--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৫ বছৰ পূৰ্বে তেওঁ বিশ্বকাপত যি নজিৰ গঢ়ি তুলিছিল সেয়া এতিয়াও অক্ষত অৱস্থাত আছে। বহু বিখ্যাত ফুটবলাৰ আহিলেও তেওঁক কোনোৱেই চেৰ পেলাব নোৱাৰিলে। তেওঁ হৈছে ফ্ৰান্সৰ প্ৰাক্তন ফুটবলাৰ জিন ফাণ্টে।

বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ফাণ্টেই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। বুধবাৰে তেওঁৰ পূৰ্বৰ ক্লাব ৰেমছে এই কথা ঘোষণা কৰে।

১৯৫৮ চনৰ বিশ্বকাপত ফাণ্টে ছখন খেলত ১৩টা গ’ল দিছিল। এটা বিশ্বকাপত ইমান গ’ল আন কোনেও কৰা নাই। মাত্ৰ ছখন খেল খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। প্ৰতিযোগিতাৰ শেষত তেওঁ নায়ক হৈ পৰিল।

মৰক্কোত জন্মগ্ৰহণ কৰা এই ফুটবলাৰগৰাকীক বিশ্বকাপৰ পূৰ্বে কোনেও চিনি নাপাইছিল। কিন্তু তেওঁৰ গতি আৰু চমৎকাৰ ফিনিছিঙে আৰম্ভণিতে চকু কপালত তুলিছিল।

বিশ্বকাপলৈ অহা বুটজোৰ অনুশীলনৰ সময়ত ফাটি গৈছিল। ফলত তেওঁ সতীৰ্থৰ পৰা ধাৰলৈ লোৱা বুট পিন্ধি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এতিয়া বিশ্বকাপৰ শীৰ্ষ গ’লদাতাক প্ৰদান কৰা হয় সোণালী বুট। কিন্তু যেতিয়া ফাণ্টে ১৩টা গ’ল দিছিল তেতিয়া এই বঁটা আৰম্ভ হোৱা নাছিল। ২০০৬ চনত এবাৰ ফাণ্টে কৈছিল, “মোৰ অভিলেখ কোনেও ভংগ কৰাটো অসম্ভৱ যেন লাগে। তাৰ বাবে প্ৰতিখন মেচতে দুটা গ’ল দিব লাগিব।’’

১৯৫৮ চনৰ বিশ্বকাপত খেলৰ মাজতে চাবষ্টিটিউট নমোৱাৰ নিয়ম নিয়ম নাছিল। সেইবাৰ ছেমি ফাইনেলত ব্ৰাজিলৰ হাতত ২-৫ গ’লত পৰাস্ত হৈছিল ফ্ৰান্স। অৱশেষত ব্ৰাজিলেই চেম্পিয়ন হিচাপে প্ৰথম বিশ্বকাপ জয় কৰিছিল। সেই দলটোত আছিল এজন প্ৰতিভাৱান ১৭ বছৰীয়া ফুটবলাৰ, তেওঁ হৈছে পেলে।

ব্ৰাজিলৰ বিৰুদ্ধে ফাণ্টেই এটা গ’ল কৰিছিল। পশ্চিম জাৰ্মানীৰ বিৰুদ্ধে চাৰিটা গ’ল দিয়ে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল হাংগেৰীৰ চেণ্ডোৰ কক্সিছে। তেওঁ এটা বিশ্বকাপত ১১টা গ’ল দিছিল।

ফাণ্টেৰ এই অভিলেখৰ পিছত বিশ্বকাপত সৰ্বোচ্চ গ’লসংখ্যা হৈছে ৯। এই গ’লকেইটা ২০০২ চনত ৰোনাল্ডো আৰু ২০২২ চনত কাইলিয়ান এমবাপেই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন