--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠিক যেন অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ৰাম লালাৰ মূৰ্তিটোহে। ৰামলালাৰ মূৰ্তিৰ দৰেই প্ৰায় অবিকল মূৰ্তি এটা উদ্ধাৰ হৈছে কৰ্ণাটকৰ কৃষ্ণা নদীত।নদীৰ  পৰা এটা প্ৰাচীন বিষ্ণু মূৰ্তি উদ্ধাৰ কৰা হৈছে। একেদৰে প্ৰাচীন কালৰ এটা শিৱলিংগও  উদ্ধাৰ হৈছে।  ৰাইচুৰ জিলাৰ দেৱচুগুৰ গাঁৱৰ ওচৰৰ কৃষ্ণা  নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হৈছে । 

নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে  বিষ্ণুৰ শতিকা পুৰণি মূৰ্তিটো পৰানীৰ  তলৰ পৰা শ্ৰমিকে  উদ্ধাৰ কৰে। স্থানীয় লোকসকলে দাবী কৰিছে যে শিলত খোদিত মূৰ্তিটো দেখাত  অযোধ্যাৰ ৰাম লালাৰ মূৰ্তিৰ দৰেই । দলংখনৰ নিৰ্মাণৰ সৈতে জৰিতসকলে  মূৰ্তি আৰু শিৱলিংগ উদ্ধাৰৰ বিষয়ে   স্থানীয় প্ৰশাসনক অৱগত কৰিছে। এজন প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ভগৱান কৃষ্ণৰ মূৰ্তিটো  তেওঁৰ দহটা অৱতাৰেৰে খোদিত কৰা হৈছে। আন কিছুমানে কৈছে যে এই মূৰ্তিটো অযোধ্যাৰ ৰাম লালাৰ  সৈতে দেখাত প্ৰায় একে।

প্ৰাচীন ইতিহাস আৰু পুৰাতত্ত্বৰ অধ্যাপক পদ্মজা দেশাই কয়  যে উদ্ধাৰ হোৱা মূৰ্তিৰ বহু  বৈশিষ্ট্য আছে। তেওঁ কয় যে মূৰ্তিটোৰ চাৰিওফালে বিষ্ণুৰ দহটা অৱতাৰৰ অস্তিত্ব পোৱা গৈছে, এই মূৰ্তিটো নিৰ্মাণ কৰাৰ ধৰণে  প্ৰাণ কৰে  ই অতি প্ৰাচীন মূৰ্তি। মূৰ্তিটো দহটা অৱতাৰেৰে আগুৰি আছে – মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কি। যিটো ৰাম মন্দিৰত স্থাপিত নতুন ৰামলালাৰ মূৰ্তিতো আছে। 

প্ৰত্নতাত্ত্বিকসকলে দাবী কৰিছে যে এই মূৰ্তিটো সম্ভৱতঃ ১১ বা দ্বাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। মূৰ্তিটো এটা মন্দিৰৰ গৰ্ভগৃহত আছিল বুলি বিশ্বাস কৰা হয়। কিন্তু সম্ভৱতঃ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ইয়াক নদীত উটৱাই  দিয়া হৈছিল। মূৰ্তিটোৰ নাকটো অলপ ভঙা অৱস্থাত পোৱা  গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা