--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'খিলাড়ী' কুমাৰ অক্ষয় কুমাৰে আগন্তুক ছবি ‘OMG 2’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ ছবিখনৰ প্ৰথমটো টিজাৰ মুকলি কৰা হৈছে য’ত অভিনেতাগৰাকীক একেবাৰে বেলেগ ৰূপত দেখা গৈছে।অক্ষয়ক ছবিখনত ভগৱান শিৱৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ প্ৰথম খণ্ডটো ইতিমধ্যে হিট হৈছিল, গতিকে এতিয়া ইয়াৰ দ্বিতীয় খণ্ডৰ বাবেও দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে অক্ষয় কুমাৰৰ এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ ভগৱানক আগবঢ়োৱা গাখীৰ আৰু তেলক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

অক্ষয় কুমাৰৰ এই ভিডিঅ’টো যথেষ্ট পুৰণি য’ত অভিনেতাজনে এবিপি মাঞ্জাক সাক্ষাৎকাৰ দিয়া দেখা গৈছে য’ত তেওঁ কৈছে ‘ভগৱানৰ ওপৰত ইমান গাখীৰ আৰু তেল কিয় অপচয় কৰা হৈছে৷ ক'ত লিখা আছে যে ভগৱানে গাখীৰ দিবলৈ কৈছিল আৰু হনুমানে তেল ঢালিবলৈ কৈছিল। ক'ত লিখা আছে যে ভগৱানে সন্মুখত নাৰিকল ভাঙিবলৈ কৈছিল, মই বুজি নাপাওঁ কিয় মানুহে ইমান অপচয় কৰিছে।'
OMG 2 ৰ টিজাৰ ওলোৱাৰ লগে লগে অক্ষয়ৰ এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু ৰাইজে অক্ষয়ৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। 


উল্লেখ্য যে OMG 2 ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ক’বলৈ গ’লে, প্ৰথম খণ্ডৰ দৰে এই কাহিনীও ঈশ্বৰক বিশ্বাস কৰা আৰু বিশ্বাস নকৰাৰ কাহিনী, অৰ্থাৎ এজন আস্তিক আৰু নাস্তিকৰ মাজত। প্ৰথম খণ্ডত পৰেশ ৰাৱলক অক্ষয় কুমাৰৰ সৈতে দেখা পোৱাৰ বিপৰীতে দ্বিতীয় খণ্ডত দেখা যাব অক্ষয়ৰ বিপৰীতে পংকজ ত্ৰিপাঠীক।

তদুপৰি বহুতৰ মতে ছবিখনৰ টিজাৰটো যথেষ্ট শক্তিশালী হিচাপত দেখুওৱা হৈছে, এতিয়া ছবিখন কেনেকুৱা হয় সেয়া প্ৰমাণ  হ’ব মুক্তিৰ পাছত। বলীউডৰ ছবিৰ ক্ষেত্ৰত অক্ষয় কুমাৰৰ দিনবোৰ এতিয়া কিছুদিনৰ পৰা বৰ ভাল নহয়।এতিয়া লক্ষণীয় হ’ব যে OMG 2 য়ে তেওঁৰ হেৰোৱা গৌৰৱ ঘূৰাই দিব পাৰিবনে নোৱাৰে ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক