--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিতব্য জি-২০ৰ নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰত ইণ্ডিয়াৰ সলনি ভাৰত লিখাৰ বাবে এক অনাহুত বিতৰ্কৰ সৃষ্টি হয়।য’ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক ইণ্ডিয়াৰ ৰাষ্ট্ৰপতিৰ পৰিৱৰ্তে ভাৰতৰ ৰাষ্ট্ৰপতি বুলি কোৱা হয়। ইয়াৰ পাছতে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ইণ্ডিয়া নাম সলনি কৰি ভাৰত কৰিব বিচাৰিছে বুলি জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।

শেহতীয়াকৈ পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদি ৰাষ্ট্ৰসংঘত ইণ্ডিয়া নামৰ স্বীকৃতি আনুষ্ঠানিকভাৱে বাতিল কৰা হয়, তেন্তে পাকিস্তানে ইণ্ডিয়াৰ নামত নিজৰ দাবী দাখিল কৰিব পাৰে।উল্লেখ্য যে পাকিস্তানে বহুদিন ধৰি যুক্তি দি আহিছে যে ইণ্ডিয়া নামটোৱে সিন্ধু অঞ্চলক বুজায়। ইয়াৰ পাছত হয়তো পাকিস্তানৰ চকু ভাৰতৰ নামত থাকিব পাৰে।

দক্ষিণ এছিয়া সূচকাংকৰ প্ৰতিবেদন অনুসৰি পাকিস্তানৰ তদানীন্তন প্ৰধানমন্ত্ৰী কোৱাইদ-ই-আজম মহম্মদ আলী জিন্নাই ভাৰত নামটোৰ বিৰোধিতা কৰিছিল। ব্ৰিটিছ ইণ্ডিয়াই নতুন স্বাধীন দেশখনৰ নাম হিচাপে ইণ্ডিয়া নাম গ্ৰহণ কৰাত আপত্তি কৰিছিল। তাৰ ঠাইত হিন্দুস্তান বা ভাৰতৰ পৰামৰ্শ দিছিল।ভাৰতৰ স্বাধীনতাৰ এমাহ পাছত ১৯৪৭ চনত এবাৰ মহম্মদ আলী জিন্নাই মাউণ্টবেটেনে আয়োজন এখন শিল্প প্ৰদৰ্শনীৰ অধ্যক্ষ হ’বলৈ প্ৰেৰণ কৰা নিমন্ত্ৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।লুই মাউণ্টবেটেনে প্ৰেৰণ কৰা নিমন্ত্ৰণী পত্ৰত হিন্দুস্তানৰ সলনি ইণ্ডিয়া শব্দটো ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত এই ঘটনাৰ পাছত জিন্নাই ভাৰতৰ শেষ গৱৰ্ণৰ মাউণ্টবেটেনলৈ এখন চিঠি লিখি কয় যে কিছু অজ্ঞাত কাৰণত ভাৰতে ইণ্ডিয়া নামটো গ্ৰহণ কৰাটো দুখৰ বিষয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ