--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'খিলাড়ী' কুমাৰ অক্ষয় কুমাৰে আগন্তুক ছবি ‘OMG 2’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি কৰা হৈছে য’ত অভিনেতাগৰাকীক একেবাৰে বেলেগ ৰূপত দেখা গৈছে।অক্ষয়ক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ প্ৰথম খণ্ডটো ইতিমধ্যে হিট হৈছিল, গতিকে এতিয়া ইয়াৰ দ্বিতীয় খণ্ডৰ বাবেও দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে অক্ষয় কুমাৰৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ ভগৱানক আগবঢ়োৱা গাখীৰ আৰু তেলক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অক্ষয় কুমাৰৰ এই ভিডিঅ’টো যথেষ্ট পুৰণি য’ত অভিনেতাজনে এবিপি মাঞ্জাক সাক্ষাৎকাৰ দিয়া দেখা গৈছে য’ত তেওঁ কৈছে ‘ভগৱানৰ ওপৰত ইমান গাখীৰ আৰু তেল কিয় অপচয় কৰা হৈছে৷ ক'ত লিখা আছে যে ভগৱানে গাখীৰ দিবলৈ কৈছিল আৰু হনুমানে তেল ঢালিবলৈ কৈছিল। ক'ত লিখা আছে যে ভগৱানে সন্মুখত নাৰিকল ভাঙিবলৈ কৈছিল, মই বুজি নাপাওঁ কিয় মানুহে ইমান অপচয় কৰিছে।'
OMG 2 ৰ টিজাৰ ওলোৱাৰ লগে লগে অক্ষয়ৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ৰাইজে অক্ষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 


উল্লেখ্য যে OMG 2 ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ক’বলৈ গ’লে, প্ৰথম খণ্ডৰ দৰে এই কাহিনীও ঈশ্বৰক বিশ্বাস কৰা আৰু বিশ্বাস নকৰাৰ কাহিনী, অৰ্থাৎ এজন আস্তিক আৰু নাস্তিকৰ মাজত। প্ৰথম খণ্ডত পৰেশ ৰাৱলক অক্ষয় কুমাৰৰ সৈতে দেখা পোৱাৰ বিপৰীতে দ্বিতীয় খণ্ডত দেখা যাব অক্ষয়ৰ বিপৰীতে পংকজ ত্ৰিপাঠীক।

তদুপৰি বহুতৰ মতে ছবিখনৰ টিজাৰটো যথেষ্ট শক্তিশালী হিচাপত দেখুওৱা হৈছে, এতিয়া ছবিখন কেনেকুৱা হয় সেয়া প্ৰমাণ  হ’ব মুক্তিৰ পাছত। বলীউডৰ ছবিৰ ক্ষেত্ৰত অক্ষয় কুমাৰৰ দিনবোৰ এতিয়া কিছুদিনৰ পৰা বৰ ভাল নহয়।এতিয়া লক্ষণীয় হ’ব যে OMG 2 য়ে তেওঁৰ হেৰোৱা গৌৰৱ ঘূৰাই দিব পাৰিবনে নোৱাৰে ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু