--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬৫ বছৰ পূৰ্বে তেওঁ বিশ্বকাপত যি নজিৰ গঢ়ি তুলিছিল সেয়া এতিয়াও অক্ষত অৱস্থাত আছে। বহু বিখ্যাত ফুটবলাৰ আহিলেও তেওঁক কোনোৱেই চেৰ পেলাব নোৱাৰিলে। তেওঁ হৈছে ফ্ৰান্সৰ প্ৰাক্তন ফুটবলাৰ জিন ফাণ্টে।

বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে ফাণ্টেই। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। বুধবাৰে তেওঁৰ পূৰ্বৰ ক্লাব ৰেমছে এই কথা ঘোষণা কৰে।

১৯৫৮ চনৰ বিশ্বকাপত ফাণ্টে ছখন খেলত ১৩টা গ’ল দিছিল। এটা বিশ্বকাপত ইমান গ’ল আন কোনেও কৰা নাই। মাত্ৰ ছখন খেল খেলি তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। প্ৰতিযোগিতাৰ শেষত তেওঁ নায়ক হৈ পৰিল।

মৰক্কোত জন্মগ্ৰহণ কৰা এই ফুটবলাৰগৰাকীক বিশ্বকাপৰ পূৰ্বে কোনেও চিনি নাপাইছিল। কিন্তু তেওঁৰ গতি আৰু চমৎকাৰ ফিনিছিঙে আৰম্ভণিতে চকু কপালত তুলিছিল।

বিশ্বকাপলৈ অহা বুটজোৰ অনুশীলনৰ সময়ত ফাটি গৈছিল। ফলত তেওঁ সতীৰ্থৰ পৰা ধাৰলৈ লোৱা বুট পিন্ধি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এতিয়া বিশ্বকাপৰ শীৰ্ষ গ’লদাতাক প্ৰদান কৰা হয় সোণালী বুট। কিন্তু যেতিয়া ফাণ্টে ১৩টা গ’ল দিছিল তেতিয়া এই বঁটা আৰম্ভ হোৱা নাছিল। ২০০৬ চনত এবাৰ ফাণ্টে কৈছিল, “মোৰ অভিলেখ কোনেও ভংগ কৰাটো অসম্ভৱ যেন লাগে। তাৰ বাবে প্ৰতিখন মেচতে দুটা গ’ল দিব লাগিব।’’

১৯৫৮ চনৰ বিশ্বকাপত খেলৰ মাজতে চাবষ্টিটিউট নমোৱাৰ নিয়ম নিয়ম নাছিল। সেইবাৰ ছেমি ফাইনেলত ব্ৰাজিলৰ হাতত ২-৫ গ’লত পৰাস্ত হৈছিল ফ্ৰান্স। অৱশেষত ব্ৰাজিলেই চেম্পিয়ন হিচাপে প্ৰথম বিশ্বকাপ জয় কৰিছিল। সেই দলটোত আছিল এজন প্ৰতিভাৱান ১৭ বছৰীয়া ফুটবলাৰ, তেওঁ হৈছে পেলে।

ব্ৰাজিলৰ বিৰুদ্ধে ফাণ্টেই এটা গ’ল কৰিছিল। পশ্চিম জাৰ্মানীৰ বিৰুদ্ধে চাৰিটা গ’ল দিয়ে। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল হাংগেৰীৰ চেণ্ডোৰ কক্সিছে। তেওঁ এটা বিশ্বকাপত ১১টা গ’ল দিছিল।

ফাণ্টেৰ এই অভিলেখৰ পিছত বিশ্বকাপত সৰ্বোচ্চ গ’লসংখ্যা হৈছে ৯। এই গ’লকেইটা ২০০২ চনত ৰোনাল্ডো আৰু ২০২২ চনত কাইলিয়ান এমবাপেই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement