--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰাজহুৱা আদ্যশ্রাদ্ধৰ মাংগলিক কার্যক্রমত নাম-প্রসংগ, দিহানামকে প্ৰমুখ্য কৰি অন্যান্য কাৰ্যক্ৰমেৰে ৰাজ্যৰ প্ৰতিখন চহৰ, নগৰ আৰু মহকুমাৰ ৰাজহুৱা স্থানত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট সমিতিসমূহে আদ্যশ্রাদ্ধৰ আয়োজন কৰে।

ডিজিটেল ডেস্ক : দেওবাৰে সমগ্র অসমত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাইজৰ মৰমৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ অনুষ্ঠিত কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীর্থ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ অনুষ্ঠান সর্বধর্ম প্ৰাৰ্থনাৰে আৰম্ভ হয়।


ৰাজহুৱা আদ্যশ্রাদ্ধৰ মাংগলিক কার্যক্রমত নাম-প্রসংগ, দিহানামকে প্ৰমুখ্য কৰি অন্যান্য কাৰ্যক্ৰমেৰে ৰাজ্যৰ প্ৰতিখন চহৰ, নগৰ আৰু মহকুমাৰ ৰাজহুৱা স্থানত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট সমিতিসমূহে আদ্যশ্রাদ্ধৰ আয়োজন কৰে। পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাজহুৱা আদ্যশ্রাদ্ধ অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি শিল্পীজনাৰ বিভিন্ন প্রতিচ্ছবিৰে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ সুশোভিত কৰা হয়। পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে শিল্পীজনাৰ কায়িক মৃত্যু কোনো এজন অসমীয়াই আজিকোপতি স্বীকাৰ কৰিব পৰা নাই। প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে প্ৰতিগৰাকী অসমীয়াই একত্রিতভাৱে ন্যায় প্ৰাপ্তিৰ বাবে যুঁজ দিব লাগিব। এই ক্ষেত্রত সকলো প্রতিনিয়ত সজাগ হৈ থাকিব লাগিব।


এতিয়ালৈকে অসমৰ চৰকাৰখনে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা কাৰ্যপন্থাক অসমৰ ৰাইজে চোকা নজৰেৰে চাই আছে। এছ আই টিৰ বিষয়বোৰ ৰাজহুৱা হোৱা সন্দর্ভতো বক্তব্য আগবঢ়াই নেতাদ্বয়ে কয় যে এই পন্থাৰে ন্যায় তথা অনুসন্ধানৰ বাট খুব প্রশস্ত নহ'ব। আনহাতে সৌমিত্র শইকীয়াৰ অধীনত গঠিত ন্যায়িক প্ৰক্ৰিয়াৰ কাম ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় পৰিষদৰ নেতাদ্বয়ে। সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত আজিৰ আদ্যশ্রাদ্ধৰ অনুষ্ঠান ভাগত সংশ্লিষ্ট জিলা সমিতিসমূহৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নাগৰিক সমাজৰ গণ্য-মান্য ব্যক্তিৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।


উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব