--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুছ-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি মুখামুখি হয়।  জি-৭ শীৰ্ষ সন্মিলনত আমন্ত্ৰিত অতিথি হিচাপে আজি হিৰোছিমাত উপস্থিত হয় জেলেনস্কি। মোডীৰ সৈতে হোৱা আধা ঘণ্টীয়া বৈঠকৰ অন্তত মোদীয়ে কয় যে ভাৰত আৰু তেওঁ ব্যক্তিগতভাৱে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।

মোডীয়ে কয়, ‘মই নাভাবো যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ কোনো ৰাজনৈতিক বা অৰ্থনৈতিক বিষয়। মোৰ বাবে ই মানৱতাৰ কথা। মানৱীয় মূল্যবোধৰ বিষয়।” 

মোডীয়ে জেলেনস্কিক উদ্দেশ্যি কয়, “যুদ্ধৰ পৰিণতি কি হয় সেয়া আপুনি আমাৰ সকলোতকৈ বেছি জানে। যোৱা বছৰ ইউক্ৰেইনৰ পৰা উভতি অহাৰ পিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি পৰিস্থিতিৰ বৰ্ণনা কৰিছে, তাৰ পৰা মই ইউক্ৰেইনৰ লোকসকলৰ দুখ-কষ্ট বুজিব পাৰিছো।” 

উল্লেখ্য যে ইয়াৰ পিছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে নৰেন্দ্ৰ মোডীক কীয়েভ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

আজি হিৰোচিমাত মোডীয়ে কেইবাখনো দ্বিপাক্ষিক আৰু বহুপক্ষীয় বৈঠক অনুষ্ঠিত কৰে। কিন্তু ইউক্ৰেইনৰ সৈতে হোৱা বৈঠকখন আছিল আন্তঃৰাষ্ট্ৰীয় শিবিৰটোৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু। 

নিশা সংবাদমেলত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই ইউক্ৰেইন সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয়। তেওঁক সোধা হৈছিল, জেলেনস্কিয়ে ভাৰতক যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল নেকি? প্ৰত্যক্ষ উত্তৰ এৰাই চলিলেও কোৱাট্ৰাৰ বক্তব্যৰ পৰা স্পষ্ট যে এই অনুৰোধ মোডীক জেলেনস্কিয়ে কৰিছিল। 

কোৱাট্ৰাই কয় যে তেওঁৱেই মোডীৰ সৈতে বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ ভাষাত “প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ আগত দুটা কথা স্পষ্ট কৰি দিছে। প্ৰথমতে ভাৰতে সেই দেশলৈ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰেৰণ কৰিব। এইক্ষেত্ৰত ঔষধ যোগান ধৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দ্বিতীয়তে, এই সংঘাতৰ সমাধানৰ বাবে মোদীয়ে নিজেই ব্যক্তিগতভাৱে আলোচনা আৰু কূটনীতিৰ জৰিয়তে যৎপৰোনাস্তি চেষ্টা কৰিব।” 

বৈদেশিক সচিবগৰাকীয়ে কয় যে এই যুদ্ধৰ ফলত অনুন্নত দেশসমূহ চৰম বিপদত পৰিছে বুলিও বৈঠকত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

উল্লেখ্য যে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি ৰাছিয়াক ব্যৱসায়িকভাৱে অসাৰ কৰি তুলিছে, যাতে ৰাছিয়াই তেওঁলোকে যুদ্ধৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতে এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ মঞ্চত কোনো ৰাছিয়া বিৰোধী স্থিতি বা প্ৰস্তাৱক সক্ৰিয়ভাৱে সমৰ্থন কৰা দেখা পোৱা নাই। বৰঞ্চ আমেৰিকাই যিমানবাৰ ৰাছিয়াৰ আগ্ৰাসনক গৰিহণা দি প্ৰস্তাৱ আনিছে, সেই প্ৰস্তাৱৰ ভোটদানত ভাৰতে অংশগ্ৰহণ কৰা নাই। 

আনহাতে, ভাৰতে যোৱা এবছৰত ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ সস্তা খাৰুৱা তেল আমদানি কৰিছে। আজি জেলেনস্কিয়ে এই বিষয়টো উত্থাপন কৰিলে নেকি বুলি সোধাত কোৱাট্ৰাই কয় যে জেলেনস্কিয়ে এই বিষয়ে একো উত্থাপন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী