--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মেৰিনে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিলে। এমাহ পূৰ্বে তেওঁ নিৰ্বাচনত পৰাস্ত হৈছিল। তাৰপাছত এইবাৰ বিবাহ বিচ্ছেদ কৰিবলৈ উলাইছে ছানাই৷

উল্লেখ্য যে ২০১৯ চনত তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। পিছৰ বছৰতে তেওঁ দীৰ্ঘদিনীয়া প্ৰেমিকক বিয়া কৰায়। অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ সংসাৰত ভাঙোন ধৰিল।

ধবাৰে ছানাই বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰে। প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, বিচ্ছেদৰ পিছতো প্ৰাক্তন স্বামীগৰাকী তেওঁৰ প্ৰিয় বন্ধু হৈয়ে থাকিব।

উল্লেখ্য যে বৰ্তমানৰ স্বামী মাৰ্কাছ ৰাইকোনেনৰ সৈতে ১৯ বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ছানা। তেওঁলোকৰ এগৰাকী পাঁচ বছৰীয়া কন্যাও আছে। ২০২০ চনত কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে ছানা-মাৰ্কাছে বিয়া পাতিছিল। তেতিয়া এক কঠিন পৰিস্থিতিত দেশক নেতৃত্ব দিছে মেৰিনে। আনহাতে, মাৰ্কাছে এটা ভেঞ্চাৰ কেপিটেল ফাৰ্মত কাম কৰি আছিল।

অৱশ্যে তিনি বছৰৰ ভিতৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল। ইনষ্টাগ্ৰামত ছানা আৰু মাৰ্কাছে পৃথকে পৃথকে পোষ্ট কৰে। ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে লিখিছে, “১৯ বছৰ একেলগে। আমাৰো এজনী ছোৱালী আছে। আমি সকলো কামৰ বাবে কৃতজ্ঞ। বিদায়ৰ পিছতো আমি প্ৰিয় বন্ধু হৈ থাকিম।”

উল্লেখ্য যে এপ্ৰিল মাহত সোঁপন্থী দলৰ হাতত পৰাস্ত হৈছিল প্ৰধানমন্ত্ৰী ছানা মেৰিন। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক যুঁজৰ অন্তত সোঁপন্থী এনচিপিয়ে সৰ্বাধিক আসন লাভ কৰে। বিশেষজ্ঞসকলৰ মতে এনচিপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালেও অংশীদাৰ দলৰ সৈতে চৰকাৰ গঠন কৰিব। সেয়েহে ছানাক প্ৰধানমন্ত্ৰী হিচাপে দেখা নাযাব বুলিয়েই বিশেষজ্ঞসকলে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস