--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। ৰে'লৱে সুৰক্ষা বাহিনীৰ  (আৰপিএফ) জোৱানে এখন চলন্ত ৰে’লত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত মুঠ চাৰিজন লোক নিহত হয়।  জানিব পৰা মতে যাত্ৰীৰ সুৰক্ষাৰ বাবে হাতত  আগ্নেয়াস্ত্ৰলৈ আৰপিএফৰ জোৱানে  টহল দি আছিল। সেই আগ্নেয়াস্ত্ৰৰে এজন জোৱানে  চলন্ত ৰে’লখনত গুলীবৰ্ষণ কৰি  চাৰিজন যাত্ৰীক হত্যা কৰে। নিহত চাৰিজনৰ ভিতৰত ৰে'ল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু ৰে'লখনৰ পেণ্ট্ৰী  কাৰৰ এজন কৰ্মচাৰীও আছে। ঘটনাটো সোমবাৰে পুৱা ৰাজস্থানৰ জয়পুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যাত্ৰা কৰা জয়পুৰ এক্সপ্ৰেছত (১২৯৫৬) সংঘটিত হৈছে।

ৰে'লৱেৰ মতে সোমবাৰে পুৱা ৫.২৩ বজাত যেতিয়া ৰে'লখনে পালঘৰ ষ্টেচন পাৰ হৈ  গৈ আছিল তেনেতে এজন জোৱানে  হঠাতে তেওঁৰ স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰৰে নিৰ্বিচারে গুলীবৰ্ষণ আৰম্ভ কৰে। আৰপিএফ সূত্ৰৰ মতে অভিযুক্তজনক চেতন সিং বুলি চিনাক্ত কৰা হৈছে।
 পশ্চিম ৰেলৱেৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে  অভিযুক্ত জোৱানজন জয়পুৰ এক্সপ্ৰেছৰ বি ৫ ডবাত যাত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্বত আছিল। চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত তেওঁ ৰেলখনৰ চেইন টানি পালঘৰৰ পৰৱৰ্তী ষ্টেচন দহিচাৰত জঁপিয়াই নামিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে তেওঁক আটক  কৰা হয়। তেওঁৰ হাতত থকা  আগ্নেয়াস্ত্ৰটোও জব্দ কৰা হৈছিল।

আৰপিএফ ৰ জোৱানে  কিয় এনে ধৰণৰ অপৰাধ কৰিলে  তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে। প্ৰাথমিক তথ্য অনুসৰি নিহতসকলৰ মাজৰে এজন আৰপিএফ বিষয়াও আছে।  তেওঁ অভিযুক্ত জোৱান জনৰ পৰিচিত আছিল, কিন্তু তেওঁৰ সৈতে জোৱান জনৰ কোনো বিবাদ নাছিল। আৰক্ষীৰ সূত্ৰই অৱশ্যে কৈছে  যে জোৱান জনমানসিকভাৱে সুস্থ নাছিল। তেওঁ সেইবাবেই কিছুদিন ধৰি  সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ছুটি বিচাৰি আছিল। এই ঘটনা ঘটোৱাৰ ঘটনাটোৰ আগদিনা বহুতকে কৈছিল যে তেওঁ অস্থিৰ  অনুভৱ কৰিছে।তেওঁক বিশ্ৰাম ল'বলৈও পৰামৰ্শ দিয়া হৈছিল। কিন্তু তেওঁ  ভালে আছো বুলি কৈ কৰ্তব্য পালনৰ বাবে গৈছিল। 

ঘটনাটোৰ পিছত, ৰেলখন বৰিভালি ষ্টেচনত ৰখাই দিয়া হয়। মৃতদেহকেইটা  মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় বাবাচাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। জিআৰপিৰ শীৰ্ষ বিষয়া  ছিচভে ইতিমধ্যে  ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ