--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল জোৱানকেই নহয়, য়াক আৰু ঘোঁৰাকো সন্মানিত কৰিলে সামৰিক বাহিনীয়ে।ভাৰতীয় সেনাই দেশৰ সুৰক্ষাৰ বাবে পৰিয়ালক এৰি  দিনে-ৰাতিয়ে  সীমান্তত পহৰা দি আছে। সেনাৰ লগতে আন কেইবিধমান প্ৰাণীয়েও   পাহাৰৰ শীতল পৰিবেশত  দুৰ্গম ৰাস্তাত নিয়মীয়াকৈ সেনাৰ বাবে  দৈনিক সামগ্ৰী সৰবৰাহ কৰি আহিছে। কঠোৰ পৰিশ্ৰমৰ বাবে  ভাৰতীয় সেনাৰ য়াক 'বাহুবলী' আৰু ঘোঁৰা 'মধু'ক  স্বীকৃতি প্ৰদান কৰা । ঘোঁৰাটোৰ লগতে য়াকটোকো  পদক প্ৰদান কৰা হ'ব।

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) মতে মধুৰ বয়স ১০ বছৰ। যোৱা সাত বছৰ ধৰি  ঘোঁৰাটোৱে  ভাৰতীয় সেনাক বিভিন্ন ধৰণৰ সামগ্ৰী সৰবৰাহ  কৰাৰ বাবে কাম কৰি আহিছে। লাডাখত ভাৰত-চীন সীমান্তত ঘোঁৰাটো নিয়োজিত হৈ আহিছে। একেদৰে পদক বিজয়ী য়াক বাহুবলীও সাত বছৰ ধৰি সেনাৰ সৈতে জড়িত হৈ আছে। 

য়াকটোৱে এতিয়ালৈকে সেনাৰ কামত  প্ৰায় আঢ়ৈ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰিছে। ১০ বছৰীয়া য়াকটোৱে  মুঠ ৭,০০০ কিলোগ্ৰাম সামগ্ৰী সৰবৰাহৰ   কাম কৰিছে।


পৰিবহণ শাখাত জৰিত হৈ থকা পশুবোৰক   প্ৰতি বছৰে পদকেৰে সন্মানিত কৰা হয়। আইটিবিপিৰ এজন বিষয়াই কয় যে এই পশু বাহিনীৰ সদস্যসকলে যোৱা এবছৰত মুঠ ৩.৩ নিযুত কিলোগ্ৰাম সামগ্ৰী কঢ়িয়াইছে।য়াকৰ তুলনাত  ঘোঁৰাবোৰে তুলনামূলকভাৱে কম উচ্চতাত কাম কৰে।

২০১৬  চনৰ পৰা ইণ্ডো-টিবেটান সীমান্ত বাহিনীয়ে (আইটিবিপি) পশু শক্তিৰ বাবে এই পদক প্ৰদান কৰাৰ প্ৰথা আৰম্ভ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু