--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেক্সষ্টাৰ ষ্টুডিঅ'জ আৰু ৰামধেনু পিক্‌চাৰ্ছ প্ৰডাক্‌শ্যনৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ 'ৰাজনীতি- পাৰ্ট-১'ৰ ট্ৰেইলাৰ  মুকলি কৰা হয়। যোৰহাটৰ ক'ৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে মহাআড়ম্বৰে আয়োজিত 'সৃষ্টিৰ দিন' শীৰ্ষক অনুষ্ঠানত কালি সন্ধিয়া বহু বিশিষ্ট লোকৰ উপস্থিতিত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ 

অনুষ্ঠানত যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক টীম ৰাজনীতিৰ সদস্যসকলৰ লগতে সমৱেত অগণন অনুৰাগীয়ে হৰ্ষোল্লাসেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

 মনুজিৎ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত জুবিন গাৰ্গৰ লগতে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ প্ৰসিদ্ধ অভিনেতা তপন দাস, সঞ্জীৱ শৰ্মা, বৰষাৰাণী বিষয়া, সিদ্ধাৰ্থ শৰ্মা, গীতাৱলী ৰাজকুমাৰী আৰু ৰাজীৱ গোস্বামীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। 
 
চলচ্চিত্ৰখনৰ চিত্ৰনাট্য অভিজিৎ ভট্টাচাৰ্যৰ। ২৩ ডিচেম্বৰত চলচ্চিত্ৰখনে সমগ্ৰ অসমৰ ছবিগৃহসমূহত মুক্তিলাভ কৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক