--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাঙৰ প্ৰতিযোগিতাত চেম্পিয়ন হ’বলৈ ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে মানসিক সমস্যা অতিক্ৰম কৰিব লাগিব। চেণ্টাৰছ অৱ এক্সেলেন্স আৰু মাৰ্লিন গ্ৰুপ হাই-পাৰফৰ্মেন্স চেণ্টাৰ উদ্বোধন কৰিবলৈ কলকাতালৈ আহিছিল যুৱৰাজ সিং। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীৰ মতে, ভাৰতীয় ক্ৰিকেটাৰসকলৰ দক্ষতাৰ অভাৱ নহয়। মানসিক সমস্যা আছে। ইয়াক অতিক্ৰম কৰিব লাগিব।

উদাহৰণ হিচাপে অষ্ট্ৰেলিয়াৰ উদ্ধৃতি দি যুৱৰাজে কয় - ''ভাৰতীয় দলত দক্ষতাৰ অভাৱ নাই। ডাঙৰ ডাঙৰ মেচত প্ৰদৰ্শন কৰাত মানসিক সমস্যা থাকে। ২০১৭ চনত চেম্পিয়নছ ট্ৰফী দলতো আছিলো। বহু বছৰ ধৰি আমি কোনো ডাঙৰ প্ৰতিযোগিতাৰ ফাইনেলত জয়ী হোৱা নাই। ই অৱশ্যে চিন্তনীয়। টিম মেনেজমেণ্টে নিশ্চয় চিন্তা কৰি আছে। অনাগত দিনত প্ৰত্যাহ্বান বৃদ্ধি পাব। এই এটা ডিষ্টিংচনৰ বাবে অষ্ট্ৰেলিয়াই ছবাৰকৈ বিশ্বকাপ জয় কৰিছে। আৰু আমি দুবাৰ।’’

ডেৰ বছৰৰ পাছত কোহলী, ৰোহিতক টি-২০ দললৈ ঘূৰি অহাত যুৱৰাজে বিশেষ একো দেখা নাপায়। নিউটাউনৰ নিজৰ বিলাসী হোটেলত তেওঁ কয় যে তেওঁলোকৰ কোনোৱেই অৱসৰ লোৱা নাছিল। একেৰাহে তিনিবিধ ক্ৰিকেট খেলাটো সহজ নহয়। ক্ৰিকেটাৰসকল ভাগৰি পৰে। কোহলী, ৰোহিতে ফিটনেছ বজাই ৰাখিব জানে। গতিকে সমস্যা হ’ব নালাগে।'' 

প্ৰসংগক্ৰমে সাংবাদিকে সোধে যে দীৰ্ঘদিন ভাৰতৰ হৈ খেলা সত্ত্বেও তেওঁ নেতৃত্ব দিব নোৱাৰিলে। কিবা আক্ষেপ আছে নেকি? যুৱৰাজে ক'লে, "নাই মোৰ কোনো আক্ষেপ নাই। অধিনায়কত্ব এক বৃহৎ সন্মান। পাৰিলে ভাল হ'ব। কিন্তু আমি দাদা (সৌৰভ গংগোপাধ্যায়) আৰু মহিৰ (মহেন্দ্ৰ সিং ধোনী)ৰ দৰে দুজন মহান অধিনায়ক বেক টু বেক পাইছিলোঁ। আৰু পেছাদাৰী খেলুৱৈসকলে পৰিস্থিতিৰ লগত খাপ খাব লাগিব। এটা আক্ষেপ আছে। ৪০ খন টেষ্ট খেলাৰ সুযোগ পাইছিলোঁ। আৰু কিছু টেষ্ট খেলিলে সুখী হ’লোহেঁতেন!’’

সাংবাদিকে সোধে- শুনা যায় যে আপোনাৰ ক্ৰিকেট কেৰিয়াৰ, কেন্সাৰৰ সৈতে যুঁজ দিয়াক লৈ এখন বায়’পিক নিৰ্মাণ কৰা হ’ব। আপোনাৰ চৰিত্ৰত কাক চাব বিচাৰে? কোনজন অভিনেতা আপোনাৰ প্ৰিয়? যুৱৰাজে কয়, ‘বহুত ভাল অভিনেতা আছে। পৰিচালকৰ সিদ্ধান্ত। যাক বাছি ল’ব, তেওঁ অভিনয় কৰিব। কিছুদিন আগতে ছাউ এনিমেল। ৰনবীৰ কাপুৰৰ গ্ৰেট অভিনয়। মই বিচাৰো ৰণবীৰে মোৰ চৰিত্ৰত অভিনয় কৰক। কিন্তু আকৌ পৰিচালকে সিদ্ধান্ত ল’ব। মোৰ বায়'পিক সোনকালে আহিব বুলি আশা কৰিলোঁ। ভাল খবৰ পাব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক