--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট-১'ৰ ট্ৰেইলাৰ  মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত কালি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ 

অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

 মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 
 
চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ। ২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু