--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ০৪ কোটি টকাত নিলাম হোৱা মূর্তিটো কবিগুৰুৱে নিজ হাতেৰে তৈয়াৰ কৰিছিল। অষ্টাগুৰুৱে প্রকাশ কৰা মতে দ্য হার্ট নাম দিয়া এই মূর্তিটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথৰ পত্নী কাদম্বৰীৰ নামত উৎসর্গিত আছিল

ডিজিটেল ডেস্ক : কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে হাতে লিখা একাংশ পত্র প্রায় ছয় কোটি টকাত আৰু তেওঁ নিৰ্মাণ কৰা এটা মূর্তি এক কোটি টকাতকৈ অধিক দামত নিলাম হয়।


কলকাতাৰ অষ্টগুৰুৱে যোৱা ২৭ আৰু ২৮ জুনত এই নিলামৰ আয়োজন কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল 'কলেক্টৰ্ছ চইচ'। নিলামত নোবেল বঁটাবিজয়ী কবিগুৰুৰ ৩৫খন হাতে লিখা পত্ৰ আৰু ১৪টা লেফাফা বিক্ৰী কৰা হয়। এই পত্ৰ আৰু লেফাফাৰ মুঠ মূল্য আছিল ৫.৯ কোটি টকা। নিলামৰ ডাকত এই পত্ৰসমূহৰ প্ৰাৰম্ভিক দাম নির্ধাৰণ কৰা হৈছিল ৫.৬ কোটি টকা আৰু নিলামত ৬-৭ কোটি টকা দাম পোৱা যাব বুলি আশা কৰা হৈছিল।


আনহাতে ১.০৪ কোটি টকাত নিলাম হোৱা মূর্তিটো কবিগুৰুৱে নিজ হাতেৰে তৈয়াৰ কৰিছিল। অষ্টাগুৰুৱে প্রকাশ কৰা মতে দ্য হার্ট নাম দিয়া এই মূর্তিটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথৰ পত্নী কাদম্বৰীৰ নামত উৎসর্গিত আছিল। নিলাম হোৱা পত্রসমূহ ১৯২৭-১৯৩৬ চনৰ ভিতৰত লিখা আৰু সকলো পত্র সমাজবিদ তথা সংগীতজ্ঞ আৰু ৰবীন্দ্ৰনাথৰ অতি আস্থাবান ব্যক্তি ধূর্জতিপ্রসাদ মুখার্জীলৈ প্ৰেৰণ কৰা।


ইয়াৰে ১২খন পত্ৰ বিশ্ব ভাৰতী, তেওঁৰ উত্তৰায়ণত থকা বাসভবন, দার্জিলিঙৰ গ্লেন ইডেন আৰু তেওঁৰ হাউছব'ট পদ্মাৰ পৰা লিখা হৈছিল। অষ্টগুৰৰ মুখ্য বাণিজ্যিক বিষয়া মনোজ মনছুখানীৰ মতে, এই পত্রবিলাক কেৱল কবিগুৰৰ সাহিত্যিক সংগ্রহেই নাছিল, এইবিলাক নোবেল বঁটা বিজয়ীজনে নিজৰ ভাষাত লিখা আত্ম-চিত্র। আনহাতে মূর্তিটো ১৮৮৩ চনত কৰ্ণাটকৰ উপকূলীয় চহৰ কাৰবাৰত তেওঁ মাত্র ২২ বছৰ বয়সত সৃষ্টি কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ