--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্নজনৰ চোকা সমালোচনাৰ মাজতো  জিলিকি উঠিছে প্ৰতিভাৱান ৰিয়ান পৰাগ৷ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰায়ে সমালোচনাৰ পাত্ৰ হৈ পৰা ৰিয়ানৰ পৰাগৰ নাম এতিয়া দেশজুৰি বিয়পি পৰিছে৷ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত অংশগ্ৰহণ কৰা ৰিয়ান পৰাগে বৰ্তমান ঘৰুৱা ক্ৰিকেটত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে৷


ঘৰুৱা ক্ৰিকেট বিশেষকৈ ছৈয়দ মুস্তাক আলী ট্ৰফী,বিজয় হাজাৰে ট্ৰফী আৰু ৰঞ্জী ট্ৰফীৰ দৰে টুৰ্নামেণ্টত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ৰিয়ানে ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰিছিল;এক কথাত ৰিয়ান পৰাগৰ অধিনায়কত্বত অসমৰ ক্ৰিকেট দলটি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছিল৷সেয়েহে বৰ্তমান সদ্যঘোষিত BCCIৰ লালা অমৰনাথ বঁটা লাভ কৰিছে ৰিয়ানে৷সীমিত অভাৰৰ টুৰ্নামেণ্টত শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰৰ শিতানত ৰিয়ানে এই বঁটা লাভ কৰিছে৷ৰিয়ানক  এই বঁটা প্ৰদান কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই৷ৰিয়ানৰ এই কৃতিত্বত এতিয়া অভিভাৱক,অসমবাসী তথা ক্ৰিকেটপ্ৰেমী নিশ্চিতভাৱে সুখী হৈ পৰা দেখিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু