--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ বাবেহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশত সন্মান লাভ কৰিছে। গান্ধীৰ দেশ  ভাৰতক প্ৰতিনিধিত্ব কৰিহে মোদীয়ে এই আদৰ লাভ কৰিছে। এই ভাষ্য প্ৰদান কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে।

 

মঙলবাৰে ৰাজস্থানৰ বঞ্চাৰাৰ মানগড় ধামৰ এটা অনুষ্ঠানত অংশ লৈ এই ভাষ্য প্ৰদান কৰিছে গেহলটে। লক্ষ্যণীভাৱে উক্ত অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল।

 

গেহলটে কয় যে যেতিয়া মোদী বিদেশলৈ যায়, তেতিয়া অশেষ শ্ৰদ্ধা লাভ কৰে। ইয়াৰ কাৰণ হৈছে তেওঁ গান্ধীৰ দেশৰ প্ৰধানমন্ত্ৰী, য’ত গণতন্ত্ৰৰ শিপা গভীৰ আৰু স্বাধিনতাৰ সত্তৰ বছৰৰ পাছতো গণতন্ত্ৰ জীয়াই আছে।

 

অনুষ্ঠানটোত গেহলটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰেও উপচাই পেলায়। কয় যে মোদী চৰকাৰে জনজাতিসকলৰ বাবে অনেক পদক্ষেপ হাতত লৈছে।

 

উল্লেখ্য যে অনুষ্ঠানটো অনুষ্ঠিত হোৱা মানগড় ধাম স্বাধীনতা আন্দোলনৰ স্মৃতিবিজড়িত এটা স্থান। ১৯১৩ চনত ব্ৰিটিছ আৰ্মীয়ে ইয়াত ১৫০০ জন জনজাতীয় লোকক হত্যা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু