--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰে'লৱে সুৰক্ষা বাহিনীৰ  (আৰপিএফ) জোৱানে এখন চলন্ত ৰে’লত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত মুঠ চাৰিজন লোক নিহত হয়।  জানিব পৰা মতে যাত্ৰীৰ সুৰক্ষাৰ বাবে হাতত  আগ্নেয়াস্ত্ৰলৈ আৰপিএফৰ জোৱানে  টহল দি আছিল। সেই আগ্নেয়াস্ত্ৰৰে এজন জোৱানে  চলন্ত ৰে’লখনত গুলীবৰ্ষণ কৰি  চাৰিজন যাত্ৰীক হত্যা কৰে। নিহত চাৰিজনৰ ভিতৰত ৰে'ল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু ৰে'লখনৰ পেণ্ট্ৰী  কাৰৰ এজন কৰ্মচাৰীও আছে। ঘটনাটো সোমবাৰে পুৱা ৰাজস্থানৰ জয়পুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাত্ৰা কৰা জয়পুৰ এক্সপ্ৰেছত (১২৯৫৬) সংঘটিত হৈছে।

ৰে'লৱেৰ মতে সোমবাৰে পুৱা ৫.২৩ বজাত যেতিয়া ৰে'লখনে পালঘৰ ষ্টেচন পাৰ হৈ  গৈ আছিল তেনেতে এজন জোৱানে  হঠাতে তেওঁৰ স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰৰে নিৰ্বিচারে গুলীবৰ্ষণ আৰম্ভ কৰে। আৰপিএফ সূত্ৰৰ মতে অভিযুক্তজনক চেতন সিং বুলি চিনাক্ত কৰা হৈছে।
 পশ্চিম ৰেলৱেৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে  অভিযুক্ত জোৱানজন জয়পুৰ এক্সপ্ৰেছৰ বি ৫ ডবাত যাত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্বত আছিল। চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁ ৰেলখনৰ চেইন টানি পালঘৰৰ পৰৱৰ্তী ষ্টেচন দহিচাৰত জঁপিয়াই নামিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে তেওঁক আটক  কৰা হয়। তেওঁৰ হাতত থকা  আগ্নেয়াস্ত্ৰটোও জব্দ কৰা হৈছিল।

আৰপিএফ ৰ জোৱানে  কিয় এনে ধৰণৰ অপৰাধ কৰিলে  তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰাথমিক তথ্য অনুসৰি নিহতসকলৰ মাজৰে এজন আৰপিএফ বিষয়াও আছে।  তেওঁ অভিযুক্ত জোৱান জনৰ পৰিচিত আছিল, কিন্তু তেওঁৰ সৈতে জোৱান জনৰ কোনো বিবাদ নাছিল। আৰক্ষীৰ সূত্ৰই অৱশ্যে কৈছে  যে জোৱান জনমানসিকভাৱে সুস্থ নাছিল। তেওঁ সেইবাবেই কিছুদিন ধৰি  সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ছুটি বিচাৰি আছিল। এই ঘটনা ঘটোৱাৰ ঘটনাটোৰ আগদিনা বহুতকে কৈছিল যে তেওঁ অস্থিৰ  অনুভৱ কৰিছে।তেওঁক বিশ্ৰাম ল'বলৈও পৰামৰ্শ দিয়া হৈছিল। কিন্তু তেওঁ  ভালে আছো বুলি কৈ কৰ্তব্য পালনৰ বাবে গৈছিল। 

ঘটনাটোৰ পিছত, ৰেলখন বৰিভালি ষ্টেচনত ৰখাই দিয়া হয়। মৃতদেহকেইটা  মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় বাবাচাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জিআৰপিৰ শীৰ্ষ বিষয়া  ছিচভে ইতিমধ্যে  ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু