--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে চলি আছে শতাধিক গোচৰ। একেদৰে ইমৰান খানৰ দলত তেহৰিক ই পাকিস্তানৰ কেইবা জনো নেতাৰ বিৰুদ্ধেও ৰুজু হৈছে ইটোৰ পিঠত সিটোকৈ গোচৰত। এইবাৰ পিটিআইৰ এজন নেতাৰ  বিৰুদ্ধে ৰুজু হৈ শৌচাগাৰৰ পাইপ চুৰি কৰাৰ গোচৰ। 

পাকিস্তান আৰক্ষীয়ে পাকিস্তান তেহরিক-ই-ইনচাফ (পিটিআই)ৰ উপ-সভাপত ফাৱাদ চৌধুৰী চৌধুৰীৰ বিৰুদ্ধে লাহোৰ উচ্চ ন্যায়ালয়ত (এলএইচচি) দাখিল কৰা গোচৰৰ বিষয়ে তথ্য লাভ কৰা হৈছে।  প্ৰাপ্ত  তথ্য অনুসৰি পিটিআইৰ উপ-সভাপতি ফাৱাদ চৌধুৰীৰ বিৰুদ্ধে মুঠ ১১ টা গোচৰ ৰুজু কৰা হৈছে। যাৰ ভিতৰত এটা গোচৰ শৌচাগাৰৰ পৰা পাইপ চুৰি কৰাৰ  গোচৰো আছে।  লাহোৰ উচ্চ ন্যায়ালয়ে ফাৱাদ চৌধুৰীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ১১ টা গোচৰৰ শুনানি অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। 

ফাৱাদ চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ বিষয়ে তথ্য পাবলৈ লাহোৰ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। তাৰ পিছতে তেওঁ  আৰক্ষীয়ে দাখিল কৰা গোচৰবোৰৰ বিৱৰণ  লাভ কৰিবলৈ সক্ষম হয়। গোচৰ সমূহৰ মাজত শৌচাগাৰৰ পাইপ চুৰিৰ গোচৰটো দেখি তেওঁ আচৰিত হৈ পৰে। মুলতান কেণ্টনমেণ্ট আৰক্ষী থানাত পিটিআই নেতাজনৰ বিৰুদ্ধে ৮৮৯/২৩ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰটো  মুজাফ্ফৰ হানিফে ৰুজু কৰিছিল। অভিযোগত কোৱো হৈছে যে  এখন বিদ্যালয়ৰ পৰা শৌচাগাৰৰ পাইপ আৰু টেপ চুৰি কৰিছিল ফাৱাদ চৌধুৰীয়ে। 

মুলতান কেণ্টনমেণ্ট আৰক্ষীয়ে তিনিটা আৰু জলিলাবাদ, মুলতান আৰু পুৰণি কোতৱালী আৰক্ষী থানাত এটাকৈ গোচৰ ৰুজু কৰা হৈছিল। ফাৱাদ চৌধুৰীৰ অধিবক্তাই তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, ভুৱা মোকৰ্দমা দাখিল কৰাত  উদ্বেগ প্ৰকাশ কৰি যুক্তি দিছে  যে আদালতে প্ৰতিটো গোচৰৰ সূক্ষ্ম  ব্যাখ্যা কৰা উচিত আৰু প্ৰাক্তন ফেডাৰেল মন্ত্ৰীগৰাকীক  হাৰাশাস্তি কৰা বন্ধ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস