--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠান (ছিপ্রি)-এ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত স্থান লাভ কৰা ৩টা ভাৰতীয় কোম্পানীৰ মুঠ অস্ত্র-শস্ত্র বিক্রী ৮
  • ২% বৃদ্ধি হৈছে আৰু কোম্পানী তিনিটাই ৭
  • ৫ বিলিয়ন ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক : বিশ্বজুৰি ১০০টা বৃহত্তম অস্ত্র-নিৰ্মাণকাৰী কোম্পানীয়ে যোৱা বৰ্ষত অস্ত্র আৰু সামৰিক সেৱা বিক্ৰী কৰি অৰ্জন কৰা ৰাজহ ৫.৯%লৈ বৃদ্ধি হৈছে। সোমবাৰে প্রকাশিত এখন প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। ইউক্রেইন আৰু গাজাত চলি থকা যুদ্ধ আৰু গোলকীয় আৰু আঞ্চলিক ভূ-ৰাজনৈতিক উত্তেজনাই অস্ত্র-শস্ত্ৰৰ চাহিদা বৃদ্ধি কৰাৰ ফলতেই বিক্রী বৃদ্ধি পাইছে।


ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠান (ছিপ্রি)-এ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত স্থান লাভ কৰা ৩টা ভাৰতীয় কোম্পানীৰ মুঠ অস্ত্র-শস্ত্র বিক্রী ৮.২% বৃদ্ধি হৈছে আৰু কোম্পানী তিনিটাই ৭.৫ বিলিয়ন ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।


দেশত লাভ কৰা নিবিদাৰ বাবেই ভাৰতীয় কোম্পানীকেইটাই এই লাভ অর্জন কৰে। এই তালিকাত স্থান লাভ কৰা ভাৰতীয় কোম্পানীকেইটা হৈছে- হিন্দুস্তান এৰন'টিক্‌ (৪৪ সংখ্যক স্থান), ভাৰত ইলেকট্রনিকছ (৫৮ সংখ্যক) স্থান আৰু মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ (৯১ সংখ্যক স্থান)। গৱেষণা প্রতিষ্ঠানটোৱে লগতে কয় যে যোৱা বৰ্ষত অস্ত্র-শস্ত্র নির্মাণ কৰা কোম্পানীয়ে ৬৭৯ বিলিয়ন ডলাৰ লাভেৰে এক নতুন অভিলেখৰ সৃষ্টি হয়।


২০১৮ চনৰ পাছত বিশ্বৰ শীৰ্ষ ৫টা বৃহত্তম অস্ত্র কোম্পানীয়ে অভিলেখসংখ্যক ধন অর্জন কৰে। তালিকাত প্রথম ৩টা স্থান দখল কৰে ক্ৰমে- লকহিত মার্টিন কৰ্প'ৰেশ্যন (আমেৰিকা), আৰ টি এক্স (আমেৰিকা) আৰু নৰ্তৰপ গ্ৰুমান কৰ্প'ৰেশ্যন (আমেৰিকা)।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ