--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্নজনৰ চোকা সমালোচনাৰ মাজতো  জিলিকি উঠিছে প্ৰতিভাৱান ৰিয়ান পৰাগ৷ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰায়ে সমালোচনাৰ পাত্ৰ হৈ পৰা ৰিয়ানৰ পৰাগৰ নাম এতিয়া দেশজুৰি বিয়পি পৰিছে৷ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰা ৰিয়ান পৰাগে বৰ্তমান ঘৰুৱা ক্ৰিকেটত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে৷


ঘৰুৱা ক্ৰিকেট বিশেষকৈ ছৈয়দ মুস্তাক আলী ট্ৰফী,বিজয় হাজাৰে ট্ৰফী আৰু ৰঞ্জী ট্ৰফীৰ দৰে টুৰ্নামেণ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৰিয়ানে ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰিছিল;এক কথাত ৰিয়ান পৰাগৰ অধিনায়কত্বত অসমৰ ক্ৰিকেট দলটি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছিল৷সেয়েহে বৰ্তমান সদ্যঘোষিত BCCIৰ লালা অমৰনাথ বঁটা লাভ কৰিছে ৰিয়ানে৷সীমিত অভাৰৰ টুৰ্নামেণ্টত শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰৰ শিতানত ৰিয়ানে এই বঁটা লাভ কৰিছে৷ৰিয়ানক  এই বঁটা প্ৰদান কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই৷ৰিয়ানৰ এই কৃতিত্বত এতিয়া অভিভাৱক,অসমবাসী তথা ক্ৰিকেটপ্ৰেমী নিশ্চিতভাৱে সুখী হৈ পৰা দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক