--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুছ-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছত প্রথমবাৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি মুখামুখি হয়।  জি-৭ শীৰ্ষ সন্মিলনত আমন্ত্ৰিত অতিথি হিচাপে আজি হিৰোছিমাত উপস্থিত হয় জেলেনস্কি। মোডীৰ সৈতে হোৱা আধা ঘণ্টীয়া বৈঠকৰ অন্তত মোদীয়ে কয় যে ভাৰত আৰু তেওঁ ব্যক্তিগতভাৱে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব।

মোডীয়ে কয়, ‘মই নাভাবো যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ কোনো ৰাজনৈতিক বা অৰ্থনৈতিক বিষয়। মোৰ বাবে ই মানৱতাৰ কথা। মানৱীয় মূল্যবোধৰ বিষয়।” 

মোডীয়ে জেলেনস্কিক উদ্দেশ্যি কয়, “যুদ্ধৰ পৰিণতি কি হয় সেয়া আপুনি আমাৰ সকলোতকৈ বেছি জানে। যোৱা বছৰ ইউক্ৰেইনৰ পৰা উভতি অহাৰ পিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যি পৰিস্থিতিৰ বৰ্ণনা কৰিছে, তাৰ পৰা মই ইউক্ৰেইনৰ লোকসকলৰ দুখ-কষ্ট বুজিব পাৰিছো।” 

উল্লেখ্য যে ইয়াৰ পিছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে নৰেন্দ্ৰ মোডীক কীয়েভ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

আজি হিৰোচিমাত মোডীয়ে কেইবাখনো দ্বিপাক্ষিক আৰু বহুপক্ষীয় বৈঠক অনুষ্ঠিত কৰে। কিন্তু ইউক্ৰেইনৰ সৈতে হোৱা বৈঠকখন আছিল আন্তঃৰাষ্ট্ৰীয় শিবিৰটোৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু। 

নিশা সংবাদমেলত বৈদেশিক সচিব বিনয় কোৱাট্ৰাই ইউক্ৰেইন সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হয়। তেওঁক সোধা হৈছিল, জেলেনস্কিয়ে ভাৰতক যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল নেকি? প্ৰত্যক্ষ উত্তৰ এৰাই চলিলেও কোৱাট্ৰাৰ বক্তব্যৰ পৰা স্পষ্ট যে এই অনুৰোধ মোডীক জেলেনস্কিয়ে কৰিছিল। 

কোৱাট্ৰাই কয় যে তেওঁৱেই মোডীৰ সৈতে বৈঠকৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁৰ ভাষাত “প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ আগত দুটা কথা স্পষ্ট কৰি দিছে। প্ৰথমতে ভাৰতে সেই দেশলৈ সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰেৰণ কৰিব। এইক্ষেত্ৰত ঔষধ যোগান ধৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। দ্বিতীয়তে, এই সংঘাতৰ সমাধানৰ বাবে মোদীয়ে নিজেই ব্যক্তিগতভাৱে আলোচনা আৰু কূটনীতিৰ জৰিয়তে যৎপৰোনাস্তি চেষ্টা কৰিব।” 

বৈদেশিক সচিবগৰাকীয়ে কয় যে এই যুদ্ধৰ ফলত অনুন্নত দেশসমূহ চৰম বিপদত পৰিছে বুলিও বৈঠকত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

উল্লেখ্য যে আমেৰিকা আৰু পশ্চিমীয়া দেশসমূহে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি ৰাছিয়াক ব্যৱসায়িকভাৱে অসাৰ কৰি তুলিছে, যাতে ৰাছিয়াই তেওঁলোকে যুদ্ধৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতে এতিয়ালৈকে ৰাষ্ট্ৰসংঘৰ মঞ্চত কোনো ৰাছিয়া বিৰোধী স্থিতি বা প্ৰস্তাৱক সক্ৰিয়ভাৱে সমৰ্থন কৰা দেখা পোৱা নাই। বৰঞ্চ আমেৰিকাই যিমানবাৰ ৰাছিয়াৰ আগ্ৰাসনক গৰিহণা দি প্ৰস্তাৱ আনিছে, সেই প্ৰস্তাৱৰ ভোটদানত ভাৰতে অংশগ্ৰহণ কৰা নাই। 

আনহাতে, ভাৰতে যোৱা এবছৰত ৰাছিয়াৰ পৰা বিপুল পৰিমাণৰ সস্তা খাৰুৱা তেল আমদানি কৰিছে। আজি জেলেনস্কিয়ে এই বিষয়টো উত্থাপন কৰিলে নেকি বুলি সোধাত কোৱাট্ৰাই কয় যে জেলেনস্কিয়ে এই বিষয়ে একো উত্থাপন কৰা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ