--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠিক যেন অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিটোহে। ৰামলালাৰ মূৰ্তিৰ দৰেই প্ৰায় অবিকল মূৰ্তি এটা উদ্ধাৰ হৈছে কৰ্ণাটকৰ কৃষ্ণা নদীত।নদীৰ  পৰা এটা প্ৰাচীন বিষ্ণু মূৰ্তি উদ্ধাৰ কৰা হৈছে। একেদৰে প্ৰাচীন কালৰ এটা শিৱলিংগও  উদ্ধাৰ হৈছে।  ৰাইচুৰ জিলাৰ দেৱচুগুৰ গাঁৱৰ ওচৰৰ কৃষ্ণা  নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হৈছে । 

নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে  বিষ্ণুৰ শতিকা পুৰণি মূৰ্তিটো পৰানীৰ  তলৰ পৰা শ্ৰমিকে  উদ্ধাৰ কৰে। স্থানীয় লোকসকলে দাবী কৰিছে যে শিলত খোদিত মূৰ্তিটো দেখাত  অযোধ্যাৰ ৰাম লালাৰ মূৰ্তিৰ দৰেই । দলংখনৰ নিৰ্মাণৰ সৈতে জৰিতসকলে  মূৰ্তি আৰু শিৱলিংগ উদ্ধাৰৰ বিষয়ে   স্থানীয় প্ৰশাসনক অৱগত কৰিছে। এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ভগৱান কৃষ্ণৰ মূৰ্তিটো  তেওঁৰ দহটা অৱতাৰেৰে খোদিত কৰা হৈছে। আন কিছুমানে কৈছে যে এই মূৰ্তিটো অযোধ্যাৰ ৰাম লালাৰ  সৈতে দেখাত প্ৰায় একে।

প্ৰাচীন ইতিহাস আৰু পুৰাতত্ত্বৰ অধ্যাপক পদ্মজা দেশাই কয়  যে উদ্ধাৰ হোৱা মূৰ্তিৰ বহু  বৈশিষ্ট্য আছে। তেওঁ কয় যে মূৰ্তিটোৰ চাৰিওফালে বিষ্ণুৰ দহটা অৱতাৰৰ অস্তিত্ব পোৱা গৈছে, এই মূৰ্তিটো নিৰ্মাণ কৰাৰ ধৰণে  প্ৰাণ কৰে  ই অতি প্ৰাচীন মূৰ্তি। মূৰ্তিটো দহটা অৱতাৰেৰে আগুৰি আছে – মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। যিটো ৰাম মন্দিৰত স্থাপিত নতুন ৰামলালাৰ মূৰ্তিতো আছে। 

প্ৰত্নতাত্ত্বিকসকলে দাবী কৰিছে যে এই মূৰ্তিটো সম্ভৱতঃ ১১ বা দ্বাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। মূৰ্তিটো এটা মন্দিৰৰ গৰ্ভগৃহত আছিল বুলি বিশ্বাস কৰা হয়। কিন্তু সম্ভৱতঃ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ইয়াক নদীত উটৱাই  দিয়া হৈছিল। মূৰ্তিটোৰ নাকটো অলপ ভঙা অৱস্থাত পোৱা  গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক