশেষজ্ঞ তৰণ আদৰ্শই এই কথা  টুইটত প্ৰকাশ  কৰিছে৷ 

'পাঠান' ছবিখনক লৈ হোৱা বিতৰ্কৰ কোনো অন্ত নাই। ছবিখনত 'বেচৰম ৰং' গানটো আৰু নায়িকা দীপিকা পাডুকনৰ পোছাকক লৈ বহুতে তীব্ৰ আপত্তি দৰ্শাইছে৷  ফলস্বৰূপে  সিদ্ধাৰ্থ আনন্দৰ ছবিখনে  চেঞ্চৰ বোৰ্ডৰ কঠোৰ নিৰীক্ষণত  আছে। ইফালে, দিল্লী উচ্চ ন্যায়ালয়ে 'পাঠান'ৰ প্ৰযোজনা গোষ্ঠী  যশ ৰাজক জনাইছে যে ছবিখনৰ অ'টিটি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। অৱশ্যে, শ্বাহৰুখৰ অনুৰাগীসকলে সকলো বাধা আঁতৰাই  তেওঁলোকৰ প্ৰিয় তাৰকাগৰাকীক  ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে