--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড শীতে কঁপাইছে নতুন দিল্লী৷ আজি এই শীতকালৰ আটাইতকৈ শীতৰ নিশাটো অতিবাহিত কৰিবলৈ গৈ আছে দিল্লীবাসীয়ে৷ মেহৰৌলি-গুৰগাঁও পথৰ দিল্লীৰ অন্তিমখন গাঁও আয়া নগৰত সৰ্বনিম্ন তাপমাত্ৰা ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে। 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ঠাণ্ডা আৰু ঘন কুঁৱলীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলাৰ্ট জাৰি কৰিছে। যোৱা নিশা দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ৩.৯ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছিল৷ লোডি ৰোডৰ সৰ্বনিম্ন তাপমাত্ৰা ৩.৪ ডিগ্ৰী, চফদৰজংত ৩.৬, ৰিজত ৩.৯ আৰু পালমত ৫.৮ তাপমাত্ৰা নথিভুক্ত কৰা হৈছিল বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে৷ 

দিল্লী আৰু দেশৰ আন কেইবাটাও প্ৰান্তত বতৰ সম্পৰ্কীয় পৰিস্থিতিৰ বাবে দিল্লী অভিমুখী ১৮খন ৰে'ল ১-৬ ঘণ্টা পলম হৈছে। সংবাদ সংস্থা এএনআইৰ মতে, কুঁৱলীৰ মাজত দৃশ্যমানতা কম হোৱাৰ বাবে দিল্লী বিমানবন্দৰত কেইবাখনো বিমান পৰিচালনাত বিলম্বিত হৈছিল। 

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লীৰ মুখ্য বতৰ কেন্দ্ৰ চফদৰজং পৰ্যবেক্ষণালয়ত পুৱা ৫:৩০ বজাত দৃশ্যমানতা আছিল ২০০ মিটাৰ। দৃশ্যবোৰে আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানীৰ কেইবাটাও অংশত কুঁৱলীৰ ডাঠ স্তৰ দেখুৱাইছিল।  
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চিপিচিবি) তথ্য অনুসৰি দিল্লীৰ বায়ু গুণমান সূচক পুৱা ৯ বজাত ৩৬৫ আছিল।

আইএমডিয়ে কয় যে পঞ্জাব, হাৰিয়ানা আৰু চণ্ডীগড়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু ৰাজস্থানত ঠাণ্ডা আৰু কুঁৱলীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু