--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিতব্য জি-২০ৰ নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰত ইণ্ডিয়াৰ সলনি ভাৰত লিখাৰ বাবে এক অনাহুত বিতৰ্কৰ সৃষ্টি হয়।য’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ইণ্ডিয়াৰ ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি কোৱা হয়। ইয়াৰ পাছতে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ইণ্ডিয়া নাম সলনি কৰি ভাৰত কৰিব বিচাৰিছে বুলি জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

শেহতীয়াকৈ পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদি ৰাষ্ট্ৰসংঘত ইণ্ডিয়া নামৰ স্বীকৃতি আনুষ্ঠানিকভাৱে বাতিল কৰা হয়, তেন্তে পাকিস্তানে ইণ্ডিয়াৰ নামত নিজৰ দাবী দাখিল কৰিব পাৰে।উল্লেখ্য যে পাকিস্তানে বহুদিন ধৰি যুক্তি দি আহিছে যে ইণ্ডিয়া নামটোৱে সিন্ধু অঞ্চলক বুজায়। ইয়াৰ পাছত হয়তো পাকিস্তানৰ চকু ভাৰতৰ নামত থাকিব পাৰে।

দক্ষিণ এছিয়া সূচকাংকৰ প্ৰতিবেদন অনুসৰি পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী কোৱাইদ-ই-আজম মহম্মদ আলী জিন্নাই ভাৰত নামটোৰ বিৰোধিতা কৰিছিল। ব্ৰিটিছ ইণ্ডিয়াই নতুন স্বাধীন দেশখনৰ নাম হিচাপে ইণ্ডিয়া নাম গ্ৰহণ কৰাত আপত্তি কৰিছিল। তাৰ ঠাইত হিন্দুস্তান বা ভাৰতৰ পৰামৰ্শ দিছিল।ভাৰতৰ স্বাধীনতাৰ এমাহ পাছত ১৯৪৭ চনত এবাৰ মহম্মদ আলী জিন্নাই মাউণ্টবেটেনে আয়োজন এখন শিল্প প্ৰদৰ্শনীৰ অধ্যক্ষ হ’বলৈ প্ৰেৰণ কৰা নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।লুই মাউণ্টবেটেনে প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰত হিন্দুস্তানৰ সলনি ইণ্ডিয়া শব্দটো ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত এই ঘটনাৰ পাছত জিন্নাই ভাৰতৰ শেষ গৱৰ্ণৰ মাউণ্টবেটেনলৈ এখন চিঠি লিখি কয় যে কিছু অজ্ঞাত কাৰণত ভাৰতে ইণ্ডিয়া নামটো গ্ৰহণ কৰাটো দুখৰ বিষয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক