--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি প্ৰদান কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে জীৱনযোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজ হাতেৰে সম্বৰ্ধনা জনায়। এই সময়ত ৱাহিদাৰ চকুত চকুলো দেখা গৈছিল। এই সময়তে অনুষ্ঠানটিত উপস্থিত থকা সকলো লোকে থিয় হৈ অভিনেত্ৰীগৰাকীক সন্মান জনায় আৰু হাতচাপৰিৰে অভিনন্দন জ্ঞাপন কৰে।

বঁটা লাভ কৰাৰ পাছত ৱাহিদা ৰেহমানে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু জুৰীৰ সদস্যসকলক ধন্যবাদ জনায়। ইয়াৰ পাছত ৱাহিদাই কয় যে- ‘মই নিজকে বৰ সন্মানিত অনুভৱ কৰিছো। কিন্তু আজি মই যি স্থানত থিয় দিওঁ, সেয়া মোৰ মৰমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবেই সম্ভৱ হৈছে। ভাগ্য ভাল যে বহুত ভাল শীৰ্ষ পৰিচালক, প্ৰযোজক, চলচ্চিত্ৰ নিৰ্মাতা, কাৰিকৰী লোক, লেখক, সংলাপ লেখক আৰু সংগীত পৰিচালকৰ পৰা বহুত সহায় পাইছিলোঁ।’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰমতী মুৰ্মুৱে কয়, ‘তেওঁ নিজৰ শিল্প আৰু ব্যক্তিত্বৰে চলচ্চিত্ৰ জগতৰ শিখৰত নিজৰ স্থান দখল কৰিছে। তেওঁ ছবিত কাম কৰিবলৈ আন কোনো নাম ৰাখিবলৈ অস্বীকাৰ কৰিছিল। আনহাতে সেই সময়ত নাম সলনি কৰি কাম কৰাটো এটা ধাৰা আছিল। এনে বহু ছবি বাছি লৈছিল য’ত তেওঁৰ ভূমিকাই নাৰীৰ লগত জড়িত বাধাবোৰ ভাঙি পেলাইছিল। মহিলা সৱলীকৰণৰ বাবে মহিলাসকলে নিজেই উদ্যোগ ল’ব লাগে তাৰ আদৰ্শ দাঙি ধৰিছে ৱাহিদাজীয়ে।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক