--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচ হ’ব ইন্দোৰত। ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে মোহালীৰ পৰা তাত উপস্থিত হৈছে। শনিবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এই ভিডিঅ’টো মুকলি কৰে। দেখা যায় যে ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলে কোনটো খাদ্য তেওঁলোকৰ প্ৰিয় বুলি কৈছে। তাৰ লগতে দলৰ আটাইতকৈ ধেমেলীয়া ক্ৰিকেটাৰজনৰ নামো উল্লেখ কৰে।

প্ৰথম টি-২০ত ভাৰতে ৬ উইকেটত জয়লাভ কৰে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দেওবাৰৰ খেল। তাত খেলিবলৈ নামি অহাৰ আগতে ভাৰতীয় ক্ৰিকেটাৰসকলে কৈছিল যে ইন্দোৰত তেওঁলোকৰ প্ৰিয় খাদ্য হৈছে ‘পোহা’। এই খাদ্য ভাৰতৰ বিভিন্ন ৰাজ্যত উপলব্ধ। বেছিভাগ খেলুৱৈয়ে এই খাদ্য খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

ভাৰতীয় দলত আছে মধ্যপ্ৰদেশৰ আবেশ খান। ভিডিঅ'টোত আবেছে কোৱা শুনা গৈছে, "মোৰ চহৰ ইন্দোৰলৈ স্বাগতম।" দলৰ সকলোৰে মতে আবেশ বৰ ধেমেলীয়া ল’ৰা। তেওঁ এনেকুৱা এটা কথা ক’লে যিয়ে সকলোকে হাঁহিবলৈ বাধ্য কৰালে।দেওবাৰে দ্বিতীয়খন মেচত জয়ী হ’বলৈ ভাৰতে শৃংখলাত ২-০ গ’লত অগ্ৰগতি লাভ কৰিব। তিনিখন মেচৰ শৃংখলাত ভাৰতে জয়ৰ আশ্বাস লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু