--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে চলি আছে শতাধিক গোচৰ। একেদৰে ইমৰান খানৰ দলত তেহৰিক ই পাকিস্তানৰ কেইবা জনো নেতাৰ বিৰুদ্ধেও ৰুজু হৈছে ইটোৰ পিঠত সিটোকৈ গোচৰত। এইবাৰ পিটিআইৰ এজন নেতাৰ  বিৰুদ্ধে ৰুজু হৈ শৌচাগাৰৰ পাইপ চুৰি কৰাৰ গোচৰ। 

পাকিস্তান আৰক্ষীয়ে পাকিস্তান তেহরিক-ই-ইনচাফ (পিটিআই)ৰ উপ-সভাপত ফাৱাদ চৌধুৰী চৌধুৰীৰ বিৰুদ্ধে লাহোৰ উচ্চ ন্যায়ালয়ত (এলএইচচি) দাখিল কৰা গোচৰৰ বিষয়ে তথ্য লাভ কৰা হৈছে।  প্ৰাপ্ত  তথ্য অনুসৰি পিটিআইৰ উপ-সভাপতি ফাৱাদ চৌধুৰীৰ বিৰুদ্ধে মুঠ ১১ টা গোচৰ ৰুজু কৰা হৈছে। যাৰ ভিতৰত এটা গোচৰ শৌচাগাৰৰ পৰা পাইপ চুৰি কৰাৰ  গোচৰো আছে।  লাহোৰ উচ্চ ন্যায়ালয়ে ফাৱাদ চৌধুৰীৰ বিৰুদ্ধে পঞ্জীয়ন কৰা ১১ টা গোচৰৰ শুনানি অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। 

ফাৱাদ চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ বিষয়ে তথ্য পাবলৈ লাহোৰ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। তাৰ পিছতে তেওঁ  আৰক্ষীয়ে দাখিল কৰা গোচৰবোৰৰ বিৱৰণ  লাভ কৰিবলৈ সক্ষম হয়। গোচৰ সমূহৰ মাজত শৌচাগাৰৰ পাইপ চুৰিৰ গোচৰটো দেখি তেওঁ আচৰিত হৈ পৰে। মুলতান কেণ্টনমেণ্ট আৰক্ষী থানাত পিটিআই নেতাজনৰ বিৰুদ্ধে ৮৮৯/২৩ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰটো  মুজাফ্ফৰ হানিফে ৰুজু কৰিছিল। অভিযোগত কোৱো হৈছে যে  এখন বিদ্যালয়ৰ পৰা শৌচাগাৰৰ পাইপ আৰু টেপ চুৰি কৰিছিল ফাৱাদ চৌধুৰীয়ে। 

মুলতান কেণ্টনমেণ্ট আৰক্ষীয়ে তিনিটা আৰু জলিলাবাদ, মুলতান আৰু পুৰণি কোতৱালী আৰক্ষী থানাত এটাকৈ গোচৰ ৰুজু কৰা হৈছিল। ফাৱাদ চৌধুৰীৰ অধিবক্তাই তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত, ভুৱা মোকৰ্দমা দাখিল কৰাত  উদ্বেগ প্ৰকাশ কৰি যুক্তি দিছে  যে আদালতে প্ৰতিটো গোচৰৰ সূক্ষ্ম  ব্যাখ্যা কৰা উচিত আৰু প্ৰাক্তন ফেডাৰেল মন্ত্ৰীগৰাকীক  হাৰাশাস্তি কৰা বন্ধ কৰা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী