--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইণ্ডিয়া  মিত্ৰজোঁটৰ আহ্বায়ক হ’ব মল্লিকাৰ্জুন খাৰ্গে ।  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে উত্থাপিত হৈছিল। কিন্তু নীতিশ কুমাৰে  সেই পদটো গ্ৰহণ কৰিবলৈ সন্মত নহ’ল বুলি জানিব  পৰা গৈছে। ইয়াৰ পিছত কংগ্ৰেছ সভাপতি খাৰ্গেৰ  নাম আহ্বায়ক হিচাপে ঘোষণা কৰা হয়।নীতিশ কুমাৰে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ প্ৰস্তাৱত সন্মত নোহোৱাত খাৰ্গেৰ নাম প্ৰস্তাৱ কৰা হয়।অৱশেষত  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ভাৰত মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে বাছনি কৰা হয়। শনিবাৰে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

ভাৰ্ছুৱেল বৈঠকৰ মূলতঃ, তিনিটা বিষয় ৰ ভিতৰত  প্ৰথমতে, বৈঠকত ভাৰত মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব সেয়া চূড়ান্ত কৰাৰ কথা আছিল। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে উত্থাপিত হৈছিল। কিন্তু  তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে।  ইয়াৰ পিছতে  কংগ্ৰেছ সভাপতিৰ নাম আহ্বায়ক হিচাপে ঘোষণা কৰা হয়। দ্বিতীয়তে, কোনখন ৰাজ্যত কেনেদৰে  আসন ভাগ-বতৰা কৰা হ'ব সেই বিষয়ে আলোচনা হ’ব বুলি জনা গৈছিল। কিন্তু আজিৰ দিনটোত ইণ্ডিয়া মিত্ৰজোঁটে এই বিষয়ত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা  নাই। তৃতীয়তে, কেন্দ্ৰত মোদী চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগা কাৰ্যসূচীৰ বিষয়ে বৈঠকত  আলোচনা কৰা হয়।

উল্লেখ্য ইয়াৰ পূৰ্বে মমতা বেনাৰ্জীয়ে মোদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খাৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিল।  এইবাৰ, খাৰ্গেক আহ্বায়ক হিচাপে বাছনি কৰা হৈছে। টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয়, "মমতা বেনাৰ্জীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কি ৰণনীতি গ্ৰহণ কৰা হ'ব? বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰ্যসূচী আৰু কোন আহ্বায়ক হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ইণ্ডিয়া মিত্ৰজোঁটে আজি ভাৰ্ছুৱেল বৈঠকত  মিলিত হৈছে।’’ অৱশ্যে, টিএমচিৰ পৰা কোনেও বৈঠকত যোগদান কৰা নাছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক