--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠান (ছিপ্রি)-এ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত স্থান লাভ কৰা ৩টা ভাৰতীয় কোম্পানীৰ মুঠ অস্ত্র-শস্ত্র বিক্রী ৮
  • ২% বৃদ্ধি হৈছে আৰু কোম্পানী তিনিটাই ৭
  • ৫ বিলিয়ন ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক : বিশ্বজুৰি ১০০টা বৃহত্তম অস্ত্র-নিৰ্মাণকাৰী কোম্পানীয়ে যোৱা বৰ্ষত অস্ত্র আৰু সামৰিক সেৱা বিক্ৰী কৰি অৰ্জন কৰা ৰাজহ ৫.৯%লৈ বৃদ্ধি হৈছে। সোমবাৰে প্রকাশিত এখন প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। ইউক্রেইন আৰু গাজাত চলি থকা যুদ্ধ আৰু গোলকীয় আৰু আঞ্চলিক ভূ-ৰাজনৈতিক উত্তেজনাই অস্ত্র-শস্ত্ৰৰ চাহিদা বৃদ্ধি কৰাৰ ফলতেই বিক্রী বৃদ্ধি পাইছে।


ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠান (ছিপ্রি)-এ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত স্থান লাভ কৰা ৩টা ভাৰতীয় কোম্পানীৰ মুঠ অস্ত্র-শস্ত্র বিক্রী ৮.২% বৃদ্ধি হৈছে আৰু কোম্পানী তিনিটাই ৭.৫ বিলিয়ন ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।


দেশত লাভ কৰা নিবিদাৰ বাবেই ভাৰতীয় কোম্পানীকেইটাই এই লাভ অর্জন কৰে। এই তালিকাত স্থান লাভ কৰা ভাৰতীয় কোম্পানীকেইটা হৈছে- হিন্দুস্তান এৰন'টিক্‌ (৪৪ সংখ্যক স্থান), ভাৰত ইলেকট্রনিকছ (৫৮ সংখ্যক) স্থান আৰু মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ (৯১ সংখ্যক স্থান)। গৱেষণা প্রতিষ্ঠানটোৱে লগতে কয় যে যোৱা বৰ্ষত অস্ত্র-শস্ত্র নির্মাণ কৰা কোম্পানীয়ে ৬৭৯ বিলিয়ন ডলাৰ লাভেৰে এক নতুন অভিলেখৰ সৃষ্টি হয়।


২০১৮ চনৰ পাছত বিশ্বৰ শীৰ্ষ ৫টা বৃহত্তম অস্ত্র কোম্পানীয়ে অভিলেখসংখ্যক ধন অর্জন কৰে। তালিকাত প্রথম ৩টা স্থান দখল কৰে ক্ৰমে- লকহিত মার্টিন কৰ্প'ৰেশ্যন (আমেৰিকা), আৰ টি এক্স (আমেৰিকা) আৰু নৰ্তৰপ গ্ৰুমান কৰ্প'ৰেশ্যন (আমেৰিকা)।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু