--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মেৰিনে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিলে। এমাহ পূৰ্বে তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল। তাৰপাছত এইবাৰ বিবাহ বিচ্ছেদ কৰিবলৈ উলাইছে ছানাই৷

উল্লেখ্য যে ২০১৯ চনত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পিছৰ বছৰতে তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকক বিয়া কৰায়। অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ সংসাৰত ভাঙোন ধৰিল।

ধবাৰে ছানাই বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, বিচ্ছেদৰ পিছতো প্ৰাক্তন স্বামীগৰাকী তেওঁৰ প্ৰিয় বন্ধু হৈয়ে থাকিব।

উল্লেখ্য যে বৰ্তমানৰ স্বামী মাৰ্কাছ ৰাইকোনেনৰ সৈতে ১৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ছানা। তেওঁলোকৰ এগৰাকী পাঁচ বছৰীয়া কন্যাও আছে। ২০২০ চনত কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ছানা-মাৰ্কাছে বিয়া পাতিছিল। তেতিয়া এক কঠিন পৰিস্থিতিত দেশক নেতৃত্ব দিছে মেৰিনে। আনহাতে, মাৰ্কাছে এটা ভেঞ্চাৰ কেপিটেল ফাৰ্মত কাম কৰি আছিল।

অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল। ইনষ্টাগ্ৰামত ছানা আৰু মাৰ্কাছে পৃথকে পৃথকে পোষ্ট কৰে। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, “১৯ বছৰ একেলগে। আমাৰো এজনী ছোৱালী আছে। আমি সকলো কামৰ বাবে কৃতজ্ঞ। বিদায়ৰ পিছতো আমি প্ৰিয় বন্ধু হৈ থাকিম।”

উল্লেখ্য যে এপ্ৰিল মাহত সোঁপন্থী দলৰ হাতত পৰাস্ত হৈছিল প্ৰধানমন্ত্ৰী ছানা মেৰিন। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজৰ অন্তত সোঁপন্থী এনচিপিয়ে সৰ্বাধিক আসন লাভ কৰে। বিশেষজ্ঞসকলৰ মতে এনচিপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালেও অংশীদাৰ দলৰ সৈতে চৰকাৰ গঠন কৰিব। সেয়েহে ছানাক প্ৰধানমন্ত্ৰী হিচাপে দেখা নাযাব বুলিয়েই বিশেষজ্ঞসকলে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প