--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজহুৱা আদ্যশ্রাদ্ধৰ মাংগলিক কার্যক্রমত নাম-প্রসংগ, দিহানামকে প্ৰমুখ্য কৰি অন্যান্য কাৰ্যক্ৰমেৰে ৰাজ্যৰ প্ৰতিখন চহৰ, নগৰ আৰু মহকুমাৰ ৰাজহুৱা স্থানত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট সমিতিসমূহে আদ্যশ্রাদ্ধৰ আয়োজন কৰে।

ডিজিটেল ডেস্ক : দেওবাৰে সমগ্র অসমত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাইজৰ মৰমৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ অনুষ্ঠিত কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীর্থ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ অনুষ্ঠান সর্বধর্ম প্ৰাৰ্থনাৰে আৰম্ভ হয়।


ৰাজহুৱা আদ্যশ্রাদ্ধৰ মাংগলিক কার্যক্রমত নাম-প্রসংগ, দিহানামকে প্ৰমুখ্য কৰি অন্যান্য কাৰ্যক্ৰমেৰে ৰাজ্যৰ প্ৰতিখন চহৰ, নগৰ আৰু মহকুমাৰ ৰাজহুৱা স্থানত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট সমিতিসমূহে আদ্যশ্রাদ্ধৰ আয়োজন কৰে। পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাজহুৱা আদ্যশ্রাদ্ধ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি শিল্পীজনাৰ বিভিন্ন প্রতিচ্ছবিৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ সুশোভিত কৰা হয়। পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে শিল্পীজনাৰ কায়িক মৃত্যু কোনো এজন অসমীয়াই আজিকোপতি স্বীকাৰ কৰিব পৰা নাই। প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে প্ৰতিগৰাকী অসমীয়াই একত্রিতভাৱে ন্যায় প্ৰাপ্তিৰ বাবে যুঁজ দিব লাগিব। এই ক্ষেত্রত সকলো প্রতিনিয়ত সজাগ হৈ থাকিব লাগিব।


এতিয়ালৈকে অসমৰ চৰকাৰখনে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যপন্থাক অসমৰ ৰাইজে চোকা নজৰেৰে চাই আছে। এছ আই টিৰ বিষয়বোৰ ৰাজহুৱা হোৱা সন্দর্ভতো বক্তব্য আগবঢ়াই নেতাদ্বয়ে কয় যে এই পন্থাৰে ন্যায় তথা অনুসন্ধানৰ বাট খুব প্রশস্ত নহ'ব। আনহাতে সৌমিত্র শইকীয়াৰ অধীনত গঠিত ন্যায়িক প্ৰক্ৰিয়াৰ কাম ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় পৰিষদৰ নেতাদ্বয়ে। সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত আজিৰ আদ্যশ্রাদ্ধৰ অনুষ্ঠান ভাগত সংশ্লিষ্ট জিলা সমিতিসমূহৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নাগৰিক সমাজৰ গণ্য-মান্য ব্যক্তিৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ