--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃইণ্ডিয়া  মিত্ৰজোঁটৰ আহ্বায়ক হ’ব মল্লিকাৰ্জুন খাৰ্গে ।  বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে উত্থাপিত হৈছিল। কিন্তু নীতিশ কুমাৰে  সেই পদটো গ্ৰহণ কৰিবলৈ সন্মত নহ’ল বুলি জানিব  পৰা গৈছে। ইয়াৰ পিছত কংগ্ৰেছ সভাপতি খাৰ্গেৰ  নাম আহ্বায়ক হিচাপে ঘোষণা কৰা হয়।নীতিশ কুমাৰে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ প্ৰস্তাৱত সন্মত নোহোৱাত খাৰ্গেৰ নাম প্ৰস্তাৱ কৰা হয়।অৱশেষত  কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক ভাৰত মিত্ৰজোঁটৰ আহ্বায়ক হিচাপে বাছনি কৰা হয়। শনিবাৰে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে এক ভাৰ্চুৱেল বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

ভাৰ্ছুৱেল বৈঠকৰ মূলতঃ, তিনিটা বিষয় ৰ ভিতৰত  প্ৰথমতে, বৈঠকত ভাৰত মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব সেয়া চূড়ান্ত কৰাৰ কথা আছিল। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নাম আহ্বায়ক হিচাপে উত্থাপিত হৈছিল। কিন্তু  তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে।  ইয়াৰ পিছতে  কংগ্ৰেছ সভাপতিৰ নাম আহ্বায়ক হিচাপে ঘোষণা কৰা হয়। দ্বিতীয়তে, কোনখন ৰাজ্যত কেনেদৰে  আসন ভাগ-বতৰা কৰা হ'ব সেই বিষয়ে আলোচনা হ’ব বুলি জনা গৈছিল। কিন্তু আজিৰ দিনটোত ইণ্ডিয়া মিত্ৰজোঁটে এই বিষয়ত কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব পৰা  নাই। তৃতীয়তে, কেন্দ্ৰত মোদী চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগা কাৰ্যসূচীৰ বিষয়ে বৈঠকত  আলোচনা কৰা হয়।

উল্লেখ্য ইয়াৰ পূৰ্বে মমতা বেনাৰ্জীয়ে মোদীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে খাৰ্গেৰ নাম প্ৰস্তাৱ কৰিছিল।  এইবাৰ, খাৰ্গেক আহ্বায়ক হিচাপে বাছনি কৰা হৈছে। টিএমচিৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষে কয়, "মমতা বেনাৰ্জীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কি ৰণনীতি গ্ৰহণ কৰা হ'ব? বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ কাৰ্যসূচী আৰু কোন আহ্বায়ক হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ ইণ্ডিয়া মিত্ৰজোঁটে আজি ভাৰ্ছুৱেল বৈঠকত  মিলিত হৈছে।’’ অৱশ্যে, টিএমচিৰ পৰা কোনেও বৈঠকত যোগদান কৰা নাছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু