--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ০৪ কোটি টকাত নিলাম হোৱা মূর্তিটো কবিগুৰুৱে নিজ হাতেৰে তৈয়াৰ কৰিছিল। অষ্টাগুৰুৱে প্রকাশ কৰা মতে দ্য হার্ট নাম দিয়া এই মূর্তিটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথৰ পত্নী কাদম্বৰীৰ নামত উৎসর্গিত আছিল

ডিজিটেল ডেস্ক : কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে হাতে লিখা একাংশ পত্র প্রায় ছয় কোটি টকাত আৰু তেওঁ নিৰ্মাণ কৰা এটা মূর্তি এক কোটি টকাতকৈ অধিক দামত নিলাম হয়।


কলকাতাৰ অষ্টগুৰুৱে যোৱা ২৭ আৰু ২৮ জুনত এই নিলামৰ আয়োজন কৰিছিল আৰু ইয়াৰ নাম দিয়া হৈছিল 'কলেক্টৰ্ছ চইচ'। নিলামত নোবেল বঁটাবিজয়ী কবিগুৰুৰ ৩৫খন হাতে লিখা পত্ৰ আৰু ১৪টা লেফাফা বিক্ৰী কৰা হয়। এই পত্ৰ আৰু লেফাফাৰ মুঠ মূল্য আছিল ৫.৯ কোটি টকা। নিলামৰ ডাকত এই পত্ৰসমূহৰ প্ৰাৰম্ভিক দাম নির্ধাৰণ কৰা হৈছিল ৫.৬ কোটি টকা আৰু নিলামত ৬-৭ কোটি টকা দাম পোৱা যাব বুলি আশা কৰা হৈছিল।


আনহাতে ১.০৪ কোটি টকাত নিলাম হোৱা মূর্তিটো কবিগুৰুৱে নিজ হাতেৰে তৈয়াৰ কৰিছিল। অষ্টাগুৰুৱে প্রকাশ কৰা মতে দ্য হার্ট নাম দিয়া এই মূর্তিটো ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাতৃ জ্যোতিৰিন্দ্ৰনাথৰ পত্নী কাদম্বৰীৰ নামত উৎসর্গিত আছিল। নিলাম হোৱা পত্রসমূহ ১৯২৭-১৯৩৬ চনৰ ভিতৰত লিখা আৰু সকলো পত্র সমাজবিদ তথা সংগীতজ্ঞ আৰু ৰবীন্দ্ৰনাথৰ অতি আস্থাবান ব্যক্তি ধূর্জতিপ্রসাদ মুখার্জীলৈ প্ৰেৰণ কৰা।


ইয়াৰে ১২খন পত্ৰ বিশ্ব ভাৰতী, তেওঁৰ উত্তৰায়ণত থকা বাসভবন, দার্জিলিঙৰ গ্লেন ইডেন আৰু তেওঁৰ হাউছব'ট পদ্মাৰ পৰা লিখা হৈছিল। অষ্টগুৰৰ মুখ্য বাণিজ্যিক বিষয়া মনোজ মনছুখানীৰ মতে, এই পত্রবিলাক কেৱল কবিগুৰৰ সাহিত্যিক সংগ্রহেই নাছিল, এইবিলাক নোবেল বঁটা বিজয়ীজনে নিজৰ ভাষাত লিখা আত্ম-চিত্র। আনহাতে মূর্তিটো ১৮৮৩ চনত কৰ্ণাটকৰ উপকূলীয় চহৰ কাৰবাৰত তেওঁ মাত্র ২২ বছৰ বয়সত সৃষ্টি কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ