--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমৰাণ খানৰ গ্ৰেপ্তাৰ অবৈধ৷ বৃহস্পতিবাৰে এই ঘোষণা কৰিছে  পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে৷  পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমৰ আতা বান্দিয়ালে প্ৰশ্ন কৰে যে আদালতৰ চৌহদৰ পৰা কেনেকৈ এজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰে? প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শীঘ্ৰেই মুকলি কৰি দিবলৈয়ো নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

বৃহস্পতিবাৰে আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পি টি আই) অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কৰে।

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰো (নেশ্যনেল একাউন্টেবিলিটি ব্যুৰো-এন এ বি)ক এক ঘন্টাৰ ভিতৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

সেইমৰ্মে বিয়লি ৪:৩০ বজাৰ ভিতৰত হাজিৰ হ’ব লাগিছিল যদিও ৫:৪০ বজাত হাজিৰ কৰা হয়। ১৫খন বাহনৰ বেষ্টনিত ইমৰাণ খানক আদালতলৈ অনা হয়।

উচ্চতম ন্যায়ালয়ৰ এই ৰায় ইমৰাণ খান আৰু তেওঁৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফ দলৰ বাবে সকাহজনক হ’ব বুলি কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস