--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেওঁৰ স্বামী এতিয়া ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী। ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি আৰু অধ্যক্ষ সুধা মূৰ্তিৰ কন্যা অক্ষতা। বাংগালোৰ বাসিন্দা ব্রিটেইনৰ ‘ফার্ষ্ট লেডী’ অক্ষতা মূৰ্তি৷ কেলিফৰ্ণিয়াৰ ক্লেয়াৰমণ্ট মেকেনা কলেজৰ পৰা অৰ্থনীতি আৰু ফৰাচী বিষয়ত স্নাতক। লছ এঞ্জেলছৰ ফেশ্বন ইনষ্টিটিউট অৱ ডিজাইন এণ্ড মাৰ্চেণ্ডাইজিঙৰ পৰা ডিজাইনিঙৰ ডিপ্লমা লাভ কৰিছে। তাৰ পাছত তেওঁ ষ্টেনফৰ্ডত এম বি এ কৰে আৰু তাতেই তেওঁ ঋষি সুনক লগ পায়।

ব্ৰিটেইনত অক্ষতাৰ এটা পুৰুষৰ কাপোৰৰ ফেশ্বন লেবেল আছে। ২০১১ চনত তেওঁ প্ৰথম সাজ-পোছাক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। ডেলয়ট আৰু ইউনিলিভাৰতো তেওঁ চমুকৈ কাম কৰিছিল। ইনফ’ছিছতো তেওঁৰ শ্বেয়াৰ আছে। ছেপ্টেম্বৰৰ শেষৰ ফালে উপলব্ধ নথি অনুসৰি ইনফ’ছিছত অক্ষতাৰ ০.৯৩ শতাংশ অংশীদাৰিত্ব আছে। আজিৰ দিনটোৰ বজাৰ মূল্য অনুসৰি তেওঁৰ মালিকানাধীন শ্বেয়াৰৰ মূল্য ৫ হাজাৰ ৯৫৬ কোটি।

প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত ঋষি সুনকৰ নাম অহাৰ পাছৰে পৰা অক্ষতাই নিজৰ সম্পত্তি, আয়কৰ সন্দৰ্ভত তদন্তৰ আওতালৈ আহিছিল। যিসকল লোক ব্ৰিটেইনৰ বাহিৰত বাস কৰে, কিন্তু কৰ্মসূত্ৰে ব্ৰিটেইনত আছে, তেওঁলোকে সেই দেশৰ চৰকাৰক বিশেষ কৰ দিব লাগে। অক্ষতাৰ বিৰুদ্ধে বৰ্তমান কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছিল।

সুনক ব্ৰিটিছ নাগৰিক হোৱাৰ বিপৰীতে অক্ষতা ভাৰতীয় নাগৰিক। ব্ৰিটেইনৰ আইন অনুসৰি সেই দেশৰ বাহিৰত স্থায়ী ঘৰ থকা ব্ৰিটিছ বাসিন্দাসকলে তেওঁলোকৰ বিদেশী আয়ৰ ওপৰত ব্ৰিটেইন চৰকাৰক কোনো ধৰণৰ কৰ দিব নালাগে। গতিকে ভাৰতৰ পৰা অক্ষতাই যি উপাৰ্জন কৰে তাৰ ওপৰত ব্ৰিটিছ চৰকাৰে কোনো ধৰণৰ কৰ দিব নালাগে। এই নিয়ম আগন্তুক ১৫ বছৰলৈ বলবৎ থাকিব। সূত্ৰ অনুসৰি তেওঁ ভাৰতীয় নাগৰিক হোৱাৰ বাবে মুঠ ২ কোটি পাউণ্ড (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮৯ কোটি টকা) কৰ আদায় দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। ২০২২ চনত তেওঁ ইনফ’ছিছৰ শ্বেয়াৰৰ পৰা ১৫.৩ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১২৬ কোটি টকা) উপাৰ্জন কৰিছিল।

কৰ ফাঁকি সন্দৰ্ভত অক্ষতাৰ মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতীয় নাগৰিক হোৱাৰ বাবে অক্ষতাই ভাৰতীয় আয়ৰ ওপৰত কৰ দিব নালাগে। অৱশ্যে তেওঁ ব্ৰিটেইনৰ পৰা পোৱা আয়ৰ ওপৰত এলোকেচন টেক্স আদায় দিছিল। ভৱিষ্যতেও দিব বুলি জানিব দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক