--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল জোৱানকেই নহয়, য়াক আৰু ঘোঁৰাকো সন্মানিত কৰিলে সামৰিক বাহিনীয়ে।ভাৰতীয় সেনাই দেশৰ সুৰক্ষাৰ বাবে পৰিয়ালক এৰি  দিনে-ৰাতিয়ে  সীমান্তত পহৰা দি আছে। সেনাৰ লগতে আন কেইবিধমান প্ৰাণীয়েও   পাহাৰৰ শীতল পৰিবেশত  দুৰ্গম ৰাস্তাত নিয়মীয়াকৈ সেনাৰ বাবে  দৈনিক সামগ্ৰী সৰবৰাহ কৰি আহিছে। কঠোৰ পৰিশ্ৰমৰ বাবে  ভাৰতীয় সেনাৰ য়াক 'বাহুবলী' আৰু ঘোঁৰা 'মধু'ক  স্বীকৃতি প্ৰদান কৰা । ঘোঁৰাটোৰ লগতে য়াকটোকো  পদক প্ৰদান কৰা হ'ব।

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ (আইটিবিপি) মতে মধুৰ বয়স ১০ বছৰ। যোৱা সাত বছৰ ধৰি  ঘোঁৰাটোৱে  ভাৰতীয় সেনাক বিভিন্ন ধৰণৰ সামগ্ৰী সৰবৰাহ  কৰাৰ বাবে কাম কৰি আহিছে। লাডাখত ভাৰত-চীন সীমান্তত ঘোঁৰাটো নিয়োজিত হৈ আহিছে। একেদৰে পদক বিজয়ী য়াক বাহুবলীও সাত বছৰ ধৰি সেনাৰ সৈতে জড়িত হৈ আছে। 

য়াকটোৱে এতিয়ালৈকে সেনাৰ কামত  প্ৰায় আঢ়ৈ হাজাৰ কিলোমিটাৰ ভ্ৰমণ কৰিছে। ১০ বছৰীয়া য়াকটোৱে  মুঠ ৭,০০০ কিলোগ্ৰাম সামগ্ৰী সৰবৰাহৰ   কাম কৰিছে।


পৰিবহণ শাখাত জৰিত হৈ থকা পশুবোৰক   প্ৰতি বছৰে পদকেৰে সন্মানিত কৰা হয়। আইটিবিপিৰ এজন বিষয়াই কয় যে এই পশু বাহিনীৰ সদস্যসকলে যোৱা এবছৰত মুঠ ৩.৩ নিযুত কিলোগ্ৰাম সামগ্ৰী কঢ়িয়াইছে।য়াকৰ তুলনাত  ঘোঁৰাবোৰে তুলনামূলকভাৱে কম উচ্চতাত কাম কৰে।

২০১৬  চনৰ পৰা ইণ্ডো-টিবেটান সীমান্ত বাহিনীয়ে (আইটিবিপি) পশু শক্তিৰ বাবে এই পদক প্ৰদান কৰাৰ প্ৰথা আৰম্ভ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক